/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4a7f0482-e3d8-4018-8615-4fb445f56561/WhatsApp_Image_2022_09_06_at_04_09_20.jpeg)
ডিজিটল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই আফগান ড্ৰাগছ সৰবৰাহকাৰী। দিল্লী আৰক্ষীৰ বিশেষে চেলে অভিযান চলাই দুই আফগান লোকৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৩১২.৫ কিলোগ্ৰাম মেথাম্ফেটামিন আৰু ১০ কিলোগ্ৰাম হেৰোইন। আৰক্ষীয়ে অনুমান কৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় নিষিদ্ধ বজাৰত এই সামগ্ৰীখিনিৰ আনুমানিক মূল্য প্ৰায় ১২০০ কোটি টকা হ'ব।
আৰক্ষীয়ে আটক কৰা দুই আফগান নাগৰিকক মুস্তাফা আৰু ৰাহমুল্লা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকে নাৰ্কো টেৰৰ চিণ্ডিকেটৰ অধীনত এই নিষিদ্ধ ড্ৰাগছৰ যোগান ধৰিছিল। আৰক্ষীৰ মতে দিল্লীত এই পৰ্যন্ত জব্দ কৰা মেথাম্ফেটামিন আৰু হেৰোইনেই আটাইতকৈ বেছি।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোক দুয়োজনৰ পৰা প্ৰথমে কম পৰিমাণে জব্দ কৰিছিল ড্ৰগছ। ইয়াৰ পিছতে দুয়োকে সোধাপোছা কৰাত এই পৰ্বতসম নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেওঁলোকে এই ড্ৰাগছখিনি প্ৰথমে চেন্নাই তাৰ পিছত লক্ষ্ণৌ আৰু পৰৱৰ্তী সময়ত দিল্লীলৈ লৈ আহিছিল।