Advertisment

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী প্ৰায় চূড়ান্তঃ আজি গৃহমন্ত্ৰীৰে দিল্লীত বৈঠক

নিৰ্বাচনৰ ফলাফল অহা ৫ দিন অতিক্ৰম কৰিলে যদিও এতিয়াও চূড়ান্ত হোৱা নাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব। মহাজুটি পুনৰ এবাৰ ক্ষমতালৈ আহিল যদিও মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ বিতৰ্ক অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰ

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ ফলাফল অহা ৫ দিন অতিক্ৰম কৰিলে যদিও এতিয়াও চূড়ান্ত হোৱা নাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব। মহাজুটি পুনৰ এবাৰ ক্ষমতালৈ আহিল যদিও মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ বিতৰ্ক অব্যাহত আছে। তাৰ মাজতেই একনাথ সিন্দেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত যি সিদ্ধান্তই লয় সেয়াই মানি ল’ব বুলিও ঘোষণা কৰিছে। 

Advertisment

মুখ্যমন্ত্ৰী কেন্দ্ৰীক বিতৰ্কৰ মাজতে আজি পৃথকে পৃথকে দিল্লীত উপস্থিত হৈছেগৈ বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাৱিছ, সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দে, এন চি পি নেতা অজিত পাৱাৰ। আজি নিশা তেওঁলোকে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত বহিব। এই বৈঠকতে চূড়ান্ত হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। তাৰোপৰি কেবিনেটত কোন দলৰ কিমান সদস্য অন্তৰ্ভুক্ত হ’ব সেয়াও চূড়ান্ত হ’ব আজিৰ এই বৈঠকতে।

মহাজুটিৰ অন্যতম অংশীদাৰ এন চি পি নেতা অজিত পাৱাৰ প্ৰথমেই গৈ দিল্লীত উপস্থিত হৈছে। একনাথ সিন্দে আৰু দেৱেন্দ্ৰ ফাডনাৱিছো আজি নিশা ৮ বজাৰ পূৰ্বেই দিল্লীত উপস্থিত হোৱাৰ কথা। একনাথ সিন্দে আৰু অজিত পাৱাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰে বৈঠকত বহাৰ পূৰ্বেই দিল্লীতে নিজ দলৰ সাংসদসকলৰ সৈতে আলোচনাত বহিব। নিশা ৯ বজাৰ পাছত মহাৰাষ্ট্ৰৰ তিনিও নেতাই অমিত শ্বাহক সাক্ষাত কৰি আলোচনাত বহিব। এই আলোচনাতে একনাথ সিন্দে আৰু অজিত পাৱাৰে তেওঁলোকৰ দাবী সমূহ অমিত শ্বাহৰ সন্মুখত দাখিল কৰিব।

অৱশ্যে আজি মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলৰ নাম চূড়ান্ত হ’লেও আজিয়েই এই বিষয়ে ঘোষণা কৰা নহয় বুলি জানিব পৰা গৈছে। যদিহে মুখ্যমন্ত্ৰী বিজেপিৰ পৰাই হয় তেন্তে ৰাজ্যখনৰ বিজেপি পৰ্যবেক্ষকে মুম্বাইত নৱ নিৰ্বাচিত বিধায়কসকলৰ সৈতে আলোচনাত বহিব। তেওঁলোকৰ মতামত ল’ব। তাৰ পাছতে মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ে দলটোৰ ফালৰ পৰা ঘোষণা কৰিব।

ইফালে সূত্ৰত প্ৰকাশিত খবৰ মতে ইতিমধ্যে বিজেপিয়ে একনাথ সিন্দেক মুখ্যমন্ত্ৰীৰ পদৰ দৌৰৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হৈছে। বুধবাৰে একনাথ সিন্দেয়ে ৰাজ্যখনত তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব সেই সন্দৰ্ভত মোডী, শ্বাহে যি সিদ্ধান্ত লয় সেয়াই মানি ল’ব বুলি ঘোষণা কৰিছিল। ইয়াৰ বিনিময়ত একনাথ সিন্দেয়ে শিৱসেনাৰ তিনি সাংসদক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়াৰ দাবী কৰিছে। তেওঁলোকে বিচৰা মন্ত্ৰণালয়ো অতি গুৰুত্বপূৰ্ণ বুলি জানিব পৰা গৈছে।  

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহাজুটিত মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাডনাৱিছৰ নামত সহমতি প্ৰকাশ হোৱা বুলি জানিব পৰা গৈছে। একনাথ সিন্দে চৰকাৰত তেওঁ আছিল উপ-মুখ্যমন্ত্ৰী। সকলো ঠিকেই থাকিলে শুকুৰবাৰেই তেওঁক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে। তাৰ পাছত ২ অক্টোবৰত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, সভাপতি জে পি নড্ডাসহ বিজেপিৰ সকলো মুখ্যমন্ত্ৰী আৰু মিত্ৰদলৰ নেতৃত্ব উপস্থিত থাকিব।

উল্লেখ্য যে, এইবাৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অকলেই ১৩২ খন আসনত বিজয়ী হৈছে। মিত্ৰদল শিৱসেনাই ৫৭ খন আসনত, এন চি পিয়ে ৪১ খনত নিজা প্ৰাৰ্থী জয়ী কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছে ১০ খন, শিৱসেনা উদ্ধৱ ঠাকৰে গোটে ২০ খন আৰু এন চি পি শাৰদ পাৱৰ গোটে ১০ খন আসনত প্ৰাৰ্থী জয়ী কৰাবলৈ সক্ষম হয়। 

 

দেৱেন্দ্ৰ ফাডনাভিছ একনাথ সিন্দে মহাৰাষ্ট্ৰ অজিত পাৱাৰ