প্ৰসংগ সমষ্টি পুননিৰ্ধাৰণ!

অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ, লক্ষ্য সমষ্টি পুননিৰ্ধাৰণ!

author-image
Asomiya Pratidin
New Update
প্ৰসংগ সমষ্টি পুননিৰ্ধাৰণ!

ডিজিটেল ডেস্ক: অসমৰ শেহতীয়া চৰ্চা সমূহত থকা এটা বিষয় হ'ল সমষ্টি পুননিৰ্ধাৰণ। বহু কেইটা সমষ্টি কৰ্তনৰ খবৰে ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছিল। কোন কেইটা সমষ্টি থাকিব, কোন কেইটা সমষ্টি কৰ্তন যাব সেইয়া লৈ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে।

Advertisment

এই চৰ্চাৰ মাজতে খবৰ আহিছে অসমলৈ আহিব দেশৰ নিৰ্বাচনী আয়োগ। লক্ষ্য সমষ্টি পুননিৰ্ধাৰণ। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীব কুমাৰ, নিৰ্বাচনী আয়ুক্ত ক্ৰমে অনুপ চন্দ্ৰ পাতে আৰু অৰুণ গোৱাল আহিব অসমলৈ। তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলৈ সাজু হৈছে তিনিও। ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চ পৰ্যন্ত তিনিও অসমত থকাৰ কথা।

উল্লেখ্য যে, দলটিয়ে তৃণমূল পৰ্যায়ৰ পৰিৱেশ পৰিস্থিৰ বিষয়ে অধ্যয়ন কৰিব। সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগে সাধাৰণ ৰাইজ আৰু দল-সংগঠনৰো মতামত ল'ব। তদুপৰি ৰাজনৈতিক দলবোৰৰ সৈতেও বৈঠকত বহিব নিৰ্বাচনী আয়োগে।

Also Read: ডিমাপুৰত এন এছ চি এন-কে যুদ্ধবিৰতি কাৰ্যালয়ত গুলীচালনা!

election commission of india