/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/66e0ed2f-d931-4082-aa73-b1eb211a8589/delhi_29.jpg)
জল সংকটত ভোগা দিল্লী জলমগ্নঃ এই পৰ্যন্ত ৬ জনৰ মৃত্যু...
ডিজিটেল ডেস্কঃ মাত্ৰ কেইটামান দিনৰ আগলৈকে পানীৰ সংকটত ত্ৰাহি মধুসূদন দেখা দিল্লীয়ে এতিয়া বানপানীৰ কবলত পৰি ককবকাই থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৮৮ বছৰীয়া ৰেকৰ্ড ভংগ কৰি হোৱা বৰষুণৰ ফলত এতিয়া বানপানীৰ কবলত আছে দিল্লী।
সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈছে ৰাজধানী চহৰখন। প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা কেইবাটাও দুৰ্ঘটনাত ইতিমধ্যে ৬ জনকৈ লোকৰ মৃত্যু হৈছে। তাৰ মাজত আছে দুটি শিশুও।
জানিব পৰা মতে প্ৰচণ্ড বৃষ্টিপাতৰ ফলত আনন্দ বিহাৰত নিৰ্মীয়মান এখন দেৱাল ভাঙি পৰিছে। দেৱালখনৰ হেঁচাত ৩ জনকৈ শ্ৰমিকৰ মৃত্যু হৈছে। আজি পুৱা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে।
This is the corner just outside my home in Lutyens’ Delhi. Woke up to find my entire home under a foot of water — every room. Carpets and furniture, indeed anything on the ground, ruined. Apparently the storm water drains in the neighbourhood are all clogged so the water had no… pic.twitter.com/mublEqiGqG
— Shashi Tharoor (@ShashiTharoor) June 28, 2024
শুকুৰবাৰে বিয়লি নতুন দিল্লীৰ উছমান অঞ্চলত পানীত ডুবি ১০ বছৰীয়া দুই শিশুৰ মৃত্যু হৈছে। একে সময়তে আকৌ ছালিমাৰ বাগ অঞ্চলত পানী ভৰ্তি 'আণ্ডাৰপাছ'ৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত এজন ব্যক্তিৰ মৃত্যু হৈছে।
কিষাণগঞ্জ অঞ্চলত আকৌ আণ্ডাৰপাছত পানীৰ মাজতে আবদ্ধ হৈ পৰে এখন বাছ। বাছখনৰ ভিতৰত আবদ্ধ হৈ ৰয় বহু যাত্ৰী। অৱশ্যে এই যাত্ৰীসকলক স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰীয়ে সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এইসমূহ দুৰ্ঘটনাৰ উপৰিও প্ৰৱল বৰষুণৰ বাবেই বিস্তৃৰ্ণ অঞ্চলত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে। বহু অঞ্চলত খোৱা পানীৰ যোগান বন্ধ হৈ পৰিছে। বহু স্থানত গছ বাগৰি পৰাৰ ফলত বহু বাহন ক্ষতিগ্ৰস্ত হৈছে। বহু আৱাসগৃহত পানী সোমাইছে। তেনে আবাসগৃহত উদ্ধাৰকাৰীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
Good morning, Delhi. Feels like Venice. Gondolas Missing 🫣
Also…missed my flight thanks to 120 min jam on the ring-road. pic.twitter.com/JV3liOkIRD— Aakash Chopra (@cricketaakash) June 28, 2024
উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত দিল্লীত ২২৮.১ মিলিমিটাৰ বৰষুণ হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি শনিবাৰে দ্বাৰকা, পালাম, বসন্ত বিহাৰ, বসন্ত কুঞ্জ, গুৰগাওঁ, ফৰিদাবাদ, মানেছাৰ আৰু দিল্লী এন চি আৰৰ কিছু অংশত পুনৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। পৰিস্থিতি ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ২৪ ঘণ্টাই পৰ্যবেক্ষণৰ ব্যৱস্থা কৰিছে দিল্লী চৰকাৰে।
Pahadganj, Delhi... She used to sell clay products on the footpath, and lost everything due to waterlogging... 💔 pic.twitter.com/MPQalDsqiq
— Mr Sinha (@MrSinha_) June 28, 2024
Also Read: মঙলদৈত অসম ভিত্তিত অসমীয়া গীতৰ প্ৰতিযোগিতাঃ হেমন্ত দত্তক প্রদান কৰিব 'সংগীত জ্যোতি' সন্মান...