নহৰুৱে জ্বলাইছে কৃষককো ! হাতত বন্দুক লৈ খেতি পথাৰত পাৰ কৰিছে দিন-ৰাতি

উৎপাদন হ্ৰাস পোৱাৰ বাবে বৃদ্ধি পাইছে মূল্য
নহৰুৱে জ্বলাইছে কৃষককো ! হাতত বন্দুক লৈ খেতি পথাৰত পাৰ কৰিছে দিন-ৰাতি
নহৰুৱে জ্বলাইছে কৃষককো ! হাতত বন্দুক লৈ খেতি পথাৰত পাৰ কৰিছে দিন-ৰাতি

ডিজিটেল ডেস্কঃ দেশত নহৰুৰ মূল্য বৃদ্ধিয়ে সাধাৰণ লোকক জুৰুলা কৰাৰ সময়তে নহৰুৰ খেতিয়কৰ বাবে এতিয়া এই খেতি এক প্ৰত্যাহ্বান হৈ পৰিছে। কিয়নো দিনে, নিশাই খেতি পথাৰতে পাৰ কৰিবলগীয়া হৈছে কৃষকসকলে।

যিদৰে নহৰু কিনিবলৈ গ্ৰাহকে দহবাৰ চিন্তা কৰিবলগীয়া হৈছে সেইদৰেই কৃষকেও নহৰুৰ খেতিৰ বাবে হাজাৰ বাৰ চিন্তা কৰিবলগীয়া হৈছে। নহৰুৰ খেতিৰ বাবেই টোপনি ক্ষতি হৈছে তেওঁলোকৰ।

বিগত কেইবাটাও সপ্তাহ ধৰি মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ আদিৰ বৃহৎ পাইকাৰী বজাৰসমূহত নহৰুৰ মূল্য বৃদ্ধি হোৱাৰ সমান্তৰালকৈ প্ৰতিখন ৰাজ্যতে নহৰুৰ মূল্যই আকাশ স্পৰ্শ কৰিছে। নহৰুৰ এনে মূল্য বৃদ্ধিয়ে যদিও কৃষকসকলক আনন্দিত কৰিব লাগিছিল তাৰ পৰিৱৰ্তে তেওঁলোকৰ দুঃচিন্তাহে বৃদ্ধি কৰিছে।

কিয়নো খেতি পথাৰত এতিয়া বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, ২৪ ঘণ্টাই হাতত বন্দুক লৈ খেতিয়কে নহৰুৰ খেতিৰ পহৰা দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ মধ্যপ্ৰদেশৰ নহৰুৰ খেতি পথাৰত এতিয়া এনে দৃশ্য সুলভ হৈ পৰিছে।

কেৱল বন্দুকেই নহয়, নহৰু খেতিৰ ৰক্ষণাবেক্ষণৰ বাবে খেতি পথাৰত স্থাপন কৰা হৈছে চিচি টিভি কেমেৰা। খেতিৰ পহৰাত নিয়োগ কৰা হৈছে পোহনীয়া প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ। অপৰিচিত ব্যক্তিক খেতি পথাৰত দেখিলেই প্ৰভু ভক্তই ধাৰণ কৰিব হিংস্ৰ ৰূপ।

উল্লেখ্য যে, শেহতীয়াকৈ মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ এলেকাৰ কালালিয়া গাঁৱৰ বাসিন্দা সঞ্জয় শ্বাহৰ খেতিৰ পৰা চুৰি হৈছিল বহু পৰিমাণ মহামূল্যৱাণ নহৰু। ইয়াৰ পাছতে কাষৰীয়া খেতিয়কসকলে নহৰুৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰিছে এনেধৰণৰ সুৰক্ষামূলক ব্যৱস্থা।

জীৱন সিং আৰু ভাৰত সিং নামৰ দুজন কৃষকে খেতি পথাৰত স্থাপন কৰিছে চিচি টিভি কেমেৰা। খেতি পথাৰত নিয়োগ কৰিছে সুৰক্ষা কৰ্মী। খেতি পথাৰৰ মাজত হাতত বন্দুক লৈ বহিছে গৰাকী।

ইয়াৰে জীৱন সিং নামৰ খেতিয়কজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি যোৱা বছৰত তেওঁ নহৰু যি মূল্যত বিক্ৰী কৰিছিল এইবাৰ সেই মূল্য চাৰিগুণ বৃদ্ধি পাইছে। তেওঁৰ মতে নহৰুৰ বীজৰ মূল্য বৃদ্ধি হোৱাৰ বাবেও এইবাৰ নহৰুৰ উৎপাদন হ্ৰাস পাইছে। সেয়ে নহৰুৰ মূল্য বৃদ্ধি হৈছে।

নহৰুৱে জ্বলাইছে কৃষককো ! হাতত বন্দুক লৈ খেতি পথাৰত পাৰ কৰিছে দিন-ৰাতি
দেশত নাই সংস্থাপনৰ বাটঃ বিদেশলৈ গৈ কৰিছে যুদ্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in