নিজকে আৰক্ষী বুলি পৰিচয় দি যুৱতীক ধৰ্ষণ এজনৰ, গ্ৰেপ্তাৰ অভিযুক্ত

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে ৰাজধানী দিল্লীৰ পৰা এক ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ

ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি ১৬ বছৰীয়া কিশোৰী...

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে ৰাজধানী দিল্লীৰ পৰা এক ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণী অনুসৰি, মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ২০ বছৰয়ী যুৱতীক তেওঁৰ এপাৰ্টমেন্টৰ ওচৰত এজনলোকে ধৰ্ষণ কৰে।

Advertisment

অভিযোগ অনুসৰি অভিযুক্তই নিজকে আৰক্ষী বিষয়া বুলি কৈ এটা ভিডিঅ'ৰ জৰিয়তে ভাবুকি দিছিল। বৃহস্পতিবাৰে ৰবি চোলানকি নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অভিযুক্তই ৭ জুলাইত যুৱতী গৰাকী আৰু প্ৰেমিক গাড়ীত থকা অৱস্থাত মোবাইলেৰে ভিডিঅ' কৰিছিল আৰু বাইকেৰে গাড়ীখনক অনুসৰণ কৰিছিল। তাৰপাছতে প্ৰশান্ত বিহাৰ নামৰ এপাৰ্টমেন্টটোত যুৱতীগৰাকীক থৈ গৈছিল প্ৰেমিকে।

যুৱতীগৰাকী এপাৰ্টমেন্টৰ ভিতৰত যাব ওলাওতেই ৰবিয়ে যুৱতীগৰাকীক বাধা দিছিল। ভিডিঅ'টো দেখুৱাই ভাইৰেল কৰাৰ ভাবুকি দি ধৰ্ষণ কৰিছিল যুৱতীগৰাকীক। এই সকলো ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে আৰক্ষীক জনাইছিল।

প্ৰথম অৱস্থাত অভিযুক্তক চিনাক্ত কৰিব পৰা নাছিল যদিও গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰি গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

crime delhi