/asomiyapratidin/media/media_files/2025/02/08/ly5mpcQuRCe9XnZVTuCt.jpg)
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ ক্ষমতা দখল প্ৰায় নিশ্চিত হোৱাৰ দিশে। দিনৰ ১২ বজালৈকে দলটোৱে মুঠ ৭০ খন আসনৰ ভিতৰত ৪৬ খন আসনতেই আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে আপ আগবাঢ়িছে মাত্ৰ ২৪ খন আসনত। এনে পৰিস্থিতিত এতিয়া আপৰ পৰাজয়ৰ আঁৰৰ কাৰণ বহুতেই বহু ধৰণে ব্যাখ্যা কৰিছে।
দিল্লীত আপৰ ছন্দ পতনৰ এনে অৱস্থাত বিভিন্ন ৰাজনৈতিক নেতাই বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আৰু যুঁজ লাগা নিজৰ মাজত। তেওঁ এক্সত এটা GIF আপলোড কৰি কেপচন লিখিছে- আৰু যুঁজ লাগা নিজৰ মাজত।
সেইদৰে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বিজেপিৰ পৰাজয় নিশ্চিত আছিল। তেওঁ কয়, 'ফলাফলৰ প্ৰাৰম্ভিক প্ৰৱণতাই এক কঠিন প্ৰতিযোগিতা দেখুৱাইছে। যদি কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে একেলগে নিৰ্বাচনত যুঁজিলেহেঁতেন, ফলাফল বেলেগ হ'ল হয়। কংগ্ৰেছ আৰু আপ দুয়োৰে বিৰোধী দল হৈছে বিজেপি। দুয়োদলে বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ যুঁজ দিছল। কিন্তু তেওঁলোকে পৃথকে যুঁজ দিলে। যদি দুয়োটা দল একেলগে থাকিলে হয় তেন্তে দিল্লীত বিজেপিৰ পৰাজয় নিশ্চিত আছিল।
বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে দিল্লী নিৰ্বাচনৰ প্ৰৱণতা সন্দৰ্ভত মন্তব্য কৰি কয়, 'আমি এতিয়াও চূড়ান্ত ফলাফলৰ বাবে অপেক্ষা কৰি আছো। আমি বিশ্বাস কৰোঁ যে চূড়ান্ত ফলাফল আৰু ভাল হ'ব। ফলাফলৰ এই ট্ৰেণ্ডে দেখুৱায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিশ্ৰুতিৰ ওপৰত জনসাধাৰণৰ বিশ্বাস আছে। এইবোৰ আমাৰ বাবে ইতিবাচক ফলাফল।
ইফালে অৰবিন্দ কেজৰিৱালৰ সামাজিক জীৱনৰ গুৰু আন্না হাজাৰেয়ে দিল্লী নিৰ্বাচনৰ ফলাফল ট্ৰেণ্ডৰ সন্দৰ্ভত কয়, 'মই দীৰ্ঘদিন ধৰি কৈ আহিছো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ চৰিত্ৰ ভাল হ'ব লাগে, আৰু তেওঁলোকৰ নিষ্কলঙ্ক প্ৰতিচ্ছবি থাকিব লাগে, কিন্তু অৰবিন্দ কেজৰিৱালে সেই প্ৰতিচ্ছবি ধৰি ৰাখিব নোৱাৰিলে। তেওঁলোক সুৰা আৰু ধনৰ ফান্দত ধৰা পৰিল। তেওঁলোকৰ ভাবমূৰ্তি কলুষিত হৈছে, সেয়ে তেওঁলোকে কম ভোট লাভ কৰিছে।