ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱাৰ বাবে কিমান টকা ব্যয় কৰিব লাগিব লাগিব আপুনি?

বিশ্বৰ প্ৰায় ১০০ খনৰো অধিক দেশত ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰা ষ্টাৰলিংকক ইয়াৰ সুবিধা উপভোগৰ বাবে উপভোক্তাই ঠাই ভেদে পৃথক পৃথক মূল্য আদায় দিব লাগে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱাৰ বাবে কিমান টকা ব্যয় কৰিব লাগিব লাগিব আপুনি?

ডিজিটেল ডেস্কঃ ইলন মাস্কৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা ষ্টাৰলিংকে ভাৰত চৰকাৰৰ ক্লিয়াৰেন্স লাভ কৰিছে। দীৰ্ঘসময় ধৰি ভাৰতত ষ্টাৰলিংকৰ ইণ্টাৰনেটৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে অনুজ্ঞাপত্ৰ লাভৰ বাবে চেষ্টা চলাই আছিল। এই চেষ্টাৰ অন্তত ইলন মাস্কৰ প্ৰতিষ্ঠানে এই সুযোগ লাভ কৰিছে।

Advertisment

অৱশ্যে এতিয়াও ভাৰতত ষ্টাৰ লিংকে ইণ্টাৰনেট ব্যৱসায় আৰম্ভ কৰা নাই।জানিব পৰা মতে খুব সোনকালেই ভাৰতত আৰম্ভ হব ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা। বৰ্তমান বিশ্বৰ প্ৰায় ১০০ খনতকৈ অধিক দেশত ইলন মাস্কৰ এই প্ৰতিষ্ঠানে ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰি আছে। 


২০২২ ৰ পৰা ভাৰতত ব্যৱসায়ৰ বাবে চেষ্টা চলাই আছে ষ্টাৰলিংকে

ষ্টাৰলিংকে ২০২২ চনৰ পৰা ভাৰতত ব্যৱসায়ৰ বাবে অনুজ্ঞাপত্ৰৰ লাভ কৰিবলৈ অপেক্ষা কৰি আছিল। অৱশেষত ২০২৫ ত ষ্টাৰলিংকে এই অনুজ্ঞাপত্ৰ লাভ কৰিছে। 

ভাৰতৰ টেলিকম মন্ত্ৰালয়ে ইলন মাস্কৰ কোম্পানীক ভাৰতত ব্যৱসায় কৰিবলৈ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। ইয়াৰ ফলত ভাৰতত অনুজ্ঞাপত্ৰ লাভ কৰা তৃতীয়টো চেটেলাইট ইণ্টাৰনেট প্ৰদানকাৰী হিচাপে পৰিগণিত হৈছে ষ্টাৰলিংক। 

ইয়াৰ পূৰ্বে কেৱল ইউটেলছেট ৱানৱেব আৰু জিঅ’ই এই ক্লিয়াৰেন্স লাভ কৰিছিল। আমাজনৰ কুপাৰে এতিয়াও অনুজ্ঞাপত্ৰৰ বাবে অপেক্ষা কৰি আছে। 


কিমান ব্যয় কৰিব লাগিব ষ্টাৰ লিংকৰ ইণ্টাৰনেট ব্যৱহাৰৰ বাবে?


বিশ্বৰ প্ৰায় ১০০ খনৰো অধিক দেশত ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰা ষ্টাৰলিংকক ইয়াৰ সুবিধা উপভোগৰ বাবে উপভোক্তাই ঠাই ভেদে পৃথক পৃথক মূল্য আদায় দিব লাগে। 

জানিব পৰা মতে প্ৰথম অৱস্থাত এই ইণ্টাৰনেটৰ গতি প্ৰতি ছেকেণ্ডত ৬০০ৰ পৰা ৭০০ গিগাবাইট (GB) হ’ব। ষ্টাৰলিংকে মূলতঃ দুবিধ ইণ্টাৰনেট সেৱা আগবঢ়ায়- ৰোমিং প্লেন আৰু আৱাসিক প্লেন। 

ঘৰুৱা ইণ্টাৰনেট ব্যৱহাৰৰ বাবে আৱাসিক প্লেন। ষ্টাৰলিংকৰ এই সেৱা বৰ্তমান জাম্বিয়াত আটাইতকৈ কম খৰচী আৰু আমেৰিকাত আটাইতকৈ ব্যয়বহুল।

ষ্টাৰলিংক এছিয়াৰ জাপান, মংগোলিয়া, ফিলিপাইনছ, মালয়েছিয়া, ইণ্ডোনেছিয়া, জৰ্ডান, য়েমেন, আজাৰবাইজান আদি দেশত সক্ৰিয় হৈ আছে। এই ইণ্টাৰনেট ভাৰতৰ চুবুৰীয়া দেশ ভূটান আৰু বাংলাদেশতো উপলব্ধ।

দুয়োখন দেশতে ষ্টাৰলিংকৰ ব্যৱহাৰকাৰীয়ে আৱাসিক প্লেনৰ বাবে প্ৰতিমাহে ৩০০০ৰ পৰা ৪২০০ টকা ব্যয় কৰিব লাগে। ইয়াৰ উপৰিও মালয়েছিয়াত ২৬০০ ৰ পৰা ৪৬০০ টকা, জাপানত ৪০০০ টকা আৰু ফিলিপাইনছত ৬০০০ টকা ব্যয় কৰিব লাগে ব্যৱহাৰকাৰীয়ে।

বলিভিয়া আৰু ভেনিজুৱেলাৰ বাহিৰে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ প্ৰায় প্ৰতিখন দেশতে ষ্টাৰলিংক সক্ৰিয়। নিউয়ৰ্কত ইয়াৰ ব্যৱহাৰৰ বাবে মাহিলী ব্যয় কৰিব লাগে ২৫০০ৰ পৰা ৪০০০ টকা, কানাডাত আকৌ ব্যয় কৰিব লাগে ৬৮০০ৰ পৰা ৯০০০ টকা। 

ইউক্ৰেইন, বছনিয়া, ছাৰ্বিয়াৰ দৰে কিছুমান দেশৰ বাহিৰে ইউৰোপৰ দেশসমূহতো ষ্টাৰলিংক উপলব্ধ। ষ্টাৰলিংক ইন্টাৰনেটৰ মূল্য ব্ৰিটেইনত ৮৭০০ টকা, ইটালীত ৩৪০০ৰ পৰা ৫০০০ টকা। 

অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু আফ্ৰিকাৰ কিছুমান দেশতো ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা উপলব্ধ। ভাৰতৰ ষ্টাৰলিংকৰ প্ৰাক্তন সঞ্চালক সঞ্জয় ভাৰ্গৱে ২০২২ চনতে প্ৰকাশ কৰা অনুসৰি ভাৰতত যদি এই সেৱা আৰম্ভ কৰা হয় তেন্তে ব্যৱহাৰকাৰৰ এই ইণ্টাৰনেট সংযোগৰ বাবে প্ৰথম বছৰত ১.৫৮ লাখ টকা ব্যয় কৰিব লাগিব। ইয়াৰ পিছত এই ব্যয় অৱশ্যে ১.১৫ লাখ টকালৈ হ্ৰাস পাব। 

 

ইণ্টাৰনেট সেৱা ইলন মাস্ক