নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত পশ্চিমবংগৰ ডিজিপিক অপসাৰণ...

নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত পশ্চিমবংগৰ ডিজিপিক অপসাৰণ...

ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছতে সোমবাৰে পশ্চিম বংগৰ আৰক্ষী সঞ্চালক প্ৰধানক অপসাৰণৰ নিৰ্দেশ দিয়ে ভাৰতৰ নিৰ্বাচন আয়োগে। পশ্চিম বংগৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰক অপসাৰণ নিৰ্বাচল আয়োগৰ।

ইয়াৰোপৰি ৬খন ৰাজ্যৰ গৃহ সচিবকে ধৰি কেইবাখনো ৰাজ্যৰ শীৰ্ষ বিষয়াক অপসাৰণৰ নিৰ্দেশ দিয়ে। ৬খন ৰাজ্য ক্ৰমে গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, আৰু উত্তৰাখণ্ডৰ গৃহ সচিবক অপসাৰণৰ কৰা হৈছে। ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দায়িত্বত আছিল গৃহ সচিব কেইগৰাকী। স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত পশ্চিমবংগৰ ডিজিপিক অপসাৰণ...
১২০ ঘন্টাত লক্ষ্য ১২৯ খন আসনঃ মোডীৰ দক্ষিণ বিজয় অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in