দিল্লীত শনিবাৰৰ পৰা বন্ধ হ’ব বিনামূলীয়া বিদ্যুৎ যোগান...

শনিবাৰৰ পৰা বন্ধ হ’ব বিনামূলীয়া বিদ্যুৎ যোগান । আজিৰে পৰা ৰাজসাহাৰ্য বিদ্যুৎ লাভ নকৰিব দিল্লীৰ জনসাধাৰণে । শেহতীয়াকৈ এই তথ্য সদৰি কৰিছে শক্তি মন্ত্ৰী আতিশী মাৰ্লেনাই । মন্ত্ৰীগৰাকীয়ে সদৰি কৰা তথ্য অনুসৰি বৰ্তমানেও ৰাজ্যপালে বিনামূল্যে লাভ কৰা বিদ্যুৎৰ ফাইলৰ অনুমোদনৰ জনোৱা নাই
আতিশী মাৰ্লেনা
আতিশী মাৰ্লেনা
Published on
Updated on

ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা বন্ধ হ’ব বিনামূলীয়া বিদ্যুৎ যোগান । আজিৰে পৰা ৰাজসাহাৰ্য বিদ্যুৎ লাভ নকৰিব দিল্লীৰ জনসাধাৰণে । শেহতীয়াকৈ এই তথ্য সদৰি কৰিছে শক্তি মন্ত্ৰী আতিশী মাৰ্লেনাই । মন্ত্ৰীগৰাকীয়ে সদৰি কৰা তথ্য অনুসৰি বৰ্তমানেও ৰাজ্যপালে বিনামূল্যে লাভ কৰা বিদ্যুৎৰ ফাইলৰ অনুমোদনৰ জনোৱা নাই ।

মাৰ্লেনাই কয় যে কেবিনেটে ২০২৩-২০২৪ বৰ্ষৰ বিনামূলীয়া বিদ্যুৎৰ চৰকাৰীসাহাৰ্যৰ অনুমোদন জনাইছে । ৰাজ্যপাল ভি কে চা্‌ক্সেনাই অনুমোদনৰ নজনোৱাৰ বাবে আজিৰে পৰা লাভ নকৰিব এই বিনামূলীয়া সেবা ।

অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আপ চৰকাৰে ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰে । ২০২২ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে আবেদন কৰা গ্ৰাহকসকলক হে বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব । অন্যথা গ্ৰাহকসকল বঞ্চিত হ’ব এই ৰেহাইৰ পৰা । শেহতীয়াকৈ চৰকাৰী তথ্য অনুসৰি প্ৰায় ৪৮ লাখে এই চৰকাৰ তৰফৰ পৰা লাভ কৰা বিনামূল্যৰ বিদ্যুৎৰ বাবে আবেদন জনাইছে । উল্লেখ্য যে কেজৰিৱাল চৰকাৰে ২০২৩-২৪ বৰ্ষৰ বাজেটত বিদ্যুৎ সাহাৰ্যৰ বাবে ৩২৫০ কোটি টকা ধাৰ্য কৰিছে ।

আতিশী মাৰ্লেনা
আজি মানুহ বিহু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in