/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AP-FOR-WEB-kejriwal.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতি দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে ইডিয়ে। সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকী ২১ ডিচেম্বৰত হাজিৰ হ'ব লাগিব ইডি কাৰ্যালয়ত।
ইয়াৰ পূৰ্বে ইডিয়ে ২ ডিচেম্বৰত কেজৰিৱালক চমন জাৰি কৰিছিল। কিন্তু কেজৰিৱালে সেই জাননী অবৈধ বুলি কয় সেয়া বাতিল কৰাৰ দাবী কৰিছিল আৰু ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল।
উল্লেখ্য যে, ১৯ ডিচেম্বৰত কেজৰিৱাল বিপাশনালৈ যোৱা কথা। প্ৰতিবছৰে তেওঁ ১০ দিনৰ বাবে বিচাশনা কৰে। এই সময়তে ইডিয়ে তেওঁক জাননী প্ৰেৰণ কৰিছে।
দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত ইতিমধ্যে আপৰ কেইবাগৰাকী বিশিষ্ট নেতা কাৰাগাৰত আছে। প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈনকে ধৰি, দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীও এই কেলেংকাৰীৰ অভিযুক্ত হৈ কাৰাগাৰত আছে।
গতিকে এইবাৰ কেজৰিৱাল ইডি কাৰ্যালয়ত হাজিৰ হয় নে নাই সেয়া লক্ষণীয় হ'ব। আহি আছে লোকসভা নিৰ্বাচন। তাৰ পূৰ্বে কেজৰিৱালৰ দলে কি ধৰণে এই সমগ্ৰ কাণ্ডৰ মোকাবিলা কৰে সেয়া সময়ত দেখা যাব।
Also Read: গৃহমন্ত্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, নেফিও ৰিঅ'ৰ বৈঠকঃ আঁৰত আছিল এইবোৰ কাৰণ...