ডিজিটেল ডেস্কঃ সামাজিক ব্যাধি হিচাপে পৰিগণিত হোৱা ধৰ্ষণ ৰোধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে শীঘ্ৰেই গ্ৰহণ কৰিব পাৰে কঠোৰ ব্যৱস্থা। ধৰ্ষণকাৰীয়ে পুনৰ যাতে অনুৰূপ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কঠোৰ আইনৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ত দাখিল হৈছে এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন।
ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱাসকলক বিশেষ চিকিৎসাৰ জৰিয়তে যৌন হৰমন ক্ষৰণ বন্ধ কৰি দিয়াৰ দাবী কৰা হৈছে এই আবেদনত। ৰাজহুৱা স্বাৰ্থ জড়িত এই আবেদন ইতিমধ্যে গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে আৰু এই সন্দৰ্ভত জাননীও জাৰি কৰিছে।
মহিলাৰ ওপৰত হোৱা যৌন শোষণৰ দৰে অত্যাচাৰৰ গোচৰত যাতে কোনোধৰণৰ জামিন প্ৰদান কৰা নহয় তাৰো প্ৰস্তাৱ দিয়া হৈছে আবেদনখনত। 'বাৰ এণ্ড বেঞ্চ'ৰ মতে এই গোচৰত কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্যৰ বক্তব্য জানিব বিচাৰিছে উচ্চতম ন্যায়ালয়ে।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছে শীৰ্ষ আদালতৰে মহিলা আইনজীৱিসকলৰ সংগঠনে। আবেদনকাৰীয়ে এই আবেদনত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ধৰ্ষণৰ বিষয়টোও উল্লেখ কৰিছে। \
তাৰোপৰি উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যসমূহত যৌন নিৰ্যাতনৰ ঘটনা বৃদ্ধি হোৱা বুলিও অভিযোগ কৰা হৈছে। মহিলা, শিশু আৰু সমকামীসকলৰ ওপৰত হোৱা অপৰাধ ৰোধ কৰিবলৈ ১০ দফীয়া এক পদক্ষেপ গ্ৰহণৰ আৰ্জি জনাইছে আবেদনকাৰীয়ে।
ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ যুটীয়া বেঞ্চে সোমবাৰে এই গোচৰ সন্দৰ্ভত জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে মৌখিক পৰ্যবেক্ষণত কয়, শাস্তিমূলক আইনৰ ক’ত বিসংগতি ৰৈ গৈছে সেয়া সঠিকভাৱে পৰ্যবেক্ষণ কৰিব লাগিব। অভিযোগকাৰীয়ে দাবী কৰিছে যৌন নিৰ্যাতন সম্পৰ্কীয় অপৰাধৰ ক্ষেত্ৰত সংস্কাৰৰ প্ৰয়োজন আছে।
সংগঠনটোৱে আইনী বিষয়ত ১০ দফীয়া সংস্কাৰৰ দাবী উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিছে। গোচৰ দাখিলকাৰী মহিলা অধিবক্তা সংগঠনৰ ১০ দফীয়া দাবীসমূহৰ ভিতৰত আছে যৌন নিৰ্যাতনৰ বাবে কাক দোষী সাব্যস্ত কৰা হৈছে তাৰ ওপৰত এখন ৰাষ্ট্ৰীয় তালিকা প্ৰস্তুত কৰা উচিত।
দোষী সাব্যস্ত হোৱাসকলৰ চিকিৎসা কৰা উচিত আৰু তেওঁলোকৰ যৌন হৰমন নিঃক্ষণৰ বন্ধ কৰিব লাগে।দেশত অনিয়ন্ত্ৰিত পৰ্ণগ্ৰাফী নিয়ন্ত্ৰণ কৰিব লাগে। দেশৰ বিদ্যালয়সমূহত এই বিষয়ে সজাগতা বৃদ্ধি কৰিব লাগিব।
গুৰুতৰ যৌন নিৰ্যাতনৰ ক্ষেত্ৰত গোটেই পৰীক্ষণ প্ৰণালী সম্পূৰ্ণ কৰিবলৈ ছয় মাহৰ সময়সীমা নিৰ্ধাৰণ কৰিব লাগে। এনে ঘটনাৰ ক্ষেত্ৰত কোনেও জামিন পাব নিদিবলৈয়ো নিয়ম প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰা হৈছে।
সংগঠনটোৱে কৰ্ম সংস্থাপন, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থানত মহিলাৰ বাবে পৰ্যাপ্ত শৌচালয় নিৰ্মাণৰো দাবী জনাইছে। তেওঁলোকে এনে সংবেদনশীল গোচৰত আৰক্ষীৰ সঠিক আচৰণৰ বিষয়টোৰ প্ৰতিও ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছে।
তাৰোপৰি কেব, টেক্সি চালকসকলৰ মহিলাৰ সৈতে সঠিক আচৰণ, কৰ্মক্ষেত্ৰত চিচিটিভি স্থাপন কৰা, হেণ্ডবুক স্থাপনৰো দাবী কৰিছে। তেওঁলোকে চিকিৎসাৰ জৰিয়তে ধৰ্ষণকাৰীৰ যৌন হৰমন নিঃক্ষৰণ বন্ধ কৰাৰ ক্ষেত্ৰত বিদেশী ৰাষ্ট্ৰৰো উদাহৰণ দাঙি ধৰিছে। দক্ষিণ কোৰিয়া আৰু ইণ্ডোনেছিয়াত এনে ব্যৱস্থা আছে বুলি উল্লেখ কৰি সেইসমূহ দেশত যৌন নিৰ্যাতন ৰোধ পাইছে বুলিও উল্লেখ কৰাৰ কথা উনুকিয়াইছে।