লোকসভাৰ সচিবালয়ে নিলম্বন কৰিলে ৮ গৰাকী সুৰক্ষাকৰ্মীক...

লোকসভাৰ সচিবালয়ে নিলম্বন কৰিলে ৮ গৰাকী সুৰক্ষাকৰ্মীক...
লোকসভাৰ সচিবালয়ে নিলম্বন কৰিলে ৮ গৰাকী সুৰক্ষাকৰ্মীক...

ডিজিটেল ডেস্কঃ ১৩ ডিচেম্বৰ ২০২৩, বুধবাৰে সংসদ ভৱনৰ সুৰক্ষা উলংঘন কৰি দৰ্শকৰ বিথিকাৰ পৰা সদন কক্ষলৈ দুজন অচিনাক্ত ব্যক্তিয়ে জপিয়াই হালধীয়া ধোঁৱা উৰুওৱা ঘটনা সন্দৰ্ভত লোকসভাৰ সচিবালয়ে ৮ গৰাকীকৈ সুৰক্ষা কৰ্মীৰ নিলম্বন কৰিছে। লোকসভাৰ সুৰক্ষা ব্যৱস্থাত কৰা গাফিলতিৰ বাবেই এই নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই ৮ গৰাকী সুৰক্ষা কৰ্মী সংসদৰ প্ৰৱেশ দুৱাৰকে ধৰি বিভিন্ন স্থানত নিয়োজিত আছিল। নিৰাপত্তাৰ গুৰুত্বপূৰ্ণ ত্ৰুটিৰ ফলত বুধবাৰে লোকসভাত প্ৰৱেশ কৰি শূন্যকালীন ঘণ্টাৰ সময়ত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা কৰিছিল দুয়োজন লোকে।

তেওঁলোকে দৰ্শকৰ বিথিকাৰ পৰা জপিয়াই সদনৰ বেঞ্চৰ ওপৰত জপিয়াই থকা দেখা গৈছিল। কেইবাজনো সাংসদে তেওঁলোকক কৰায়ত্ত কৰাৰ লগতে প্ৰহাৰ কৰি সুৰক্ষাকৰ্মীৰ হাতত গতাই দিছিল।

লোকসভাৰ ভিতৰত এই পৰিস্থিতিৰ সূচনা কৰা লোক দুজন ক্ৰমে সাগৰ শৰ্মা আৰু মমোৰঞ্জন ডি। আনহাতে তেওঁলোকৰ আন দুজন সহযোগী যি, সদনৰ বাহিৰত প্ৰতিবাদত লিপ্ত হৈছিল তেওঁলোকক অমল সিন্দে আৰু নীলম বুলি চিনাক্ত কৰা হৈছে।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে মুঠ ৫ জনক গ্ৰেপ্তাৰ কৰিছে। গৃহ মন্ত্ৰণালয়ে এই ঘটনা সন্দৰ্ভতউচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ লগতে ইয়াৰ নেতৃত্ব প্ৰদান কৰিছে চি আৰ পি এফৰ মুৰব্বীক।

এই কাৰ্যৰ সৈতে জড়িত আটাই কেইজনৰ বিৰুদ্ধে সদনত অনাধিকাৰ প্ৰৱেশ, অপৰাধমূলক ষড়যন্ত্ৰ, সংঘৰ্ষৰ সৃষ্টিত অৰিহণা, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) ৰ অধীনত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। ইফালে বিৰোধীয়ে বিজেপি সাংসদ প্ৰতাপ ছিমহাকো তদন্তৰ আওঁতালৈ অনাৰ দাবী কৰিছে। এইগৰাকী সাংসদৰ জৰিয়তেই দুয়োজন প্ৰৱেশ কৰিছিল লোকসভাৰ বিথিকাত।

লোকসভাৰ সচিবালয়ে নিলম্বন কৰিলে ৮ গৰাকী সুৰক্ষাকৰ্মীক...
কাজিৰঙাত বনৰীয়া ম'হৰ আক্ৰমণত মহিলা নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in