পুৱতি নিশা কপি উঠিল ৰাজধানীঃ ৰাজপথলৈ ওলাই আহিল জনতা...

author-image
Asomiya Pratidin
New Update
পুৱতি নিশা কপি উঠিল ৰাজধানীঃ ৰাজপথলৈ ওলাই আহিল জনতা...

দিল্লীত ভূমিকম্প

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱতি নিশা দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ভূমিকম্পই জোকাৰি যায়। পুৱতি নিশা ১ঃ৫৭ বজাত হোৱা এই ভূমিকম্প ইমানেই প্ৰবল আছিল যে ৰাষ্ট্ৰীয় ৰাজধানীৰ বাসিন্দাসকল নিশাই ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয়।

Advertisment

নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৬.৩। ভূমিকম্পৰ গভীৰতা মাটিৰ পৰা ১০ কিলোমিটাৰ তলত আছিল। আৰু এই ভূমিকম্পৰ কেন্দ্ৰ আছিল নেপাল।

দিল্লীৰ উপৰিও মণিপুৰ, গাজিয়াবাদ, লক্ষ্ণৌতো এই কম্পন অনুভৱ কৰা হৈছে। আনহাতে ৮ নৱেম্বৰৰ নিশা ৮ঃ৫২ বজাত নেপালত আন এক ভূমিকম্প হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৯ । ইয়াৰ গভীৰতা মাটিৰ পৰা ১০ কিলোমিটাৰ তলত আছিল।

delhi earthquake