Advertisment

পুৱাৰে পৰা বহু স্থানত অভিযানঃ চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ ইডি...

নতুন বছৰৰ আৰম্ভণিতে এক্সন আৰম্ভ কৰিলে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে। ২ জানুৱাৰী বৃহস্পতিবাৰে কলকাতাকে ধৰি বংগৰ একাধিক জিলাত ইডিয়ে চলাইছে বৃহৎ অভিযান।

author-image
Asomiya Pratidin
New Update
পুৱাৰে পৰা বহু স্থানত অভিযানঃ চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ ইডি...

ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে এক্সন আৰম্ভ কৰিলে প্ৰৱৰ্তন সঞ্চালকালয় (Enforcement Directorate) চমুকৈ ইডিয়ে। ২ জানুৱাৰী বৃহস্পতিবাৰে কলকাতাকে ধৰি বংগৰ একাধিক জিলাত ইডিয়ে চলাইছে বৃহৎ অভিযান।

Advertisment

পুৱাৰে পৰা চলোৱা এই অভিযানৰ সময়ত বাসগৃহ, গেৰেজকে ধৰি অন্যান্য স্থানত চলাইছে তালাচী। জানিব পৰা মতে বিভিন্ন ৰাজ্যত হোৱা অনলাইন প্ৰতাৰণাৰ অভিযোগৰ ভিত্তিত এই অভিযান চলাইছে ইডিয়ে। 

কলকাতাৰ পাৰ্ট ষ্ট্ৰিট, চল্ট লেক, বাগুইহাটিসহ কলকাতাৰ মুঠ ৫ টা স্থানত ইডিয়ে অভিযান চলাইছে। সূত্ৰ অনুসৰি, ইডিয়ে আজি পুৱা চল্ট লেকৰ এটা গেৰেজ এলেকাত অভিযান চলাইছিল। তাৰ পৰা তেওঁলোকে এজন লোকক গ্ৰেপ্তাৰ কৰে আৰু বাগুইহাটি ৰঘুনাথপুৰত অভিযান চলায়। ইয়াত এটা অভিজাত এপাৰ্টমেণ্টৰ তৃতীয় মহলাত সদানন্দ ঝা নামৰ লোকজনৰ ফ্লেটত তালাচী চললাইছে।

ইডিৰ সূত্ৰত প্ৰকাশিত খবৰ মতে , চেন্নাইত ১,০০০ কোটি টকাৰ ছাইবাৰ জালিয়াতিৰ অভিযোগ দাখিল হৈছিল। অনুসন্ধানকাৰী ইডিৰ দলটোৱে দাবী কৰিছে যে এই প্ৰৱঞ্চকসকলৰ নেটৱৰ্ক দেশৰ পূৱ প্ৰান্তৰ ৰাজ্যসমূহত বিয়পি আছে।

আজি বংগৰ মুঠ ৮ টা স্থানত ইডিয়ে অভিযান চলাইছে। উল্লেখ্য যে, শেহতীয়াকৈ ৬৪ লাখ টকাৰ ছাইবাৰ অপৰাধৰ বাবে উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাসাতৰ পৰা তন্ময় পাল নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল।

পাছত তদন্তৰ সময়ত এই কেলেংকাৰীৰ সবিশেষ পোহৰলৈ আহে। এই যুৱকজনে সমগ্ৰ দেশৰ কমেও ৩০০ জন লোকৰ পৰা প্ৰায় ৬৫ কোটি টকা প্ৰৱঞ্চনা কৰিছে। তেওঁ বাৰাসাতৰ ঘৰত বহিয়েই এই বৃহৎ প্ৰৱঞ্চনাৰ ব্যৱসায় চলাই আছিল। 

 

চাইবাৰ অপৰাধ ইডি