কাৰাগাৰৰ ভিতৰত কয়দিৰ হাতত ড্ৰাগছ, মোবাইল...

কাৰাগাৰৰ ভিতৰত কয়দিৰ হাতত ড্ৰাগছ, মোবাইল...
কাৰাগাৰৰ ভিতৰত কয়দিৰ হাতত ড্ৰাগছ, মোবাইল...

ডিজিটেল ডেস্কঃ এছিয়াৰ আটাইতকৈ সুৰক্ষিত আৰু বহু চৰ্চিত তিহাৰ কাৰাগাৰৰ নিৰাপত্তাত গাফিলতি। জঘণ্য অপৰাধ কৰি আত্মশুদ্ধিৰ বাবে কাৰাগাৰাৰৰ বন্ধ কোঠাৰ ভিতৰত থকা কয়দিয়ে অতি সহজেই লাভ কৰে ড্ৰাগছৰ দৰে বৰবীহ।

শুকুৰবাৰে তিহাৰ কাৰাগাৰত চলোৱা এক অভিযানৰ পিছতে এই তথ্য ফাদিল হৈছে। শুকুৰবাৰে তিহাৰৰ ৩ নং কাৰাগাৰত কৰ্তৃপক্ষই এক অভিযান চলোৱাৰ সময়ত উদ্ধাৰ হৈছে ড্ৰাগছ, ব্লেড, টাচস্ক্ৰীণ মোবাইল আৰু চিম কাৰ্ড আৰু অন্যান্য সামগ্ৰী।

এই সন্দৰ্ভত তিহাৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৩ নং কাৰাগাৰাৰ কয়দিসকলৰ কাৰ্যকলাপত সন্দেহ হোৱাত জ্যেষ্ঠ বিষয়াসকলক এই সন্দৰ্ভত অৱগত কৰা হৈছিল । তাৰ পিছতেই কাৰাগাৰৰ ভিতৰত চলিছিল অভিযান।

তদন্তকাৰী দলটোৱে প্ৰত্যক্ষ কৰা অনুসৰি দেৱাল পাৰ কৰি কিছুমান পেকেট পেলাই দিয়া হৈছে। এই সন্দৰ্ভত তিহাৰ কৰ্তৃপক্ষই দিল্লী আৰক্ষীক অভিযোগ দাখিল কৰিছে।

তিহাৰ কাৰাগাৰত মোবাইল ফোন উদ্ধাৰৰ এয়া নতুন কথা নহয় যদিও ড্ৰাগছৰ দৰে নিষিদ্ধ দ্ৰব্য উদ্ধাৰৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। কাৰাগাৰখনত শেহতীয়াকৈ ধাৰাবাহিক ভাৱে মোবাইল ফোন উদ্ধাৰ হ'বলৈ ধৰিছে।

কাৰাগাৰৰ ভিতৰত কয়দিৰ হাতত ড্ৰাগছ, মোবাইল...
উত্তপ্ত ত্ৰিপুৰা : বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বলি হ'ল সংসদীয় সদস্যৰ দল ! চাওক ভিডিঅ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in