এছ পি মেডাম আৰু পুত্ৰ-কন্যাক হেৰুওৱা দুই মাতৃৰ উচুপনি...

জোনমণি কাণ্ডৰ সমান্তৰালকৈ আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে সংঘটিত আন এক ঘটনা মনলৈ আহিছে । সেইয়াও দেখাত আত্মহত্যাৰ দৰেই ঘটনা আছিল ।
এছ পি মেডাম আৰু পুত্ৰ-কন্যাক হেৰুওৱা দুই মাতৃৰ উচুপনি...

মৃদুল কুমাৰ সন্দিকৈ

জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি যি ধৰণৰ সম্ভাৱনা সন্মুখলৈ আহিছে সেই সম্ভাৱনাবোৰৰ ভিতৰত সঠিককৈ কি হৈছিল সেয়া স্পষ্ট হোৱা নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰেই টিভিত ওলাবলৈ এই ঘটনাবোৰক লৈ কোনো কোনোৱে দিয়া সত্য বা অসত্য বুলি ভাবিব পৰা মন্তব্যবোৰে ঘটনাটোক আৰু জটিল কৰি তুলিছে ।

সংবাদ মাধ্যমৰ হাতত নিতৌ নতুন তথ্য পৰিছে যদিও সেই তথ্যবোৰক নিৰ্দিষ্টকৈ বিশ্বাসযোগ্য বুলিব পৰা অৱকাশ অলপ গভীৰভাৱে বিশ্লেষণ কৰিলে পোৱা নাযায় । কিন্তু সংবাদ মাধ্যম বা সামাজিক মাধ্যমত সেইবোৰৰ আধাৰতেই এই ঘটনাক লৈ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি আছে ।

সংবাদ মাধ্যমৰ হাততো অনুসন্ধানৰ সবিশেষ নহ'লেও আংশিক যিবোৰ তথ্য পৰিছে সেইবোৰৰ আলমত আগবেলা যদি ঘটনাক পূৱ দিশে আগুৱাই নিছে পিছবেলা সেই ঘটনাক পশ্চিম দিশে আগুৱাই নিবলৈ বাধ্য হৈছে । কোনোবাই বাৰু পৰিকল্পিতভাৱেই এই কাণ্ডক লৈ সকলো পক্ষকেই মতিভ্ৰম কৰিব পৰা বাস্তৱ-অবাস্তৱমুখী কিছু উপ-কাহিনীৰে ভৰাই পেলাইছে নেকি ?

এই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ আছিল ইউ পি-৭৮-এইচটি-৪৫১৮ । কাণপুৰত পঞ্জীয়নভুক্ত এই ট্ৰাকখন মাত্ৰ দুমাহৰ পুৰণি । কি হৈছিল সেইদিনা ? এই ট্ৰাকখনৰ চালক সুমিত কুমাৰক ইতিমধ্যে চি আই ডিয়ে জেৰা কৰিছে ।

কোনোবাই যদি এজাহাৰ দিছে, কোনোবাই এজাহাৰকাৰীকে অপৰাধী বুলি কেমেৰাৰ আগত মুখ খুলিছে, নগাওঁৰ আৰক্ষীতে কৰ্মৰত কনিষ্টবলে নকও নকওকৈ আত্মীয় বুলি বিশ্বাস কৰা ভাগিনৰ আগতেই ঘটনাৰ বিশদ বিৱৰণ দি সংবাদ মাধ্যমৰ চৰ্চা লাভ কৰিছে । পিছতহে এইয়া কি ক'লো বুলি কনিষ্টবল মোমাই আৰু ভাগিনৰ বাৰ্তালাপ ভাইৰেল হোৱাত আকৌ কেমেৰাৰ আগত নতুন সুৰত মুখ খুলিছে । সেইবাৰ মই এনে হৈছিল বুলি কোৱা নাই, মনেভৱা কথাখিনিহে কৈছিলো বুলি জোৰা-তাপলি মাৰিবলৈ চেষ্টা কৰিছে ।

মানুহে প্ৰথমে শুনা কথাখিনি বিশ্বাস কৰিলে, পিছৰখিনি বিশ্বাস কৰিব নোৱাৰে বা পিছৰ কথাখিনি বিশ্বাস নকৰিলে প্ৰথমখিনিকেই শুদ্ধ-সত্য বুলি গ্ৰহণ কৰিব লাগিব । অৱশ্যে তাৰ মাজতে এচামে এতিয়া ভয়তে কথা সলাইছে বুলিও পূৰ্বৰ কথাখিনিক বিশ্বাস কৰি আৰক্ষী কিছুসংখ্যক বিষয়ালৈকে অভিযোগৰ আঙুলি তুলি ৰৈ আছে । তাৰ মাজতে ভাইৰেল হৈছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ।

অতি গোপনীয় এই প্ৰতিবেদন সাংবাদিকৰ হাততনো কোনে তুলি দিলে সেইয়াও জানো ভাবিব লগীয়া প্ৰশ্ন নহয় । এনে সংবেদনশীল মৰণোত্তৰ প্ৰতিবেদন হাতত লৈ সৰ্বজান্তা হৈ পৰা সাংবাদিকে আকৌ এই ঘটনালৈ ভবাৰ ধৰণেই নতুন নতুন দিশ উন্মোচন কৰিছে । কিন্তু এই ব্যাখ্যা আৰু সম্ভাৱনাৰ ভিত্তি কি ? আমি সেইয়ে এই মৰণোত্তৰ প্ৰতিবেদন এজন অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকলৈ প্ৰেৰণ কৰি তাতনো কি আছে জানিব বিচাৰিছো ।

দীৰ্ঘ সময় ধৰি মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত এইগৰাকী বিশেষজ্ঞ চিকিৎসকে ইতিমধ্যে সেই প্ৰতিবেদন পঢ়ি সাৰাংশ ৰূপত যিখিনি কথা ক'লে তাৰ অৰ্থ হ'ল জোনমণি ৰাভাৰ মৃত্যু মৰণোত্তৰ পৰীক্ষাৰ সংঘটিত কৰাৰ সময়ৰ পৰা ২৪ ঘন্টাৰ ভিতৰত হৈছিল । তেওঁৰ দেহৰ চলিড অৰ্গেন -কিডনী, লিভাৰত আঘাত, তলপেটৰ ভিতৰত ঘাঁ, হাত-ভৰি ভঙা, কামিহাড় ভঙা, মগজুৰ ৰক্তক্ষৰণ আদি আঘাত পাইছে ।

চিকিৎসা বিজ্ঞানৰ ভাষাত লিখা এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চিকিৎসকে উল্লেখ কৰিছে যে এই মৃত্যু হিউমাৰেজ, হৃদযন্ত্ৰ বিফল, মূৰ আৰু মগজুত আঘাত আদি কাৰণত হৈছে । প্ৰতিবেদনখনত উল্লেখ আছে তেওঁ কোন কোন অংশত কি ধৰণৰ আঘাত পাইছিল ।

তাৰ ভিতৰত - Multiple abrasions are seen over both knee, legs, elbow, hands.

Lacerated wound approx 2 × 1 cm over left forehead.

একেদৰেই আনস্থানতো পোৱা আঘাত আদিৰ বিষয়ে এই প্ৰতিবেদনত উল্লেখ আছে । বিশেষজ্ঞ চিকিৎসকগৰাকীক সোধা হৈছিল এইয়া দুৰ্ঘটনা নে হত্যাকাণ্ড হ'ব পাৰে । যিহেতু মৰণোত্তৰ পৰীক্ষা তেওঁ কৰা নাছিল সেয়েহে তেওঁ ক'লে "দুৰ্ঘটনা হ'লেও এনে আঘাত থাকিব পাৰে..."

আনহাতে, এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত আৰু সেই সময়ত গাড়ীৰ ভিতৰত থকা জোনমণি ৰাভাৰ মৃতদেহৰ অৱস্থান আদিক লৈও মানুহৰ প্ৰশ্নৰ সৃষ্টি হৈছে । এই কাণ্ডৰ সৈতে নাম সাঙুৰ খাই পৰা প্ৰত্যক্ষদৰ্শী বুলি বাদী কৰা প্ৰণৱ দাসৰো সোধ-পোচ চলিছে । ক'ৰ'বাত খেলি-মেলি আছে, সেইয়া সকলোৱে অনুভৱ কৰিছে । কিন্তু ক'ত সেই খেলি-মেলি তাক লৈ বেমেজালিৰ সৃষ্টি কৰিছে ঘটনাক কেন্দ্ৰ কৰি পোহৰলৈ অহা নতুন দিশবোৰে ।

জোনমণি কাণ্ডৰ সমান্তৰালকৈ আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে সংঘটিত আন এক ঘটনা মনলৈ আহিছে । সেইয়াও দেখাত আত্মহত্যাৰ দৰেই ঘটনা আছিল । ২০১২ চনৰ ৪ অক্টোবৰত সন্ধিয়া প্ৰায় ৬.৩০ মান বজাত এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছিল এজন লোকৰ মৃতদেহ । এছ ইউ ভিখনৰ ভিতৰত উদ্ধাৰ হোৱা ব্যক্তিজনৰ নাম আছিল নিলোৎপল লাহন ।

কামাখ্যাৰ সমীপত গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা এই ব্যক্তিজনৰ মৃতদেহৰ লগতে গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছিল এটা ৰিভলভাৰ । আৰক্ষীয়ে এই ঘটনাক আত্মহত্যা বুলি উল্লেখ কৰিছিল । কিন্তু নিলোৎপল লাহনৰ মাতৃ নিলীমা লাহনে ইয়াৰক আত্মহত্যাৰ সলনি হত্যাকাণ্ড বুলি দাবী কৰিছিল । পুত্ৰৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি ১৩ অক্টোবৰ ২০১২ত তেওঁ জালুকবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছিল । ৰুজু হৈছিল সেই এজাহাৰৰ ভিত্তিত হয়তো গোচৰ ।

তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল । তেতিয়াৰ মুখ্য সচিব এন কে দাসক দিছিল সেই তদন্ত কৰিবলৈ । কিয়নো মৃত ব্যক্তিজন আছিল সেই সময়ত গুৱাহাটীত কৰ্মৰত এতিয়াৰ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক তথা তেতিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লীনা দলেৰ স্বামী ।

ইয়াৰ পূৰ্বে বিভাগটোৰেই এজন উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি চৰ্চালৈ আহিছিল লীনা দলে। সেই সময়ত মি টু আন্দোলনৰ জৰিয়তে এনেবোৰ কথা ৰাজহুৱা কৰিছিল বহুজনে । অৱশ্যে তেতিয়া তেওঁ মাজুলীত আছিল ।

মৃত নিলোৎপলৰ মাতৃ আৰু পৰিয়ালৰ দাবী আছিল গাড়ীখনত যি অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছিল সেইয়া আত্মহত্যা কৰা এজন লোকৰ মৃতদেহৰ অৱস্থান হ'ব নোৱাৰে । লক্ষণীয়ভাৱে যিটো ৰিভলভাৰেৰে আত্মহত্যা কৰা বুলি কোৱা হৈছিল সেই ৰিভলভাৰটো আছিল লীনা দলেৰ চাৰ্ভিছ ৰিভলভাৰ ।

সম্ভৱত এই গোচৰৰ তদন্ত চি আই ডিক দিয়া কথাও কৈছিল তেতিয়াৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জয়ন্ত নাৰায়ণ চৌধুৰীয়ে । তেতিয়াৰ গুৱাহাটী মহানগৰৰ এছ এছ পিৰ দায়িত্বত আছিল আনন্দ প্ৰসাদ তিৱাৰী । দুসপ্তাহৰ ভিতৰত ফৰেঞ্চিক আৰু আন পৰীক্ষা সম্পন্ন কৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল ।

নিলোৎপল লাহন আছিল টাটা ম'টৰছত কৰ্মৰত এজন উচ্চ পদস্থ বিষয়া । তেওঁ এৰিয়া মেনেজাৰ হিচাপে কাম কৰি আছিল । তেখেতৰ পিতৃ প্ৰয়াত লিখন লাহন লখিমপুৰৰ প্ৰাক্তন বিধায়ক আছিল । হয়তো আদালতত এই অভিযোগৰ পৰা মুক্ত হ'ল বিতৰ্কিত আৰক্ষী বিষয়া লীনা দলে ।

কিন্তু মাতৃ নীলিমা লাহনৰ মনত সন্দেহ ৰৈ গ'ল । কৰ্কট ৰোগেৰে যুঁজি এবছৰ মানৰ পূৰ্বে তেওঁ এই সংসাৰ এৰি গুচি গ'ল । পৰিয়ালৰ লোকে পিছলৈ সেই গোচৰ কি হ'ল খবৰ ন'ললে । সময় অতিবাহিত হোৱাৰ লগে লগে কথাবোৰ মানুহে এনেদৰেই পাহৰে ।

জোনমণি ৰাভাৰ মৃত্যুৰ পাছতো জোনমণি ৰাভাৰ মাতৃয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে । সেই অভিযোগৰ আঙুলি উঠা সকলেও এনেদৰেই সাৰি যাব নেকি ?

তাৰ উদাহৰণ পূৰ্বতেই আছে । নগাওঁ আৰক্ষী অধীক্ষক লীনা দলেয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে অভিযোগ উঠিলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । সেই ক্ষমতা তেওঁৰ আছে । কিন্তু নিৰ্যাতন চলাইছিল নেকি জোনমণি ৰাভাক ? সেই অভিযোগ আমি সত্য বুলি কোৱা নাই। কিন্তু সন্দেহ ৰৈ গৈছে মাতৃৰ মনত, আন দহজনৰ দৃষ্টিত ।

মাজৰাতি জোনমণি মৰাৰ পাছত তেওঁৰ চৰকাৰী বাসগৃহত সদলবলে গৈ অভিযান চলোৱা হৈছিল । কিন্তু কিয় ? জোনমণিৰ মৃত্যুৰ পিছত প্ৰায় ১৫০ কনিষ্টবলক ৰাতিটোত ভিতৰতেই ৰদবদল কৰা হ'ল । ইয়াৰতো কিবা কাৰণ থাকিব ।

নিলোৎপল লাহনৰ মৃত্যু উচিত তদন্ত আৰু ন্যায় নাপালে বুলি ভাৱে পৰিয়ালে । লখিমপুৰৰ নিলোৎপল লাহনৰ আত্মীয়ই পুনৰ এই ঘটনা মনত পেলাইছে । অসম আৰক্ষীৰ বৰ্তমানৰ সঞ্চালক প্ৰধান জি পি সিং সিদ্ধান্ত আৰু ইয়াক কাৰ্যকৰী কৰিব পৰা ক্ষমতা থকা এজন সাহসী বিষয়া । এই গোচৰৰ তদন্তত তেওঁ সেই সাহসৰ পৰিচয় দি প্ৰকৃত সত্যক পোহৰলৈ আনিব পাৰিব বুলিয়েই বিশ্বাস ৰাখিছে ৰাইজে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খং উঠে আৰক্ষীক সমালোচনা কৰিলে । দুই-এজন আৰক্ষীৰ বিৰুদ্ধে উঠা অভিযোগেই আৰক্ষী বিভাগটোক বদনামী নকৰে বুলি তেওঁ যুক্তি দাঙি ধৰিছে । কিন্তু মুখ্যমন্ত্ৰীয়েও হয়তো জানে, এবস্তা আলুত থকা দুই-এটা গেলা আলুৱে সমগ্ৰ বস্তাটোৰ আলুকেই গেলাই পেলায় । তাৰ প্ৰতিকাৰৰ বাবে গেলা আলুবোৰ সময় থাকোতেই বাচি দলিয়াই পেলোৱাৰ প্ৰয়োজন ।

আৰক্ষীটো সেইটোৱে হৈছে এতিয়া । তেনে প্ৰতিকাৰৰ প্ৰয়োজন অসম আৰক্ষীক । জোনমণি ৰাভাৰ ভুল আছিল বা থাকিব পাৰে । সেইবুলি জোনমণি ৰাভাৰ গালৈ সকলো দোষ ঠেলি নিজকে নিকা প্ৰতিষ্ঠা কৰিবলৈ যোৱা সকলৰ বিৰুদ্ধে উচিত তদন্ত আৰু ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীত এই কাৰবাৰবোৰ চলিয়েই থাকিব ।

এছ পি মেডাম আৰু পুত্ৰ-কন্যাক হেৰুওৱা দুই মাতৃৰ উচুপনি...
কি হৈছিল সেইদিনা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in