লাইক, কমেন্টৰ বাবে দুই যুৱকক হত্যা কৰিলে কিশোৰী সহ ৩ জনে...

ছ'চিয়েল মিডিয়াত লাভ কৰা লাইক, কমেন্টৰ বাবে হত্যাৰ বলি হ'ল দুই যুৱক।

author-image
Asomiya Pratidin
New Update
লাইক, কমেন্টৰ বাবে দুই যুৱকক হত্যা কৰিলে কিশোৰী সহ ৩ জনে...

delhi murder

ডিজিটেল ডেস্ক: ছ'চিয়েল মিডিয়াত লাভ কৰা লাইক, কমেন্টৰ বাবে হত্যাৰ বলি হ'ল দুই যুৱক। এই জঘন্য ঘটনা সংঘটিত হৈছে দিল্লীত। ইনষ্টাগ্ৰামত লাইক আৰু কমেন্টক লৈ হোৱা বিতৰ্কৰ ফলত বুধবাৰে দিল্লীত দুটাকৈ হত্যাকাণ্ড সংঘটিত হয়। ছ'চিয়েল মিডিয়াত এগৰাকী কিশোৰী সৈতে হোৱা বিবাদৰ বাবে এই হত্যাকাণ্ড সংঘটিত হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

Advertisment

কিশোৰী গৰাকীয়ে ভুক্তভোগী সকলক লগ কৰিবলৈ মাতিছিল কিন্তু তেওঁলোক আহি পোৱাৰ পাছত কিশোৰী গৰাকীৰ লগতে তেওঁৰ আন বন্ধু সকলে আক্ৰমণ কৰিছিল।

উল্লেখ্য যে, হত্যাৰ বলি হোৱা দুইজনকে একাধিকবাৰ চুৰীৰে আক্ৰমণ কৰা হৈছিল। তেওঁলোকে পলাবলৈ চেষ্টা কৰিছিল যদিও সক্ষম হোৱা নাছিল। তেজেৰে লুতুৰী পুতুৰী অৱস্থাত পৰি থকাৰ পাছত তেওঁলোকক হস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যুক সাৱতি লয়।

ঘটনা সন্দৰ্ভত কিশোৰী আৰু ৩ কিশোৰক আটক কৰে আৰক্ষীয়ে।আৰক্ষীয়ে জনোৱা অনুসৰি  ছোৱালীজনীয়ে তাইৰ বন্ধু বৰ্গক নিশা প্ৰায় ১১.৩০ বজাত মাতিছিল লগতে আছিল সেই দুই ভুক্তভোগীও। তাৰ পাছতেই ৪ অভিযুক্তই হত্যা কৰিছিল দুয়োকে।

crime delhi murder delhi police