/asomiyapratidin/media/media_files/2025/05/17/0KHcm8xasMI9a56pyanN.jpg)
ডিজিটেল ডেস্কঃ দিল্লীত দুভাগত বিভক্ত হ’ল আপ! দিল্লীৰ আম আদমি পাৰ্টীৰ নেত্ৰী হিমানী জৈনে জনোৱা অনুসৰি তেওঁলোকৰ এটা বৃহৎ দলে আপৰ পৰা পদত্যাগ কৰিছে আৰু নতুন ৰাজনৈতিক দল গঠন কৰিছে।
হিমানী জৈনে দাবী কৰা অনুসৰি তেওঁৰ সৈতে মুঠ ১৫ গৰাকী কাউন্সিলাৰে দলটোৰ পৰা পদত্যাগ কৰি এক নতুন ৰাজনৈতিক দলৰ জন্ম দিছে। এই নতুন ৰাজনৈতিক দলটোৰ নাম ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী।
হিমানী জৈনে এ এন আইৰ আগত দাবী কৰিছে বৰ্তমান তেওঁলোক ১৫ গৰাকী কাউন্সিলৰালে দল ত্যাগ কৰি নতুন দল গঠন কৰিছে যদিও আগন্তুক সময়ত আন কেইবাজনো কাউন্সিলাৰে আপ ত্যাগ কৰি এই দলত যোগদান কৰিব।
দিল্লীৰ বিকাশ নগৰৰ পৌৰনিগমৰ সদস্য অশোক পাণ্ডেই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, তেওঁ আপৰ পৰা পদত্যাগ কৰিছে আৰু নতুন দলটোত যোগদান কৰিছে। তেওঁ কয় যে আমাৰ বাবে জাবৰ সংগ্ৰহৰ পৰা আৰম্ভ কৰি লাইট লগোৱালৈকে আৰু নলা নিৰ্মাণৰ পৰা নলা পৰিষ্কাৰ কৰালৈকে সকলোতে যাতে কাম কৰিব পাৰি তাৰ বাবে কোনো ব্যৱস্থা নাই।
তেওঁ কয়, "আমি বহুবাৰ আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতালৈ চিঠি লিখিছো কিন্তু পুঁজি নাই। গতিকে আমি দল এৰিছো। এতিয়া আৰু অধিক লোকে আমাৰ লগত যোগ দিব আৰু তাৰ পিছত প্ৰয়োজন হ'লে একেলগে আমি ৰাজ্যপালৰ ওচৰলৈ যাম।"
নতুন দল গঠনৰ সন্দৰ্ভত তথ্য দি হিমানী জৈনে কয়, "যোৱা ডেৰ-দুবছৰত নিগমত যি কাম কৰিব লাগিছিল সেয়া সম্পূৰ্ণ হোৱা নাছিল। আমি ক্ষমতাত আছিলো কিন্তু তথাপিও কাম সম্পূৰ্ণ হোৱা নাছিল। কাৰণ যদি আমাৰ মন কেৱল যুঁজতে থাকে তেন্তে আমি কেনেকৈ দিল্লীবাসীৰ বাবে কাম কৰিম।"
তেওঁ কয়, "সেইবাবেই আমি এটা নতুন দল গঠন কৰিছো, যাৰ মতাদৰ্শ হৈছে আমি দিল্লীৰ জনসাধাৰণৰ বাবে কাম কৰিব লাগিব। আমি সেই দলটোকে সমৰ্থন কৰিম যিয়ে দিল্লীৰ স্বাৰ্থত কাম কৰিব।" এই বাৰ্তাৰে তেওঁ দিল্লীৰ বৰ্তমানৰ বিজেপি চৰকাৰক সমৰ্থন দিয়াৰেই যে ইংগিত প্ৰদান কৰিছে সেয়া স্পষ্ট হৈছে।