তালিকাৰ পৰা আতৰিল আন ৮৬টা ৰাজনৈতিক সংগঠন...

"নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় আছিল এই পদক্ষেপ"

author-image
Asomiya Pratidin
New Update
তালিকাৰ পৰা আতৰিল আন ৮৬টা ৰাজনৈতিক সংগঠন...

ডিজিটেল ডেস্ক : দেশৰ নিৰ্বাচনী আয়োগে মঙলবাৰে নিৰ্বাচনী তালিকাৰ পৰা আতৰালে আন ৮৬ টা অস্তিত্বহীন অথচ পঞ্জীয়নভুক্ত ৰাজনৈতিক সংগঠনক । ভোটগ্ৰহণ সংস্থাৰ অভিযোগ অনুসৰি এক তদন্তৰ পাছত এই সিদ্ধান্ত লয় নিৰ্বাচনী আয়োগে ।

Advertisment

এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে দিয়া মন্তব্য অনুসৰি, দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা ৰূপে আয়োজন কৰিবলৈ এই পদক্ষেপ অতিকৈ প্ৰয়োজনীয় আছিল । ইয়াৰ উপৰিও আয়োগে আন ২৫৩টা ৰাজনৈতিক সংগঠনক নিষ্ক্ৰিয় ঘোষণা কৰে । এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেই ।

ইয়াৰ সৈতেই ২০২২ চনৰ মে' মাহৰ পৰা পঞ্জীয়নভুক্ত কিন্তু আসোৱাহ পূৰ্ণ অচিনাক্ত ৰাজনৈতিক দলৰ বিৰুদ্ধে লোৱা সিদ্ধান্তৰ সংখ্যা হয় গৈ ৫৩৭ ।

উল্লেখ্য যে, এই সংগঠন সমূহৰ গৰিষ্ঠ সংখ্যকেই বিহাৰ, দিল্লী, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ ।

election commission india