মাজ আকাশতে বিমানযাত্ৰীৰ মৃত্যু..

মাজ আকাশত বিমানেৰে যাত্ৰা কৰি থকাৰ সময়ত মৃত্যু হ’য় এগৰাকী বিমান যাত্ৰীৰ। ইণ্ডিগ’ বিমানেৰে দিল্লীৰ পৰা দোহালৈ গৈ আছিল যাত্ৰীবাহী বিমানখন

author-image
Asomiya Pratidin
New Update
মাজ আকাশতে বিমানযাত্ৰীৰ মৃত্যু..

ডিজিটেল ডেস্কঃ দুভাগ্যজনকভাবে মাজ আকাশত বিমানেৰে যাত্ৰা কৰি থকাৰ সময়ত মৃত্যু হ’য় এগৰাকী বিমান যাত্ৰীৰ। ইণ্ডিগ’ বিমানেৰে দিল্লীৰ পৰা দোহালৈ গৈ আছিল যাত্ৰীবাহী বিমানখন। ৬ই ১৭৩৬ নম্বৰৰ বিমানখনেৰে যাত্ৰা কৰি থকাৰ সময়তে যাত্ৰী গৰাকী বিমানৰ ভিতৰত অসুস্থ হৈ পৰে।

Advertisment

সেয়েহে বিমানখন কৰাচীত জৰুৰী অৱতৰণ কৰা হ’য় । কিন্তু চিকিৎসকৰ দলে যাত্ৰীজনৰ মৃত্যু হোৱা বুলি্ ঘোষণা কৰে। সোমবাৰে এইকথা সদৰি কৰে ইণ্ডিগ’ বিমান কৰ্তৃপক্ষই । অৱশ্যে আন যাত্ৰীসকলক দোহাৰ অভিমুখে যাবলৈ ব্যৱস্থা কৰি দি মৃত যাত্ৰীগৰাকীৰ নশ্বৰ দেহ দিল্লীলৈ অনাৰ ব্যৱস্থা কৰে বিমান কৰ্তৃপক্ষই। যাত্ৰাীগৰাকীৰ মৃত্যুত পৰিয়াললৈ গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰে ইণ্ডিগ’ পৰিয়ালে।

Also Read: প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল : আঁৰত কোন আছিল...