খাদ্যতকৈ অধিক ব্যয় হয় পানীতঃ ৰাজধানীত যমৰ যাতনা...

খাদ্য সামগ্ৰী, ঔষধ দূৰৰে কথা, খোৱা পানী ক্ৰয় কৰিবলৈকে নাটনি হৈছে পেঞ্চনৰ ধন কেইটা। খোৱা পানীৰ নাটনিত স্বাভাৱিক জীৱন ব্যাহত হৈ, জীয়াই থকাৰ সংগ্ৰামো হৈ পৰিছে দুৰ্বিসহ। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
খাদ্যত কৈ অধিক ব্যয় হয় পনীৰ খৰচতঃ ৰাজধানীত যমৰ যাতনা...

ডিজিটেল ডেস্কঃ খাদ্য সামগ্ৰী, ঔষধ আদি দূৰৰে কথা, খোৱা পানী ক্ৰয় কৰিবলৈকে নাটনি হৈছে পেঞ্চনৰ ধন কেইটা। খোৱা পানীৰ নাটনিত কেৱল স্বাভাৱিক জীৱন ব্যাহত হৈ পৰাই নহয়, জীয়াই থকাৰ সংগ্ৰামেই একাংশৰ বাবে হৈ পৰিছে দুৰ্বিসহ। 

Advertisment

এই অৱস্থা দেশৰ ৰজধানী চহৰ দিল্লীৰ। গ্ৰীষ্মৰ আগমণৰ লগে লগেই স্বাভাৱিক ভাৱেই পুনৰ দিল্লীৰ কলনীসমূহত আৰম্ভ হৈছে পানীৰ নাটনি। বছৰ বছৰ ধৰি এই সমস্যাই জুৰুলা কৰি আহিছে যদিও ইয়াৰ সমাধান অৱশ্যে আজিও সম্ভৱ হৈ উঠা নাই। 

পানীৰ এনে ভয়াৱহ নাটনিয়ে জুৰুলা কৰিছে সকলোকে। উত্তৰ পশ্চিম দিল্লীৰ ৰোহিণী এলেকাৰ শকুন্তলা দেৱী নাগৰ এগৰাকী বৃদ্ধ মহিলাই তেওঁ পানীৰ বাবে আশা কৰিও কিদৰে হতাশ হৈছে সেয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। 

তেওঁ কয়, মই জানো পানী নোলাই, তথাপিও পানী পোৱাৰ আশাত দৈনিক আধা ঘণ্টাকৈ দুবাৰ মটৰ চলাও। এইগৰাকী বৃদ্ধাই পানীৰ অভাৱত পৰি দৈনিক ২০  লিটাৰৰ পনীৰ জাৰ ৪০ টকাত ক্ৰয় কৰে। 

তেওঁ এইদৰে দৈনিক পানী ক্ৰয় কৰিবলগীয়া হোৱাৰ প্ৰসংগত কয়, মোৰ বৃদ্ধ পেঞ্চনৰ পৰা অধিক ধন পানীৰ বাবেই ব্যয় হয়। উত্তৰ পশ্চিম দিল্লীৰ দৰেই দক্ষিণ দিল্লীতো একেই অৱস্থা। 

এই অঞ্চলটোতো যোৱা দুমাহ ধৰি অহা নাই পানী। সদায়েই হৈ আহিছে পানীৰ অভাৱ। এই অঞ্চলটোৰ কটোৰী দেৱী নামৰ এগৰাকী বৰ্ষিয়ান মহিলাই সংবাদ মাধ্যমৰ আগত কয়, আমাৰ ঘৰলৈ যোৱা দুমাহ ধৰি পানী অহা নাই। এসপ্তাহত পানী ক্ৰয় কৰাত ব্যয় হয় ১৫০০ টকা। তেওঁলোকে এতিয়া এচিৰ পৰা ওলোৱা পানীকেই বাথৰুম আৰু ফুলৰ টাবত দিয়াত ব্যৱহাৰ কৰিছে বুলিও জনাইছে। 

এই অঞ্চলসমূহৰ মহিলাসকলৰ মতে এতিয়া খাদ্যৰ খৰচতকৈ পানীত হে অধিক খৰচ হৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ কৰ্মসূত্ৰে আহি এই অঞ্চলত বাস কৰি থকা বহু লোকেই পানীৰ অভাৱৰ বাবেই নিজৰ সন্তানক জন্মগাঁৱলৈ প্ৰেৰণ কৰিছে। 

মন কৰিবলগীয়া যে, ২০১১ চনৰ তথ্য অনুসৰি, দিল্লীৰ জনসংখ্যা ১.৫ কোটিৰে অধিক। ২০২৫ ত এই সংখ্যা কিমান বৃদ্ধি পাইছে সেয়া সহজেই অনুমেয়।

দিল্লী জল ব'ৰ্ডৰ মতে, প্ৰতিদিনে দিল্লীত ১২৯ কোটিৰো অধিক গালান পানীৰ প্ৰয়োজন হয়, কিন্তু যোগান হয় কেৱল ১০০ কোটি গালন। এই অতিৰিক্ত প্ৰায় ৩০ কোটি গালান পানীৰ যোগান ধৰিব পৰা নাই বাবেই সৰ্ব সাধাৰণ বিপদত পৰিছে। 

বসন্ত কুঞ্জৰ পৰা চাণক্যপুৰীলৈ, যিকোনো স্থানত এতিয়া প্ৰতিদিনেই পানীৰ টেংকাৰৰ পিছত মানুহৰ দীঘলীয়া শাৰী স্বাভাৱিক দৃশ্যলৈ পৰিণত হৈছে। বহুতেই ৯০ টকা ব্যয় কৰি গালান হিচাপত পানী ক্ৰয় কৰিবলগীয়া হৈছে। তাৰ বাবেও পাতিবলগীয়া হৈছে শাৰী। 

দিল্লীৰ জল ব’ৰ্ডৰ বিষয়াসকলৰ মতে এই পানীৰ সংকটৰ মূল কাৰণ হৈছে ৪০ শতাংশ পানী যোগানৰ সময়তে হেৰাই যায়। পাইপ লাইনৰ লিকেজ, অবৈধ সংযোগ আৰু পানী চুৰি এক অন্যতম সমস্যা হৈ পৰিছে।  

জলে-জীৱন মিছনৰ বিষয়া নিতিন বাচ্ছিয়ে দিল্লীৰ এই সমস্যা সন্দৰ্ভত কয়, পানীৰ সংকটৰ এই সমস্যাৰ পৰা সমাধানৰ বাবে আমি স্বাভাৱিক কিছু অভ্যাসক পৰিবৰ্তন কৰিব লাগিব।ইফালে পানীৰ চাবছিডীৰ অপব্যৱহাৰেও দিল্লী জল ব'ৰ্ডৰ ওপৰত ঋণ বৃদ্ধি কৰিছে। ২০২৩ চনৰ তথ্য অনুসৰি ৭৩ হাজাৰ কোটিৰো অধিক ঋণ আছে জল ব’ৰ্ডৰ।

দিল্লীৰ এই পানীৰ সমস্যা এতিয়া কেৱল এক সমস্যা হৈ থকা নাই। ইয়াৰ ফলত সামাজিক সংঘাতো বৃদ্ধি হৈছে। ইতিমধ্যে দৰিদ্ৰ অঞ্চলৰ মানুহে ঘণ্টাৰ পাছত ঘণ্টা ধৰি পানীৰ বাবে অপেক্ষা কৰিছে আৰু তাৰ মাজতেই সংঘাততো লিপ্ত হৈছে। 

পানী সংকট দিল্লী