জানুৱাৰী মাহত ঘৰুৱা বিমান পৰিবহণ ১১.২৮ শতাংশ বৃদ্ধি...

চৰকাৰী তথ্য অনুসৰি জানুৱাৰী মাহত ইণ্ডিগোৰ বজাৰ অংশীদাৰিত্ব ৬৫.২ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে যোৱা মাহত এয়াৰ ইণ্ডিয়া গ্ৰুপৰ বজাৰ অংশীদাৰিত্ব ২৫.৭ শতাংশলৈ হ্ৰাস পাইছে।

author-image
Asomiya Pratidin
New Update
জানুৱাৰী মাহত ঘৰুৱা বিমান পৰিবহণ ১১.২৮ শতাংশ বৃদ্ধি...

ডিজিটেল ডেস্কঃ চৰকাৰী তথ্য অনুসৰি জানুৱাৰী মাহত ঘৰুৱা বিমান পৰিবহণ ১১.২৮ শতাংশ বৃদ্ধি পাই ১.৪৬ কোটি হৈছে। ইণ্ডিগোৰ বজাৰ অংশীদাৰিত্ব ৬৫.২ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে যোৱা মাহত এয়াৰ ইণ্ডিয়া গ্ৰুপৰ বজাৰ অংশীদাৰিত্ব ২৫.৭ শতাংশলৈ হ্ৰাস পাইছে।

Advertisment

আকাছা এয়াৰ আৰু স্পাইছজেটৰ বজাৰ অংশীদাৰিত্ব ৪.৭ শতাংশ আৰু ৩.২ শতাংশলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে ডি জি চি এয়ে কয় যে ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত ঘৰুৱা বিমান সংস্থাই কঢ়িয়াই অনা যাত্ৰী ১৪৬.১১ লাখ আছিল। যিটো পূৰ্বৰ বছৰৰ একে সময়ছোৱাত ১৩১.৩০ লাখ আছিল।

যাৰ ফলত বাৰ্ষিক বৃদ্ধি ১১.২৮ শতাংশ আৰু মাহেকীয়া বৃদ্ধি ১১.২৮ শতাংশ পঞ্জীয়ন কৰা হৈছে। যোৱা মাহত নিৰ্ধাৰিত ঘৰুৱা বিমান সংস্থাসমূহৰ সামগ্ৰিক বাতিলৰ হাৰ ১.৬২ শতাংশ। ফ্লাই বিগৰ সৰ্বোচ্চ বাতিলৰ হাৰ ১৭.৭৪ শতাংশ আৰু তাৰ পিছতে আছে ফ্লাই৯১ (৫.০৯ শতাংশ) আৰু এলায়েন্স এয়াৰ (৪.৩৫ শতাংশ)।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ইণ্ডিগ’ই সৰ্বাধিক অন টাইম পাৰফৰমেন্স (অ’টিপি) ৭৫.৫ শতাংশ ৰেকৰ্ড কৰাৰ বিপৰীতে আকাছা এয়াৰৰ জানুৱাৰী মাহত ৭১.৫ শতাংশ। এয়াৰ ইণ্ডিয়া গ্ৰুপৰ অ’টিপি ৬৯.৮ শতাংশ, এলায়েন্স এয়াৰৰ ৫৭.৬ শতাংশ আৰু স্পাইছজেটৰ ৫৪.৮ শতাংশ।

দেশৰ মুঠ ছটা মেট্ৰ’ বিমানবন্দৰ ক্ৰমে বেংগালুৰু, দিল্লী, হায়দৰাবাদ, মুম্বাই, চেন্নাই আৰু কলকাতাৰ বাবে অ’টিপি গণনা কৰা হয়। তাৰোপৰি ডি জি চি এয়ে কয় যে, জানুৱাৰী মাহত বিমান বাতিলৰ ফলত ৪১,১১৯ জন যাত্ৰী প্ৰভাৱিত হৈছিল আৰু বিমান সংস্থাসমূহে ক্ষতিপূৰণ আৰু সুবিধা প্ৰদানৰ নামত ৪৬.৪৬ লাখ টকা ব্যয় কৰিছিল। বিমান পলম হোৱাৰ ফলত ১,৭৮,৯৩৪ যাত্ৰী ক্ষতিগ্ৰস্ত হয় আৰু বিমান সংস্থাসমূহে এই যাত্ৰীসকলক সুবিধা প্ৰদানৰ নামত ২.৩৮ কোটি টকা আদায় দিয়ে।

বিমান পৰিবহন