মাৰ্চ মাহত EPFO-ত ১৪.৬ লাখ নতুন সদস্য অন্তৰ্ভুক্তি...

চাকৰিৰ লগত জড়িত কৰ্মচাৰীৰ অৱসৰী পেঞ্চন সঞ্চয় ব্যৱস্থাপক সংস্থা এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনত মাৰ্চ মাহত নতুনকৈ ১৪.৬ লাখ সদস্যৰ সংযোজনৰ কথা অৱগত কৰিছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
মাৰ্চ মাহত EPFO-ত ১৪.৬ লাখ নতুন সদস্য অন্তৰ্ভুক্তি...

ডিজিটেল ডেস্কঃ চাকৰিৰ লগত জড়িত কৰ্মচাৰীৰ অৱসৰী পেঞ্চন সঞ্চয় ব্যৱস্থাপক সংস্থা এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন চমুকৈ EPFO-ই মাৰ্চ মাহত নতুনকৈ ১৪.৬ লাখ সদস্যৰ সংযোজনৰ কথা অৱগত কৰিছে। ইয়াৰ ভিতৰত আধাতকৈ বেছি, প্ৰায় ৭.৫৪ লাখ সদস্যই প্ৰথমবাৰৰ বাবে নামভৰ্তি কৰা ব্যক্তি।

Advertisment

২০২৪ চনৰ মাৰ্চ মাহৰ তুলনাত এই বৃদ্ধিৰ হাৰ ১.১৫ শতাংশ হৈছে, যিয়ে চাকৰি লাভৰ সুযোগ আৰু কৰ্মচাৰীৰ অধিকাৰ সম্পৰ্কে সজাগতা বাঢ়ি অহাৰ পৰিচয় বহন কৰিছে। নতুন সদস্যৰ ভিতৰত ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ উল্লেখযোগ্য।

১৮ ৰ পৰা ২৫ বছৰ বয়সৰ ৪.৪৫ লাখ সদস্য নতুনকৈ EPFO ত যোগ হৈছে। যি নতুন নামভৰ্তিৰ ৫৮.৯৪ শতাংশ গঠন কৰে।

আনহাতে, পূৰ্বে EPFO-ৰ সদস্য হৈ থকাৰ পিছত পুনৰ নামভৰ্তি কৰা সদস্যৰ সংখ্যাও ১৩.২ লাখৰ সমান হৈছে। যি ফেব্ৰুৱাৰী মাহৰ পৰা ০.৩৯ শতাংশ আৰু বছৰত ১২.১৭ শতাংশ বৃদ্ধি পাইছে। ই দেখুৱায় যে বহু সদস্যে নিজৰ অৱসৰী পেঞ্চনৰ সঞ্চয় আঁতৰাই লোৱাতকৈ নতুন চকৰিত EPFO সংযুক্ত প্ৰতিষ্ঠানবোৰলৈ স্থানান্তৰ কৰি নিজৰ ভবিষ্যত সুৰক্ষিত কৰিছে।

মাৰ্চ মাহত ২.০৮ লাখ নতুন মহিলা সদস্য নামভৰ্তি কৰিছে, যি বছৰত ৪.১৮ শতাংশ বৃদ্ধি। আঞ্চলিকভাৱে মহাৰাষ্ট্ৰই ২০.২৪ শতাংশৰে শীৰ্ষস্থানত আছে। অন্যান্য ৰাজ্য যেনে তামিলনাড়ু, কৰ্ণাটক, হৰিয়ানা, গুজৰাট, দিল্লী, উত্তৰপ্ৰদেশ আৰু তেলেংগানাই ৫ শতাংশৰো অধিক অৱদান আগবঢ়াইছে।

চলিত চাকৰি খণ্ডৰ ভিতৰত, ৰেষ্টুৰেন্ট, ছিমেণ্ট, বিমা, হোটেল, আৰু সুৰক্ষা সেৱা আদি শ্ৰেণীত সবাতোকৈ বেছি নিযুক্তি হোৱা দেখা গৈছে।

 

EPFO