ডিজিটে ডেস্কঃ আজি ঘোষণা হল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন। অহা ৫ ফেব্ৰুৱাৰী, বুধবাৰে অনুষ্ঠিত হব দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ৭০ খন আসনৰ দিল্লী বিধানসভাৰ নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হ’ব। ইয়াৰ ফলাফল ঘোষণা হ’ব ৮ ফেব্ৰুৱাৰীত।
নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লে লগে মঙলবাৰৰ পৰা দিল্লীত আদৰ্শ আচৰণ বিধি কাৰ্যকৰী হৈছে। আজি দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰে যে বিধানসভা নিৰ্বাচনৰ অধিসূচনা ১০ জানুৱাৰীত ঘোষণা কৰা হ'ব।
তেওঁ উল্লেখ কৰা অনুসৰি মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৭ জানুৱাৰী। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২০ জানুৱাৰী। দিল্লীত বিধানসভা নিৰ্বাচন সাধাৰণতে এটা পৰ্যায়ত অনুষ্ঠিত হয়। পাঁচ বছৰ পূৰ্বে ২০২০ ৰ বিধানসভা নিৰ্বাচন এটা পৰ্যায়তে ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল।
নতুন ভোটাৰ তালিকা অনুসৰি, দিল্লীত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৫৫,২৪,৮৫৮গৰাকী। এইসকল ভোটাৰে মুঠ ১৩,০৩৩ টা বুথত ভোটপ্ৰদান কৰিব। মন কৰিবলগীয়া যে, দিল্লী বিধানসভা নিৰ্বাচনত এইবাৰ তিনিকোণীয়া যুঁজ পৰিলক্ষিত হ’ব। আপ, বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ’ব এই যুঁজ।
যোৱা বিধানসভা নিৰ্বাচনত আপে ৬২ খন আসন লাভ কৰিছিল। বিজেপিয়ে মাত্ৰ ৮ খন আসন হে জয় কৰিছিল। সেইবাৰ কংগ্ৰেছে এখনো আসন লাভ নকৰিলে। অৱশ্যে, কংগ্ৰেছে ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ দিল্লী বিধানসভা নিৰ্বাচনত ধাৰাবাহিকভাৱে জয়ী হৈ আহিছিল।
২০১৩ ৰ পৰা দিল্লীৰ ক্ষমতা আছে আপৰ হাতত। এইবাৰ অৱশ্যে আপৰ বাবে যুঁজখন কিছু কঠিন হ’ব বুলি ধাৰণা কৰা হৈছে। যোৱা সময়ছোৱাত আপ চৰকাৰ সন্মুখীন হোৱা পৰিস্থিতিয়েই দলটোৰ ভাৱমূৰ্তি বহু নষ্ট কৰিলে।
এইবাৰ কংগ্ৰেছেও দিল্লীত পুনৰুত্থানৰ বাবে চেষ্টা কৰিব। আনহাতে বিজেপিও অতি আক্ৰমণাত্মকভাৱে নিৰ্বাচনী প্ৰচাৰত জপিয়াই পৰিছে। বিজেপিয়ে কেজৰিৱালৰ বাসগৃহ নিৰ্মাণকে ধৰি বহু অনিয়মৰ অভিযোগ উত্থাপনেৰে প্ৰচাৰত নামি পৰিছে।