শ শ ভাৰতীয়ৰ প্ৰাণ লৈ পলাইছিল দাউদঃ এতিয়া মৃত্যু যন্ত্ৰনাৰে চটফটাইছে পাকিস্তানৰ চিকিৎসালয়ত

শ শ ভাৰতীয়ৰ প্ৰাণ লৈ পলাইছিল দাউদঃ এতিয়া মৃত্যু যন্ত্ৰনাৰে চটফটাইছে পাকিস্তানৰ চিকিৎসালয়ত

ডিজিটেল ডেস্কঃ আণ্ডাৰ ৱাৰ্ল্ড ডন দাউদ ইব্ৰাহিম পুনৰ এবাৰ চৰ্চাত আছে। খবৰ অনুসৰি পাকিস্তানৰ হাস্পতালত চিকিৎসাধীন হৈ থকা দাউদক শুকুৰবাৰে বিহ দি হত্যা কৰিছে দুৰ্বৃত্তই। অৱশ্যে এই কথাৰ এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই। ভাৰতৰ ম'ষ্ট ৱান্টেডৰ ভিতৰত দাউদৰ নাম শীৰ্ষত আছে।এই খবৰৰ পাছতেই পাকিস্তানত ইন্টাৰনেট সেৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে বৃক্কৰ ৰোগত আক্ৰান্ত দাউদক শুকুৰবাৰে হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। সম্পূৰ্ণ সুৰক্ষাত এটা ফ্লৰত তেওঁক ৰখা হৈছিল। কিন্তু চিকিৎসাৰ সময়তে দাউদক কোনোৱে বিহ দি হত্যা কৰে বুলি জানিব পৰা গৈছে। এই খবৰৰ পাছত মুম্বাই আৰক্ষীয়ে তেওঁৰ পৰিয়ালৰ লোকৰ পৰা তথ্য আহৰণৰ চেষ্টা কৰি আছে।

সীমা নাই দাউদৰ অপৰাধমূলক কামৰ। ১৯৯৩ চনত মুম্বাইত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল তেওঁ। ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ সন্দেহ তেওঁৰ বিৰুদ্ধে। ২০১০ চনত দাউদে মহাৰাষ্ট্ৰৰ পুনেক লক্ষ্য কৰি লৈছিল। তিনি বছৰৰ পিছত দাউদে ক্ৰিকেটকো লক্ষ্য কৰি লৈছিল। দাউদক ২০১৩ চনত আই পি এল স্পট ফিক্সিং কেলেংকাৰীতো অভিযুক্ত কৰা হৈছিল। ইয়াৰ উপৰিও দাউদৰ বিৰুদ্ধে আন্তৰ্জাতিক ড্ৰাগস সৰবৰাহ, জাল মুদ্ৰা আৰু অস্ত্ৰ চোৰাং ব্যৱসায়ৰ গুৰুতৰ অভিযোগও উত্থাপিত হৈছে। মুঠতে এফালৰ পৰা সকলো সংযোগ কৰি গৈছিল দাউদে অপৰাধৰ তালিকাত। দাউদৰ প্ৰায় ২২ টা নাম আছে। নাম সলনি কৰি সংঘটিত কৰে তেওঁ অপৰাধ।

৩০ বছৰ পূৰ্বে হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত ২৫৭ জন লোকৰ মৃত্যু হোৱাৰ উপৰি আহত হৈছিল প্ৰায় ৭০০ জন। ১২ টাকৈ ঠাইত হৈছিল এই বিস্ফোৰণ। অভিযোগ অনুসৰি লস্কৰ-ই-তৈয়বাৰ লগ লাগি তেওঁ বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত কৰিছিল। ভাৰতত বহু অস্ত্ৰ শস্ত্ৰ সৰবৰাহো কৰিছিল দাউদে।

মুম্বাই ধাৰাবাহিক বিস্ফোৰণৰ পিছত দাউদ ইব্ৰাহিম ডুবাইলৈ পলাই গৈছিল। তাৰ পাছত পাকিস্তানত আশ্ৰয় লৈছিল। খবৰ অনুসৰি পাকিস্তানত দাউদে দেশখনৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সুৰক্ষা লাভ কৰে। ভাৰতে পাকিস্তানৰ পৰা দাউদক প্ৰত্যাৰ্পণ কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে কিন্তু সন্ত্ৰাসবাদীৰ বাবে সুৰক্ষিত আশ্ৰয়স্থল হিচাপে বিবেচিত পাকিস্তানে কেতিয়াও দেশখনত তেওঁৰ উপস্থিতি স্বীকাৰ কৰা নাই।

সূত্ৰ অনুসৰি ২০০১ চনৰ পৰা পাকিস্তানত আছে দাউদ। ২০০১ চনত সাংবাদিকত গোলাম হুচেইনে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল। য'ত দাউদক 'গড ফাডাৰ' বুলি অভিহিত কৰিছিল। সেই প্ৰতিবেদনত দাউদৰ পত্নী, চাৰিগৰাকী কন্যা আৰু পুত্ৰৰ বিষয়ে উল্লেখ আছিল। ৰাজকীয় জীৱন যাপন কৰা দাউদৰ বিলাসী ঘৰ প্ৰায় ৬,০০০ বৰ্গ গজত বিয়পি আছে। ইয়াত এটা পুল, টেনিছ কোৰ্ট, স্নুকাৰ কোঠা, আৰু ব্যক্তিগত উচ্চ-প্ৰযুক্তিৰ জিম আছে। ডিজাইনাৰ কাপোৰৰ অনুৰাগী দাউদে মাৰ্চিডিজ চলাবলৈ ভাল পায়। ৫ লাখ টকাৰ পেটেক ফিলিপ হাতঘড়ী পিন্ধা দাউদে। ইয়াৰ উপৰি অভিনেত্ৰী আৰু বেশ্যাসকলৰ ওপৰত অত্যাধিক ধন উৰুৱাইছিল।

১৯৯৩ চনৰ মুম্বাই ধাৰাবাহিক বিস্ফোৰণৰ বাবে দাউদ আৰু তেওঁৰ ভাতৃ আনিস ইব্ৰাহিম চৰ্চালৈ আহিছিল। দাউদক পাছত ভাৰতৰ ম'ষ্ট ৱান্টেড ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত 'গ্লোবেল টেৰ'ৰিষ্ট' হিচাপে ঘোষণা হৈছিল দাউদ। মুম্বাই আৰক্ষীৰ তথ্যত মতে 'পলাতক অভিযুক্ত' দাউদৰ বয়স বৰ্তমান ৬৮-৬৯ বছৰ মান হ'ব। ১৫ বছৰৰো অধিক সময় ধৰি পাকিস্তানত বাস কৰি আছে। ইয়াৰ আগতে দাউদ ডুবাইকে ধৰি আন বহুতো দেশত আছিল।

ইয়াৰোপৰি দাউদৰ বিৰুদ্ধে বহু হত্যাকাণ্ড, অপহৰণ, ধন দাবী, চোৰাং ব্যৱসায়ী আদিৰ গোচৰ আছে। ২০১১ চনত সাংবাদিক জ্যেতিৰ্ময় দেক দাউদে হত্যা কৰাৰ অভিযোগ। ১৯৯৭ চনত গুলচন কুমাৰকো দাউদ ইব্ৰাহিমৰ গুণ্ডাই হত্যা কৰিছিল। টি-চিৰিজৰ গৰাকীক দাউদৰ গুণ্ডাসকলে ধন দাবী কৰিছিল। ধন পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে নিৰ্মমভাৱে তেওঁক হত্যা কৰিছিল। ২০২০ চনত জোতা ব্যৱসায়ী পৰীক্ষিত ঠাক্কৰ অপহৰণ আৰু হত্যাৰ সৈতেও জড়িত বুলি তেওঁক সন্দেহ কৰা হয়।

শেষ নহয় দাউদৰ অপৰাধৰ তালিকা। মুম্বাই এতিয়াও দাউদে চলাই আছে বুলি অভিযোগ উত্থাপন কৰে। একাংশ অভিনেতা-অভিনেত্ৰীও থাকে দাউদৰ জেপত। ইয়াক লৈ বহু অভিনেত্ৰী চৰ্চালৈও আহিছে।

ইমান বছৰৰ পাছতো এতিয়াও কোনোৱে দাউদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইমান বছৰে পলাতক হৈ থকা দাউদে কিন্তু নাপালে এটা শান্তিৰ জীৱন। বিশাল সম্পত্তি. ৰাজকীয় জীৱনৰ অধিকাৰী দাউদৰ জেপত সকলো থকাৰ পাছতো যেন নাছিল একো। প্ৰতিগৰাকী ভাৰতীয়ই যেন দাউদৰ মৃত্যু বিচাৰিছিল।

শ শ ভাৰতীয়ৰ প্ৰাণ লৈ পলাইছিল দাউদঃ এতিয়া মৃত্যু যন্ত্ৰনাৰে চটফটাইছে পাকিস্তানৰ চিকিৎসালয়ত
দ্য়া কমপ্লিট লাইফ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in