দিল্লীত বিজেপিয়ে অতিক্ৰম কৰিলে সংখ্যাগৰিষ্ঠতা...

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ১০ বজালৈকে বিজেপিয়ে দিল্লীৰ ৭০ খন আসনৰ ভিতৰত দিল্লীত ৪১ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে আপে ২৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
দিল্লীত বিজেপিয়ে অতিক্ৰম কৰিলে সংখ্যাগৰিষ্ঠতা...

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ১০ বজালৈকে বিজেপিয়ে দিল্লীত ৪১ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে আপে ২৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। 

Advertisment

মন কৰিবলগীয়া যে, ৭০ খন আসনৰ দিল্লী বিধানসভাত ক্ষমতা দখলৰ বাবে প্ৰয়োজন ৩৬ খন আসনৰ। অৱশ্যে বিজেপিয়ে ৪১ খন আসনত অগ্ৰগতি লাভ কৰিলেও সময়ে সময়ে সলনি হৈছে নিৰ্বাচনী দৃশ্যপট।

তৃতীয় ৰাউণ্ডৰ অন্তত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। কিছু সময়ৰ আগলৈকে আপৰ তিনি মহাৰথী অৰবিন্দ কেজৰিৱাল, মনিষ চিছোদিয়া আৰু আতিশী পিছ পৰি আছিল। সময় বাগৰাৰ লগে লগে তিনিওগৰাকী আগবাঢ়িবলৈ সক্ষম হৈছে।

আপৰ যি ২৮ গৰাকী প্ৰাৰ্থী আগবাঢ়িছে তেওঁলোকৰ ভিতৰত চাৰি গৰাকী প্ৰাৰ্থীৰ ব্যৱধান ৪০০ ত কৈ কম। মাদিপুৰ সমষ্টিত ৰাখি বিৰলাই মাত্ৰ ৪২ টা ভোটতহে আগবাঢ়ি আছে।

সেইদৰে বিজেপিৰে যি ৪১ গৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে দিল্লী কাণ্ট সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূৱন টানৱাৰ মাত্ৰ ৩০৩ টা ভোটত আগবাঢ়িছে। প্ৰায় ১০০০ ভোটত আগবাঢ়ি থকা বিজেপি প্ৰাৰ্থীৰ সংখ্যা প্ৰায় ৫ জন।

দিল্লী বিধানসভা নিৰ্বাচন