Advertisment

দিল্লীত প্ৰচণ্ড বৰষুণ, বহু হ্ৰাস পালে পাৰাস্তম্ভ...

শীতৰ প্ৰকোপৰ মাজতে দিল্লীত আজি প্ৰচণ্ড বৰষুণ। যেন অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে দেশৰ আটাইতকৈ শিক্ষিত, অমায়িক, মৃদুভাষী, পণ্ডিতপ্ৰবৰ প্ৰাক্তন প্ৰধামন্ত্ৰীগৰাকীক।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
দিল্লীত প্ৰচণ্ড বৰষুণ, হোৰাহোৰে নামিছে পাৰাস্তম্ভ...

ডিজিটেল ডেস্কঃ শীতৰ প্ৰকোপৰ মাজতে দিল্লীত আজি প্ৰচণ্ড বৰষুণ। যেন অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে দেশৰ আটাইতকৈ শিক্ষিত, অমায়িক, মৃদুভাষী, পণ্ডিতপ্ৰবৰ প্ৰাক্তন প্ৰধামন্ত্ৰীগৰাকীক।

Advertisment

আজি দিনৰ ১১-৪৫ বজাত নিগমবোধ ঘাটত শেষকৃত্য সম্পন্ন কৰা হ’ব ড০ মনমোহন সিঙৰ।ইতিমধ্যে ড০ মনমোহন সিঙৰ শেষ যাত্ৰা আৰম্ভ হৈছে। কংগ্ৰেছৰ সকলো শীৰ্ষ নেতৃত্বৰ লগতে কংগ্ৰেছ কৰ্মী, সাধাৰণ ৰাইজে তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে।

তাৰ মাজতে দিল্লীত হোৱা বৰষুণৰ ফলত পাৰাস্তম্ভই নতুন ৰেকৰ্ড গঢ়িছে। দিল্লীত আজিৰ দিনটোত পাৰাস্তম্ভ ১৩ ডিগ্ৰী ছেলছিয়াছলৈ নামিছে। ফলত দিল্লীৰ প্ৰদূষণো বহু পৰিমাণে হ্ৰাস পাইছে।

আজিৰ দিনটোত দিল্লীত এয়াৰ কোৱালিটি ইনডেক্স ১৭৯ লৈ হ্ৰাস পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰ তথ্য মতে দিল্লীত শনিবাৰৰ লগতে দেওবাৰেও প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে।

ইতিমধ্যে জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা। ইতিমধ্যে দিল্লীত বৰষুণে যোৱা ২৭ বছৰৰ ৰেকৰ্ড ভংগ কৰিছে। এইবাৰ ডিচেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত ৪২.৮ মিলিমিটাৰ বৰষুণ হৈছে।

দিল্লী আৰু এন চি আৰ এলেকাত যোৱা কিছু দিনৰ পৰা বৰষুণ অব্যাহত আছে। বৰষুণৰ ফলত দিল্লীত বৃদ্ধি পাইছে শীত প্ৰবাহ। উল্লেখ্য যে, যোৱা অক্টোবৰৰ মাহৰ পৰা দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ভয়াবহ হাৰত বৃদ্ধি পাইছিল।

উচ্চতম ন্যায়ালয়েও দিল্লীৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। সাময়িক ভাৱে বন্ধ কৰা হৈছিল শিক্ষানুষ্ঠান। তাৰ মাজতে ডিচেম্বৰত বৰষুণ অহাৰ পাছতেই এই প্ৰদূষণৰ মাত্ৰা বহু হ্ৰাস পাইছে।  

দিল্লী ড০ মনমোহন সিং