২৪ ঘণ্টা নহওতেই পুনৰ সলনি হ'ল বংগৰ আৰক্ষী সঞ্চালক প্ৰধান...

মঙ্গলবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত নিযুক্তি দিবলৈ নিৰ্দেশ

author-image
Asomiya Pratidin
New Update
২৪ ঘণ্টা নহওতেই পুনৰ সলনি হ'ল বংগৰ আৰক্ষী সঞ্চালক প্ৰধান...

২৪ ঘণ্টা নহওতেই পুনৰ সলনি হ'ল বংগৰ আৰক্ষী সঞ্চালক প্ৰধান...

ডিজিটেল ডেস্কঃ ২৪ ঘণ্টা নহওঁতেই পুনৰ সলনি হ'ল পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধান। সোমবাৰে নিৰ্বাচন আয়োগে এক এক নিৰ্দেশনাৰ জৰিয়তে পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰক আঁতৰাই বিবেক সাহায়ক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰিছিল।

Advertisment

কিন্তু মঙ্গলবাৰে পুনৰ বিবেক সাহায়ক আঁতৰাই সঞ্জয় মুখপাধ্যায়ক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰিছে। জানিব পৰা মতে বিবেক সাহায়ক অভিজ্ঞতাৰ ভিত্তিত এই পদত নিযুক্তি প্ৰদান কৰা হৈছিল। কিন্তু অহা মে' মাহতে তেওঁ অৱসৰ গ্ৰহণ কৰিব। অথচ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগণনা হ'ব ৪ জুনত। যাৰ বাবে তেওঁক এই পদৰ পৰা তাৎক্ষণিকভাৱে আঁতৰাই সঞ্জয় মুখপাধ্যায়ক নিযুক্তি প্ৰদান কৰিছে।

উল্লেখ্য যে, ৰাজীৱ কুমাৰক আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা অব্যাহতি দি তেওঁৰ স্থানত নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ৩ জন আৰক্ষী বিষয়াৰ নাম বিচাৰিছিল নিৰ্বাচন আয়োগে। সেই অনুসৰি ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছিল তিনিজন শীৰ্ষ আই পি এছ বিষয়া বিবেক সাহায়, সঞ্জয় মুখপাধ্যায় আৰু ৰাজেশ কুমাৰৰ নাম। সেই তিনি নামৰ মাজৰ পৰাই বিবেক সাহায়ক নিৰ্বাচন আয়োগে নিযুক্তি প্ৰদান কৰিছে।

এই সন্দৰ্ভত বংগৰ মুখ্যসচিব বি পি গোপালিকক এক পত্ৰ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে। সেই পত্ৰৰ জৰিয়তে অৱগত কৰা হৈছে যে, ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান পদত সঞ্জয় মুখপাধ্যায়ক নিযুক্তি প্ৰদান কৰা হৈছে। মঙ্গলবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁক আনুষ্ঠানিকভাৱে এই পদত নিযুক্তি প্ৰদান কৰিব লাগিব ৰাজ্য চৰকাৰে।

নিৰ্বাচন আয়োগৰ পৰা প্ৰেৰণ কৰা উক্ত পত্ৰত মুখ্য সচিব গোপালিকক পুনৰ জনোৱা হৈছে যে, আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ পৰা শীঘ্ৰে ৰাজীৱ কুমাৰক আঁতৰাব লাগে আৰু নিৰ্বাচনৰ কোনো কামতে তেওঁক দায়িত্ব দিব নালাগে। সঞ্জয় মুখপাধ্যায়ে দায়িত্ব গ্ৰহণ নকৰালৈকে আৰক্ষী প্ৰশাসনৰ সকলো দায়িত্ব সঞ্চালক প্ৰধানৰ ঠিক তলৰ বিষয়াগৰাকীয়ে তেওঁৰ দায়িত্ব পালন কৰিব।

উল্লেখ্য, বংগৰ আৰক্ষী সঞ্চালক প্ৰধানৰ উপৰিও নিৰ্বাচন আয়োগে গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডৰ গৃহ সচিবকো দায়িত্বৰ পৰা অব্যাহতি দিছে নিৰ্বাচন আয়োগে। সেইদৰে মিজোৰাম আৰু হিমাচল প্ৰদেশৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ সচিবকো অব্যাহতি দিছে দায়িত্বৰ পৰা।

Also Read: টিকট নিদিলে NDA: কেন্দ্ৰীয় মন্ত্ৰী পশুপতি পৰাছৰ পদত্যাগ

লোকসভা নিৰ্বাচন নিৰ্বাচন আয়োগ