আৰক্ষীৰ সফলতা! জালত পৰিল অস্ত্ৰ সৰবৰাহকাৰী...

আৰক্ষীয়ে এগৰাকী ৩৫ বছৰীয়া অভিযুক্তৰ পৰা .৩২ৰ ৮টা উচ্চ মানদণ্ডৰ অৰ্ধ-সজীৱ পিষ্টল, .৩১৫ৰ ৭ টা একক শ্বট পিষ্টল আৰু ৭.৬৫ (.৩২)ৰ ৮টা সজীৱ কাৰ্ট্ৰিজ উদ্ধাৰ কৰে।
আৰক্ষীৰ সফলতা! জালত পৰিল অস্ত্ৰ সৰবৰাহকাৰী...

ডিজিটেল ডেস্ক: দিল্লী আৰক্ষীৰ এটা বিশেষ দলে দেশৰ অস্ত্ৰ সৰবৰাহকাৰী দলৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে এগৰাকী ৩৫ বছৰীয়া অভিযুক্তৰ পৰা .৩২ৰ ৮টা উচ্চ মানদণ্ডৰ অৰ্ধ-সজীৱ পিষ্টল,  .৩১৫ৰ ৭ টা একক শ্বট পিষ্টল আৰু ৭.৬৫ (.৩২)ৰ ৮টা সজীৱ কাৰ্ট্ৰিজ উদ্ধাৰ কৰে।

মধ্য প্ৰদেশৰ দেৱাচৰ বাসিন্দা দাউদ নামৰ ব্যক্তি জনৰ পৰা উক্ত অস্ত্ৰ সমূহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। দাউদ কুখ্যাত অস্ত্ৰ সৰবৰাহকাৰী মালখান সিঙে চলাই থকা এটা গোটৰ অন্যতম সদস্য বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে মালখান সিঙে সমগ্ৰ ভাৰততে নেটৱৰ্ক স্থাপন কৰাৰ এচাম অপৰাধীৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা চলাই আহিছে।

২০২২ চনত দিল্লী আৰক্ষীৰ বিশেষ চেলৰ দলটোৱে দেশৰ বিভিন্ন অস্ত্ৰ সৰবৰাহৰ লগত জড়িত অপৰাধী, যেনে মনপ্ৰীত ওৰফে মণি,  দিলশাদক আদিক আটক কৰিছিল। আৰু তাৰ পিছতেই অন্যান্য অস্ত্ৰ সৰবৰাহকাৰী চিণ্ডিকেটবোৰ ধ্বংস কৰিবলৈ দলটোক দায়িত্ব দিছিল। জ্যেষ্ঠ বিষয়াসকলে এই সন্দৰ্ভত তথ্য উদঘাটন কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আৰু এই উদ্দেশ্যৰে তেওঁলোকে কেইবাজনো চোৰাংচোৱা মোতায়ন কৰে।

এই ক্ষেত্ৰত দলটিক প্ৰয়োজন আছিল উন্নত প্ৰযুক্তি তথা কাৰিকৰীৰ লগত জড়িত লোকৰ। চোৰাংচোৱা বাহিনীয়ে তথ্য গ্ৰহণ কৰাৰ সময়ত দাউদ নামৰ ব্যক্তি জনে দিল্লী এনচিআৰৰ স্থানীয় দলবোৰক অবৈধ অস্ত্ৰ আৰু গোলাবাৰুদ যোগান ধৰাৰ কথা পোহৰলৈ আহে। এই তথ্যৰ আধাৰতে অভিযুক্ত দাউদৰ সম্পৰ্কে অধিক তথ্য সংগ্ৰহ কৰিবলৈ বিভিন্ন উৎসৰ সহায় লয় অনুসন্ধানকাৰী দলটিয়ে।

এই অনুসন্ধানৰ দীঘলীয়া পৰিক্ৰমাৰ পিছত ২০২৩ চনৰ ৬ আৰু ৭ মাৰ্চৰ মাজনিশা এক সূত্ৰই অভিযুক্ত দাউদৰ সন্দৰ্ভত সঠিক তথ্য দি জনাই যে ৰাকেশ নামৰ আন এজনক বৃহৎ পৰিমাণৰ উচ্চ মানদণ্ডৰ অস্ত্ৰ আৰু গোলাবাৰুদ যোগান ধৰিব। এই খবৰৰ ভিত্তিতেই ধনচা-নজফগড় ৰোডৰ চকত দুয়োকে আটক কৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষীৰ বিশেষ দলটিয়ে ।

আৰক্ষীৰ সফলতা! জালত পৰিল অস্ত্ৰ সৰবৰাহকাৰী...
National Youth Day 2023: জন্ম জয়ন্তীত স্বামী বিবেকানন্দক দেশজুৰি স্মৰণ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in