/asomiyapratidin/media/media_files/2025/06/04/1OIBEU2HY6lBFlOf3GZQ.jpg)
ডিজিটেল ডেস্কঃ মোডিজ ৰেটিংছে মঙলবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত কয় যে, ভাৰতৰ অভ্যন্তৰীণ অৰ্থনৈতিক পৰিস্থিতি অহা ১২ মাহত উন্নয়নৰ অনুকূল হৈ থাকিব।যাৰ ফলত বেংকসমূহে নিজৰ সম্পত্তিৰ গুণগত মান (Asset Quality) সংৰক্ষণ কৰি ৰাখিব পাৰিব। ইয়াৰ জৰিয়তে NPLৰ অনুপাত ২-৩ শতাংশৰ ভিতৰত সীমাবদ্ধ থাকিব বুলি অনুমান কৰা হৈছে।
মোডিজৰ মতে, বিশ্বজুৰি বাণিজ্যিক উত্তেজনাৰ বাবে অৰ্থনৈতিক অনিশ্চয়তা বৃদ্ধি পাইছে যদিও, ভাৰতৰ আভ্যন্তৰীণ অৰ্থনৈতিক ক্ষেত্ৰবোৰে বিকাশৰ বাবে সহায়ক পৰিৱেশ আগবঢ়াই থাকিব।
প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে “চৰকাৰৰ পুঁজি ব্যয় বৃদ্ধি, মধ্যবিত্ত শ্ৰেণীৰ বাবে কৰ ৰেহাই আৰু মুদ্ৰানীতি সহজ কৰা পদক্ষেপবোৰে ভাৰতীয় অৰ্থনীতিক দৃঢ়ভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব। লগতে, ভাৰতে বৰ্তমানে সামগ্ৰীভিত্তিক বৈদেশিক বাণিজ্যত কম নিৰ্ভৰশীল হোৱাৰ বাবে বাহ্যিক সংকটৰ প্ৰভাৱৰ পৰা কিছু পৰিমাণে ৰক্ষা পাব পাৰে।”
এই সকলো উপাদানে বেংকসমূহৰ সম্পত্তিৰ গুণমান সুৰক্ষিত ৰাখিবলৈ সহায় কৰিব। মোডিজৰ অনুমান, ২০২৪ ৰ ডিচেম্বৰত ২.৫ শতাংশ থকা NPL অনুপাত অহা ১২ মাহত ২-৩ শতাংশৰ ভিতৰত থাকিব।
মোডিজৰ মতে, কোম্পানীসমূহে লাভজনকতা বজাই ৰাখি কম ঋণত চলি থাকিবলৈ সক্ষম হোৱাত হোলছেইল ঋণৰ গুণগত মান সুস্থ হৈ থাকিব। ভাৰতীয় বেংকসমূহৰ ঋণ পুঁথিৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে এই হোলছেইল ঋণ।
তথাপিও, অসুৰক্ষিত খুচৰা ঋণসমূহৰ গুণগত মান অনাগত কেইমাহমানলৈ বৰঙণি থকা খুচৰা ঋণতকৈ দুর্বল হৈ থাকিব বুলি মুডিজে সতর্ক কৰি দিছে। "নতুন NPL formation rate সুৰক্ষিত খুচৰা ঋণসমূহত তুলনামূলকভাৱে কম হৈ আছে, কিন্তু অসুৰক্ষিত ঋণত এই হাৰ বৃদ্ধি পাইছে। এই ধাৰা আগলৈয়ো জাৰি থাকিলে, সৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ সম্পত্তিৰ গুণমান বৃহৎ ব্যক্তিগত বেংক আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ তুলনাত অধিক দুর্বল হৈ থাকিব," মোডিজে কয়।