প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তি আৰু নাই...

দিল্লীৰ এপল' হাস্পতালত ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ
প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তি আৰু নাই...
প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তি আৰু নাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশৰ প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী ড০ য়ামিনী কৃষ্ণমূৰ্তি আৰু নাই। আজি তেওঁ ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত দিল্লীৰ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

কৃষ্ণমূৰ্তিৰ মেনেজাৰ আৰু ছেক্ৰেটেৰীগৰাকীয়ে তেওঁৰ মৃত্যুৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, নৃত্য শিল্পীগৰাকী বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ৭ মাহ ধৰি আই চি ইউত ভৰ্তি হৈ আছিল।

৪ আগষ্ট দেওবাৰে প্ৰসিদ্ধ নৃত্য শিল্পীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ 'য়ামিনী স্কুল অফ ডান্স'লৈ পুৱা ৯ বজাত লৈ যোৱা হ'ব। অৱশ্যে তেওঁৰ শেষ কৃত্য ক'ত সম্পন্ন কৰা হ'ব সেয়া এতিয়ালৈকে চূড়ান্ত কৰা হোৱা নাই।

নৃত্য শিল্পীগৰাকীৰ মৃত্যুত সংগীত নাটক একাডেমীয়ে শোক প্ৰকাশ কৰি তেওঁলোকৰ সামাজিক মাধ্যমত লিখিছে-  সংগীত নাটক একাডেমী আৰু ইয়াৰ সহযোগী সংস্থাসমূহে আজি মৃত্যুবৰণ কৰা সংগীত নাটক একাডেমী ফেলো, এগৰাকী আগশাৰীৰ ভাৰতনাট্যম প্ৰবক্তা য়ামিনী কৃষ্ণমূৰ্তি আৰু পদ্মবিভূষণ বঁটা প্ৰাপকগৰাকীৰ দুখজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শোকসন্তপ্ত লোকসকলৰ প্ৰতি আন্তৰিক সমবেদনা আৰু তেওঁলোকক এই অপূৰণীয় ক্ষতি বহন কৰিবলৈ পৰ্যাপ্ত শক্তি প্ৰদান কৰবলৈ সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰিছে।    

উল্লেখ্য যে, ১৯৪০ চনৰ ২০ ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰয়াত ভাৰত নাট্যম শিল্পীগৰাকীয়ে ১৯৭৭ চনতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তাৰোপৰি তেওঁ আটাইকেইটা পদ্ম সন্মান লাভ কৰিছে।১৯৬৮ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ পিছত ২০০১ চনত পদ্ম ভূষণ আৰু ২০১৬ চনত পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰিছে।

প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তি আৰু নাই...
কামৰূপত ডিজিটেল শস্য জৰীপৰ এদিনীয়া প্ৰশিক্ষণ সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in