/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/08ac9a54-0b01-4a39-bcae-f8f4151b589c/kejriwal_4.jpg)
কেজৰিৱালেই হৈ থাকিব দিল্লীৰ মুখ্যমন্ত্ৰীঃ ন্যায়ালয়ে ক'লে- গণতন্ত্ৰক নিজৰ পথ ল'বলৈ দিয়ক...
ডিজিটেল ডেস্কঃ সুৰা নীতি কেলেংকাৰীত ইডিৰ হাতত গ্ৰেপ্তাৰ হৈ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱাললৈ দিল্লী উচ্চ ন্যায়ালয়ৰ সকাহ। কাৰাগাৰৰ পৰাই কেজৰিৱালে পালন কৰিব পাৰিব দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব।
উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰাৰ দাবীৰে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল হিন্দু সেনা নামৰ এক সংগঠনৰ নেতা বিষ্ণু গুপ্তাই। বৃহস্পতিবাৰে সেই আৱেদন খাৰিজ কৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহনৰ নেতৃত্বাধীন বেঞ্চে।
ইয়াৰ সৈতে মুঠ ৩ বাৰ কেজৰিৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰাৰ দাবীৰে দাখিল কৰা আৱেদন খাৰিজ কিৰলে ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত কয়, তেওঁ (অৰবিন্দ কেজৰিৱাল) মুখ্যমন্ত্ৰী হৈ থাকিব নে নাই সেয়া তেওঁৰ বিষয়। গণতন্ত্ৰক নিজৰ পথ ল'বলৈ দিয়ক।
উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিগত দেওঁবাৰে দিল্লীত এক সমাবেশত INDIA একগোট হৈছিল। এই সমাবেশত জনসমাগম সাগৰ সম হৈ পৰিছিল। ইয়াৰ ঠিক এদিন পিছতে সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীজন ইডিৰ জিম্মাত থকা ম্যাদ অন্ত পৰে। সেইদিনাই তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।
ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱালৰ পত্নীয়ে বিজেপিক আক্ৰমণ কৰি কয়, কিয় অৰবিন্দ কেজৰিৱালক কাৰাগাৰলৈ পঠিওৱা হ'ল? বিজেপিৰ এটাই লক্ষ্য, লোকসভা নিৰ্বাচনৰ সময়ত তেওঁক কাৰাগাৰৰ ভিতৰত ৰখা। লগতে তেওঁ কয়, দেশৰ জনতাই এই স্বৈৰাচাৰীতাৰ বিৰুদ্ধে উত্তৰ দিব।
Also Read: নিবনুৱা সমস্যাৰ ভয়ংকৰ পৰিস্থিতিঃ IIT ৰ শিক্ষাৰ্থীৰে নাই চাকৰি, আন শিক্ষাৰ্থীৰ কি অৱস্থা?