কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰঃ দুই সন্ত্ৰাসবাদী নিহত...

জম্মু কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান। আজি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত হোৱা এনকাউণ্টাৰত দুই সন্ত্ৰাসবাদী নিহত হৈছে।

author-image
Tushar Pratim
New Update
কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰঃ দুই সন্ত্ৰাসবাদী নিহত...

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান। আজি কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তো পুনৰ এনকাউণ্টাৰৰ খবৰ আহিছে। এই এনকাউণ্টাৰত নিহত হৈছে দুই সন্ত্ৰাসবাদী।

Advertisment

জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা জম্মু কাশ্মীৰৰ কিষ্টৱাৰা জিলাৰ চিংপোৰা অঞ্চলত সন্ত্ৰাসবাদীৰো সুৰক্ষা বাহিনীৰ সংঘৰ্ষ হয়। প্ৰাৰম্ভিক খবৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে তিনিৰ পৰা চাৰিটাকৈ সন্ত্ৰাসবাদীৰ এটা দলে সেই অঞ্চলত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল। 

সেই তথ্যৰ আধাৰতে নিৰাপত্তাবাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি অভিযান আৰম্ভ কৰে। তাৰ কিছু পিছতে দুয়ো পক্ষৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। সন্ত্ৰাসবাদীয়ে চলোৱা গুলীৰ প্ৰত্যুত্তৰ নিৰাপত্তাবাহিনীয়েও গুলীৰে দিয়ে। 

এই সংঘৰ্ষত এই পৰ্যন্ত দুই সন্ত্ৰাসবাদী নিধন হোৱাৰ খবৰ পোৱা গৈছে। এতিয়াও অব্যাহত আছে অভিযান। উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে। 

উগ্ৰপন্থীৰ সম্ভাৱ্য গতিবিধিৰ তথ্য লাভ কৰি দক্ষিণ কাশ্মীৰত ধাৰাবাহিকভাৱে তালাচী চলোৱা হৈছে। ১৩ মে’ৰ পৰা ১৫ মে’ৰ ভিতৰত পুলৱামাৰ শ্ব’পিয়ান আৰু ট্ৰাল অঞ্চলত দুটা পৃথক অভিযানত মুঠ ছয় উগ্ৰপন্থী নিহত হয়।

পেহেলগাম কাণ্ডৰ পিছত জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত উগ্ৰপন্থীৰ সন্ধান বিচাৰি তালাচী অভিযান আৰম্ভ কৰা হৈছে। অৱশ্যে এতিয়াও পেহেলগাম হত্যাকাণ্ডৰ লগত জড়িত কোনো উগ্ৰপন্থী ধৰা পৰা নাই। 

ইফালে ৭ মে’ত ভাৰতীয় সেনাই আৰম্ভ কৰিছিল ‘অপাৰেচন সিন্দূৰ’।সেই সামৰিক অভিযানত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তানৰ দখলত তথা কাশ্মীৰ মুঠ ৯টা স্থানক চিনাক্ত কৰি তাত থকা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছে। একে সময়তে পেহেলগাম কাণ্ডৰ লগত জড়িত উগ্ৰপন্থীৰ সন্ধানো অব্যাহত আছে।

এনকাউণ্টাৰ জম্মু-কাশ্মীৰ