Advertisment

২০২৩-২৪ বৰ্ষত নাগপুৰ মেট্ৰ'ৰ পৰা ৪১.৮৮ কোটিৰ ৰাজহ সংগ্ৰহ

২০২৩-২৪ বৰ্ষত নাগপুৰ মেট্ৰ'ই ২৫.৫ মিলিয়নতকৈ অধিক যাত্ৰী কঢ়িয়াবলৈ সক্ষম হৈছিল। মেট্ৰ'ত যাত্ৰা কৰা এই সকল যাত্ৰীৰ পৰা এই বছৰটোত ৪১.৮৮ কোটিৰ ৰাজহ সংগ্ৰহ হৈছে।

author-image
Asomiya Pratidin
New Update
d

ডিজিটেল ডেস্কঃ নাগপুৰ মেট্ৰ'ই যাত্ৰী কঢ়িওৱা ক্ষেত্ৰত অভিলেখ গঢ়িছে। ২০২২ ৰ ডিচেম্বৰত শুভাৰম্ভ কৰা নাগপুৰ মেট্ৰ'ই ইতিমধ্যে দুটা বছৰ অতিক্ৰম কৰিলে। ২০২৩ ৰ আগষ্টৰ পৰা এই মেট্ৰ' সেৱাই দৈনিক গড়ে এক লাখকৈ যাত্ৰী কঢ়িয়াই আছে।

Advertisment

তথ্য অনুসৰি, ২০২৩-২৪ বৰ্ষত নাগপুৰ মেট্ৰ'ই ২৫.৫ মিলিয়নতকৈ অধিক যাত্ৰী কঢ়িয়াবলৈ সক্ষম হৈছিল। মেট্ৰ'ত যাত্ৰা কৰা এই সকল যাত্ৰীৰ পৰা এই বছৰটোত ৪১.৮৮ কোটিৰ ৰাজহ সংগ্ৰহ হৈছে। ইয়াৰে ১৭ কোটিতকৈ অধিক টকা ইউনিফাইড, পেমেন্ট ইন্টাৰফেষ্ট, পইন্ট অৱ চেল আৰু নেচনেন কমন মবিলিটি কাৰ্ডৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে।

পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এই মেট্ৰ'ৰ ৰাজহৰ পৰিমাণ ৫৪ শতাংশ বৃদ্ধিপাইছে। উল্লেখ্য যে, নবী মুম্বাইৰ মেট্ৰ'ত যাত্ৰা কৰা যাত্ৰাীৰ সংখ্যাতকৈ নাগপুৰ মেট্ৰ'ৰ যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। লক্ষ্যণীয়ভৱে ডিজিটেল পেমেন্টৰ ক্ষেত্ৰতো নাগপুৰ মেট্ৰ'ৱে ভাল ফলাফল লাভ কৰিছে।

এতিয়ালৈ ডিজিটেল পেমেন্টৰ শতকৰা হাৰ ৫০ শতাংশ অতিক্ৰম কৰিছে নাগপুৰ মেট্ৰ'ই। ৱাটচআপত টিকট প্ৰৱৰ্তনে ডিজিটেল লেন-দেনৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে।

মেট্ৰ'