/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2e5434e1-f66b-4dc0-866d-56e6808e3c4d/AP_FOR_WEB_new_format_.jpg)
ডিজিটেল ডেস্কঃ গোলাম হাছান ভাট এগৰাকী অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া। যিয়ে জম্মু-কাশ্মীৰত আৰক্ষী বাহিনীৰ নেতৃত্ব দিছিল। এই সময়চোৱাচত দেশৰ কেইবাটাও কঠিন অভিযানত অংশ গ্ৰহণ কৰিছিল। কিন্তু বুধবাৰে তেওঁৰ বাবে আহিছিল এক দুখবৰ।
সম্ভৱতঃ কালি সন্ধিয়া এইগৰাকী আৰক্ষী বিষয়াৰ বাবে অত্যন্ত কঠিন সময় আছিল। কিয়নো উগ্ৰপন্থীৰ গুলীত নিহত পুত্ৰত শেষ শ্ৰদ্ধাঞ্জলী জনাইছিল তেওঁ। অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ পুত্ৰ হিমায়ুন কাশ্মীৰৰ অনন্তনাগত উগ্ৰপন্থীৰ গুলীত শ্বহীদ হয়।
ভাটে হিমায়ুনৰ মৃতদেহৰ ওচৰলৈ গৈ পুষ্পস্তৱক অৰ্পণ কৰিছে। এই দৃশ্যই চকু সেমেকাই তুলিছে সকলোৰে। অতি শান্তভাৱে খোজকাঢ়ি আহি পুত্ৰক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে তেওঁ।
জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-অধীক্ষক হিমায়ুন ভাট অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাত নিহত জ্যেষ্ঠ নিৰাপত্তা বিষয়াসকলৰ ভিতৰত আছিল। চণ্ডিগড়ৰ কৰ্ণেল মনপ্ৰীত সিং আৰু হাৰিয়ানাৰ মেজৰ আশীষ ধোনাকেও এই এনকাউণ্টাৰত প্ৰাণ হেৰুৱাইছিল। এতিয়াও অব্যাহত আছে এই গুলীয়াগুলী চলি আছে।
হিমায়ুন যথেষ্ঠ আঘাতপ্ৰাপ্ত হৈছিল আৰু অত্যাধিক ৰক্তাক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত হুমায়ুনে তেওঁৰ পত্নী আৰু এজন পুত্ৰক এৰি থৈ গৈছে। মাত্ৰ এমাহ পূৰ্বে জন্ম হৈছিল তেওঁলোকৰ পুত্ৰ সন্তানটিৰ।
Also Read: দুৰ্নীতিগ্ৰস্ত সচিব দীপালিৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ