ৰামদেৱৰ দিব্যা ফাৰ্মাচীকে ধৰি ভাৰতৰ ১৬টা ঔষধ কোম্পানী নেপালত ব্লেকলিষ্ট...

নেপালৰ ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই যোগ গুৰু ৰামদেৱৰ পতঞ্জলি সামগ্ৰী নিৰ্মাণ কৰা দিব্যা ফাৰ্মাচীকে ধৰি ১৬ টা ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীক ব্লেকলিষ্ট কৰে।

author-image
Asomiya Pratidin
New Update
বিবাহিত নহয়, অবিবাহিতকহে দিব লাগে সন্মান, ক’লে বাবা ৰামদেৱে

ডিজিটেল ডেস্ক: নেপালৰ ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই যোগ গুৰু ৰামদেৱৰ পতঞ্জলি সামগ্ৰী নিৰ্মাণ কৰা দিব্যা ফাৰ্মাচীকে ধৰি ১৬ টা ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীক ব্লেকলিষ্ট কৰে। লগতে কয় যে এই প্ৰতিষ্ঠান সমূহে বিশ্ব স্বাস্থ্য সংস্থাৰ ঔষধ নিৰ্মাণৰ মানদণ্ড পালন কৰাত ব্যৰ্থ হৈছে।

Advertisment

নেপালত ১৮ ডিচেম্বৰত জাৰি কৰা এক জাননীত ঔষধ প্ৰশাসন বিভাগে এই ঔষধ সমূহ যোগান ধৰা স্থানীয় এজেণ্টক সামগ্ৰীবোৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। জাননী অনুসৰি তালিকাভুক্ত কোম্পানীয়ে নিৰ্মাণ কৰা ঔষধ নেপালত বিতৰণ কৰিব নোৱাৰিব।

উল্লেখ্য যে, এপ্ৰিল আৰু জুলাই মাহত ভাৰতলৈ এটা দল পঠিয়াইছিল যিয়ে নেপাললৈ ঔষধ যোগান ধৰা কোম্পানীবোৰৰ পৰীক্ষা কৰিছিল।

দিব্যা ফাৰ্মাচীৰ উপৰিও ব্লেকলিষ্ট হোৱা তালিকাখনত আছে- ৰেডিয়েন্ট পেৰেণ্টেৰল্স লিমিটেড, মাৰ্কিউৰী লেবৰেটৰিজ লিমিটেড, এলায়েন্স বায়োটেক, কেপটেব বায়োটেক, এগ্লোমেড লিমিটেড, জি লেবৰেটৰীজ, ডেফোডিলছ ফাৰ্মাচিউটিকেলচ, জিএলএছ ফাৰ্মা, ইউনিজুলছ লাইফ চাইন্সেছ, কনচেপ্ট ফাৰ্মাচিউটিকেলচ, শ্ৰী আনন্দ লাইফ চাইন্স, আইপিচিএ লেবৰেটৰিজ, কেডিলা হেল্থকেয়াৰ লিমিটেড, ডায়েল ফাৰ্মাচিউটিকেল আৰু মেকুৰ লেবৰেটৰিজ ।

বিভাগটোৱে ১৯ ডিচেম্বৰত জাৰি কৰা আন এখন জাননীত ভাৰতৰ গ্লোবেল হেল্থকেয়াৰৰ দ্বাৰা নিৰ্মিত ৫০০ মিলিলিটাৰ আৰু ৫-লিটাৰ হেণ্ড চেনিটাইজাৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। বিতৰকক এই সামগ্ৰী সমূহ বিক্ৰী নকৰাৰ বাবে নিৰ্দেশ দিয়ে।

আৰু পঢ়ক: যোগগুৰু ৰামদেৱৰ অশ্লীল কাৰ্টুন বনোৱা ২জনৰ বিৰুদ্ধে গোচৰ...

nepal dibya pharmachy ramdev