চৰবৎ জেহাদৰ কথা কৈ ন্যায়ালয়ত ধমক খালে ৰামদেৱেঃ আঁতৰালে বিতৰ্কিত ভিডিঅ'

চৰবৎ জেহাদৰ মন্তব্যৰ বাবে আদালতত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল যোগগুৰু ৰামদেৱ। দিল্লী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এক গোচৰৰ শুনানি গ্ৰহণ কৰি আজি ৰামদেৱক ধমক দিয়ে ন্যায়ালয়ে।

author-image
Tushar Pratim
New Update
চৰবৎ জেহাদৰ কথা কৈ ন্যায়ালয়ত ধমক খালে ৰামদেৱেঃ আঁতৰালে বিতৰ্কিত ভিডিঅ'

ডিজিটেল ডেস্কঃ চৰবৎ জেহাদৰ মন্তব্যৰ বাবে পুনৰ আদালতত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল যোগগুৰু ৰামদেৱ। উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰামদেৱে দাবী কৰিছিল ভাৰতৰ জনপ্ৰিয় চৰবৎ কোম্পানী ৰুহ আফজাই চৰবৎ বিক্ৰী কৰি পোৱা ধনেৰে মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণ কৰে। 

Advertisment

এই ঘটনাক ৰামদেৱে ‘চৰবৎ জেহাদ’ বুলি অভিহিত কৰিছিল। ৰামদেৱৰ সেই মন্তব্যক তীব্ৰ সমালোচনা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ কয়, যোগগুৰুৰ এই মন্তব্যই বিবেকক আঘাত কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ তীব্ৰ তিৰস্কাৰ আৰু সমালোচনাৰ পিছত অৱশ্যে সেই ভিডিঅ’ আঁতৰাই দিয়া হ’ব বুলি ৰামদেৱৰ অধিবক্তাই জানিবলৈ দিয়ে আদালতক।

স্মৰ্তব্য, চলিত মাহতে ৰামদেৱে পতঞ্জলিৰ নিজা চৰবৎৰ প্ৰচাৰৰ বাবে এটা ভিডিঅ’ তৈয়াৰ কৰিছিল।বিতৰ্কিত সেই ভিডিঅ'টো 'পতঞ্জলি প্ৰডাক্টছ'-এ তেওঁলোকৰ  ফেচবুক হেণ্ডেলত আপলোড কৰি কেপচনত লিখিছিল 'চৰবৎ জেহাদ'ৰ নামত বিক্ৰী হোৱা শীতল পানীয় আৰু শৌচাগাৰ চাফাইৰ বিষৰ পৰা আপোনাৰ পৰিয়াল আৰু নিৰীহ শিশুক ৰক্ষা কৰক। কেৱল পতঞ্জলিৰ চৰবৎ আৰু ৰস ঘৰলৈ লৈ আনক।" 

ভিডিঅ’টোত ৰামদেৱে বৰ্তমান বজাৰত উপলব্ধ শীতল পানীয়ক আপত্তিজনক ভাষাত সমালোচনা কৰিছে। তেওঁ কয় যে গৰমৰ তীব্ৰ প্ৰবাহত বহুতে বিষাক্ত শীতল পানীয় সেৱন কৰে, যিবোৰ টয়লেট ক্লিনাৰৰ সমতুল্য। আন এটা গোটেও চৰবৎ বিক্ৰী কৰি আছে, তেওঁলোকৰ লক্ষ্য সেই ধন মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণত ব্যৱহাৰ কৰা।

কাৰো নাম উল্লেখ নকৰিলেও ৰামদেৱৰ এই বাক্যবাণ ৰুব আফজাইলৈয়ে যে আছিল সেয়া স্পষ্ট হৈ আছিল। এই প্ৰসংগতেই তেওঁ ‘চৰবৎ জেহাদ’ শব্দটো ব্যৱহাৰ কৰিছিল। ৰামদেৱৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে দেশজুৰি তেওঁক গৰিহণা দিয়া হৈছিল। 

ৰুহ আফজাৰ কৰ্তৃপক্ষই ৰামদেৱৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰে। মঙলবাৰে গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ অমিত বংশালে এনে কাৰ্যৰ বাবে ৰামদেৱক ধমক দিয়ে। উচ্চ ন্যায়ালয়ৰ মতে, ৰামদেৱৰ মন্তব্যৰ সমৰ্থনত কোনো যুক্তি দিব নোৱাৰি। 

এনে মন্তব্যই আদালতৰ বিবেক আৰু নৈতিকতাক ক্ষুন্ন কৰে। অৱশ্যে উচ্চ ন্যায়ালয়ত এইদৰে ধমক খোৱাৰ এঘণ্টাৰ ভিতৰতে ৰামদেৱৰ অধিবক্তাই বিতৰ্কিত বিজ্ঞাপনৰ ভিডিঅ’টো আঁতৰাই দিয়া হ’ব বুলি কয়। অৱশ্যে এই গোচৰত এতিয়াও আদালতে কোনো নিৰ্দেশ দিয়া নাই।

দিল্লী উচ্চ ন্যায়ালয় পতঞ্জলি ৰামদেৱ