মুখ্যমন্ত্ৰী কেন্দ্ৰীক বিতৰ্কৰ মাজতে একনাথ সিন্দেক হাস্পতালত ভৰ্তি

অসুস্থ মহাৰাষ্ট্ৰৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দে। অসুস্থ নেতাগৰাকীক আজি পুৱা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। শিৱসেনাৰ নেতাগৰাকী যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল। 

author-image
Tushar Pratim
New Update
অসুস্থ একনাথ সিন্দেক হাস্পতালত ভৰ্তিঃ আঁতৰা নাই মুখ্যমন্ত্ৰীত্বৰ বিবাদ

ডিজিটেল ডেস্কঃ অসুস্থ মহাৰাষ্ট্ৰৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দে। অসুস্থ নেতাগৰাকীক আজি পুৱা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। শিৱসেনাৰ নেতাগৰাকী যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল। 

Advertisment

অৱশ্যে তেওঁৰ শৰীৰলৈ কোনো জটিলতাও অহা নাছিল। কিন্তু তেওঁৰ শৰীৰৰ কোনো উন্নতি নোহোৱাত আজি হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতাল কৰ্তৃপক্ষৰ সূত্ৰত প্ৰকাশিত খবৰ মতে চিকিৎসকে সিন্দেক পৰ্যবেক্ষণত ৰাখিছে।

প্ৰাথমিকভাৱে জানিবলৈ পৰা মতে যোৱা সপ্তাহৰ পৰাই জ্বৰত আক্ৰান্ত হৈ আছিল একনাথ সিন্দে। শিৱসেনাৰ সূত্ৰত প্ৰকাশিত খবৰ মতে সিন্দেৰ শাৰীৰিক অৱস্থা উদ্বেগজনক নহয়। 
নিয়মীয়া পৰীক্ষাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আনহাতে হাস্পতালৰ বাহিৰত সিন্দেয়ে সাংবাদিকৰ আগত কয়, মোৰ শৰীৰ ঠিকে আছে।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকেন্দ্ৰীক বিতৰ্কৰ মাজতেই শুকুৰবাৰে একনাথ সিন্দেয়ে দিল্লীৰ পৰা বাহিৰে বাহিৰে জন্মগাঁৱলৈ গৈছিল।

ৰাজনতৈকি মহলত চলা চৰ্চা অনুসৰি বৃহস্পতিবাৰে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত মহাৰাষ্ট্ৰৰ বিদায়ী মুখ্যমন্ত্ৰীগৰাকীক সন্তুষ্ট কৰিব পৰা নাছিল। অৱশ্যে সিন্দেয়ে বাৰে বাৰে দাবী কৰিছে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

সিন্দেৰ ঘনিষ্ঠই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে গৃহ গাঁৱতে তেওঁ জ্বৰত আক্ৰান্ত হৈছিল। মন কৰিবলগীয়া যে, ফলাফল ঘোষণা হোৱাৰ ১০ দিন অতিক্ৰম কৰাৰ পাছতো মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট ঘোষণা কৰা হোৱা নাই যদিও শপতগ্ৰহণৰ বাবে দিন ঠিৰাং কৰিছে বিজেপিয়ে।

৫ ডিচেম্বৰত মুম্বাইৰ আজাদ মৈদানত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান। এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল, বিজেপি শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা মিত্ৰদলসমূহৰ নেতৃত্ব।

এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে আজাদ মৈদান। নিৰ্মাণ কৰা হৈছে সুবিশাল মঞ্চ।

সদ্য সমাপ্ত মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ৰাজ্যখনৰ ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসনতে বিজয়ী হৈছে বিজেপি, শিৱসেনা, এন চি পিৰ মিত্ৰজোঁট ‘মহাজুটি’-এ।এইদৰে বৃহৎ বিজয়েৰে ৰাজ্যখনত পুনৰ এবাৰ ক্ষমতা দখল কৰিলেও মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ে এতিয়ালৈকে সিদ্ধান্ত ল’ব পৰা নাই।

বিজেপি সূত্ৰত প্ৰকাশিত খবৰ মতে পূৰ্বৰ মুখ্যমন্ত্ৰী তথা একনাথ সিন্দে মন্ত্ৰীসভাৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱিছেই হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। তেওঁৰ মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে একনাথ সিন্দে আৰু অজিত পাৱাৰ।

আন এক খবৰ মতে আকৌ উপ-মুখ্যমন্ত্ৰী পদ ল’বলৈ সাজু হোৱা নাই একনাথ সিন্দে। শিৱসেনাৰ দাবী- বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰাত মূল ভূমিকা আছিল একনাথ সিন্দেৰেই। সেয়ে তেওঁকেই পুনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়া উচিত। 

মহাৰাষ্ট্ৰ একনাথ সিন্দে