'আমি কালৈকো ভয় নকৰো'- পত্নী প্ৰিয়ংকাক কাষত লৈ ইডিৰ অফিচত ৰবাৰ্ট ভাদ্ৰাৰ মন্তব্য

ভূমি কেলেংকাৰীৰ গোচৰত পুনৰ ইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় ৰবাৰ্ট ভাদ্ৰা। মঙলবাৰৰ পিছত বুধবাৰেও তেওঁক মাতি পঠিওৱা হৈছিলআৰু দুঘণ্টা সময় তেওঁক জেৰা কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
'আমি কালৈকো ভয় নকৰো'- পত্নী প্ৰিয়ংকাক কাষত লৈ ইডিৰ অফিচত ৰবাৰ্ট ভাদ্ৰাৰ মন্তব্য

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ভূমি কেলেংকাৰীৰ গোচৰত পুনৰ ইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় ৰবাৰ্ট ভাদ্ৰা। মঙলবাৰৰ পিছত বুধবাৰেও তেওঁক মাতি পঠিওৱা হৈছিল আৰু তেওঁক দুঘণ্টা ধৰি জেৰা কৰা হয়।

Advertisment

ইডি অফিচত আজি ৰবাৰ্ট ভাদ্ৰাৰ সৈতে দেখা পোৱা গ’ল সাংসদ পত্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকো।
ইডিৰ জেৰাৰ সন্দৰ্ভত ৰবাৰ্টে সংবাদ মাধ্যমৰ আগত পত্নীক প্ৰিয়ংকাক কাষত লৈ কয়, আমি কাকো ভয় নকৰো। আমি প্ৰাসংগিক হোৱাৰ বাবেই আমাক লক্ষ্য কৰি লোৱা হৈছে।’ তেওঁৰ দাবী, "সময় সলনি হ’ব। আজি আমি কষ্ট পাইছো, সময় সলনি হ'লে তেওঁলোকে (বিজেপি)ও কষ্ট পাব লাগিব।" 

ইডিৰ চমনৰ সন্দৰ্ভত ৰবাৰ্টে কয়, "মই একো লুকুৱাই ৰখা নাই। মোক দুবাৰকৈ ক্লীন শ্বীট দিয়া হৈছে। সাত বছৰৰ মূৰত একেটা কথাকে মোক কিয় প্ৰশ্ন কৰা হৈছে মই বুজি নাপাওঁ। কিন্তু মই ইডিৰ চমনক আওকাণ নকৰো।"

উল্লেখ্য যে, ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত ৰবাৰ্টৰ কোম্পানী স্কাইলাইট হস্পিটেলিটিয়ে ৭.৫ কোটি টকাত ক্ৰয় কৰা মাটিক লৈ বিতৰ্কৰ সৃষ্টি হয়। অভিযোগ অনুসৰি সেই ভূমিৰ মিউটেচন প্ৰক্ৰিয়াটো মাত্ৰ এদিনতে সম্পূৰ্ণ হৈছিল, যি সম্পূৰ্ণ হ’বলৈ সাধাৰণতে কেইবামাহো সময় লাগে। 

পিছত এই মাটি ৫৮ কোটি টকাত ৰিয়েল ইষ্টেট কোম্পানী ডি এল এফক বিক্ৰী কৰা হয়। ২০২৩ চনত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰৰ বিজেপি চৰকাৰে আদালতত স্বীকাৰ কৰিছিল যে ৰবাৰ্টৰ কোম্পানীৰ সৈতে ডি এল এফৰ মাটিৰ চুক্তিত কোনো অবৈধ নীতি বা প্ৰক্ৰিয়াৰ সম্পৰ্ক পোৱা নগ’ল।

কেৱল হাৰিয়ানাৰ মাটিৰ গোচৰতে নহয়, আন এটা গোচৰতো ৰবাৰ্টৰ নাম জড়িত হৈ আছে। ইডিৰ অভিযোগ ২০০৯ চনত ৰবাৰ্টে অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীৰ সৈতে লণ্ডনত এটা ‘বেনামি’ সম্পত্তি ক্ৰয় কৰিছিল। সেই গোচৰৰ চাৰ্জ শ্বীটতো প্ৰিয়ংকাৰ নাম আছে। 

যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডীৰ চৰকাৰে লণ্ডনৰ ঘৰ সন্দৰ্ভত ৰবাৰ্ট আৰু তেওঁৰ ছেক্ৰেটেৰীৰ মাজত হোৱা কিছুমান ইমেইল আদান-প্ৰদানৰ বিষয়ে ৰাজহুৱাভাৱে ‘তথ্য’ প্ৰকাশ কৰিছিল। য'ত দুয়োপক্ষই ঘৰৰ মেৰামতিৰ বাবে ধন যোগান ধৰাৰ কথা আলোচনা কৰিছিল। 

লণ্ডনৰ এটা অভিজাত অঞ্চলত থকা সেই ঘৰটো এবছৰৰ পিছত বিক্ৰী হৈছিল। সেই গোচৰত ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহতো ৰবাৰ্টক দীঘলীয়াকৈ জেৰা কৰা হৈছিল।

মন কৰিবলগীয়া যে মঙলবাৰে ৰবাৰ্টক ৬ ঘণ্টা ধৰি জেৰা কৰিছিল ইডিয়ে। ইয়াৰ পিছত বুধবাৰে পুনৰ তেওঁক মাতি অনা হয়। ৰাতিপুৱাই পত্নী প্ৰিয়ংকাৰ সৈতে ইডি অফিচলৈ আহে ৰবাৰ্ট। তাৰ পাছত ৰবাৰ্টক দুঘণ্টা ধৰি জেৰা কৰা বুলি জানিব পৰা গৈছে। 

অৱশ্যে এই গোচৰত তেওঁক পুনৰ চমন কৰা হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। মঙলবাৰে ইডিয়ে নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে। ২৫ এপ্ৰিলত বিশেষ আদালতত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰ।

ছোনিয়া আৰু ৰাহুলৰ উপৰিও কংগ্ৰেছ নেতা ছেম পিত্ৰোডা আৰু সুমন ডুবেৰ নামো অভিযোগনামাত উল্লেখ কৰা হৈছে। যোৱা শনিবাৰে ইডিয়ে নেচনেল হেৰাল্ড গোচৰত ছোনিয়া আৰু ৰাহুলৰ ৬৬১ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

 

প্ৰিয়ংকা গান্ধী ইডি কংগ্ৰেছ