প্ৰেমিকৰ লগত অসংযত অৱস্থাত দেখা বাবেই কিশোৰীয়ে হত্যা কৰিলে ৯ বছৰীয়া ভগ্নীক

১৩ বছৰীয়া কিশোৰীয়ে প্ৰেমিক আৰু খুড়ীয়েকৰ সৈতে মিলি হত্যা কৰিলে নিজৰ ৯ বছৰীয়া ভগ্নীক

author-image
Asomiya Pratidin
New Update
প্ৰেমিকৰ লগত অসংযত অৱস্থাত দেখা বাবেই কিশোৰীয়ে হত্যা কৰিলে ৯ বছৰীয়া ভগ্নীক

ডিজিটেল ডেস্কঃ ১৩ বছৰীয়া কিশোৰীয়ে প্ৰেমিক আৰু খুড়ীয়েকৰ সৈতে মিলি হত্যা কৰিলে নিজৰ ৯ বছৰীয়া ভগ্নীক।কেৱল ইমানেই নহয়, মৃতদেহটো যাতে চিনাক্ত নহয়, তাৰ বাবে এচিডেৰে মুখ জ্বলাই দিয়াৰ লগতে আঙুলি কাটি পেলায়। বৃহস্পতিবাৰে আৰক্ষীয়ে জনাই এই কথা।

Advertisment

এই ঘটনা সংঘটিত হৈছে বিহাৰৰ বৈশালী জিলাত। আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত কিশোৰী গৰাকী আৰু আন দুজনক গ্ৰেপ্তাৰ কৰিছে। কিশোৰী গৰাকীক বালিকা সুধাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে আন দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

বৃহস্পতিবাৰে এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে, ঘটনাতো ১৫ মে'ত হৰপ্ৰসাদ গাঁৱত সংঘটিত হৈছিল। সেই সময়ত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোক কোনো আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ গৈছিল।

পৰিয়ালৰ লোক ঘূৰি আহিয়েই যেতিয়া ৯ বছৰীয়া শিশুটিক বিচাৰি পোৱা নাছিল তেতিয়া আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীয়ে ১৯ মে'ত তেওঁলোকৰ ঘৰৰ পিছফালৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে যেতিয়া অভিযুক্তক জেৰা চলাইছিল তেতিয়া স্বীকাৰ কৰিছিল যে তেওঁ ১৮ বছৰীয়া প্ৰেমিকৰ সৈতে মিলি তেওঁ হত্যা কৰিছিল। কিয়নো শিশুটিয়ে তেওঁলোকক অসংযত অৱস্থাত দেখিছিল। তেওঁলোকে ভাৱিছিল যে শিশুটিয়ে এই কথা পিতৃ-মাতৃক কৈ দিব।

প্ৰথমে তেওঁলোকে শিশুটিক হত্যা কৰি বাকচৰ ভিতৰত ভৰাই ঘৰত থৈ দিছিল। কিন্তু যেতিয়া গোন্ধ ওলোৱা আৰম্ভ হৈছিল তেতিয়া তেওঁলোকে শিশুটিৰ মুখত এচিড ঢালি আঙুলি কাটি দিছিল। পিছত মৃতদেহটো তেওঁলোকে ঘৰৰ পিছফালে পেলাই দিছিল। ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ ৩৫ বছৰীয়া খুড়ীয়েককো গ্ৰেপ্তাৰ কৰিছে।

Also Read: মুখ্যমন্ত্ৰী মহোদয়, এইবোৰ দুৰ্নীতি হয় নে নহয়?

crime bihar