৯ঃ৩০ বজালৈ দিল্লীত কোন ক'ত আগবাঢ়ি আছে? চাওক সবিশেষ...

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ পিছ পৰি আছে। আপৰ মুৰব্বীগৰাকী প্ৰায় ১৫০০ ভোটত পিছ পৰি আছে। 

author-image
Asomiya Pratidin
New Update
৯ঃ৩০ বজালৈ দিল্লীত কোন ক'ত আগবাঢ়ি আছে? চাওক সবিশেষ...

ডিজিটেল ডেস্কঃ আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হাতত পিছ পৰি আছে। পুৱা ৯-৩০ বজাৰ তথ্য অনুসৰি আপৰ মুৰব্বীগৰাকী প্ৰায় ১৫০০ ভোটত পিছ পৰি আছে। 

Advertisment

ইয়াৰ বিপৰীতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়া ১৪০০ ভোটত আগবাঢ়ি আছে।  অৱশ্যে পিছ পৰি আছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী। এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিধুৰী আগবাঢ়ি আছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি নেৰেলা সমষ্টি, ৰিথালা, বাৱানা, কিৰাৰি, মংগল পুৰি, ছালিমাৰ বাঘ, ত্ৰিনগৰ, বল্লিমৰাণ, মাদিপুৰ, ৰাজৌৰী গাৰ্ডেন, হৰি নগৰ, দ্বাৰকা, মাটিয়ালাল, নজফগড়, পলম, দিল্লী কেণ্ট,  নতুন দিল্লী, কস্তুৰবা নগৰ,  আৰ কে পুৰম,  চট্টৰপুৰ, সংগম বিহাৰ, কন্দলি, বিশ্বাস নগৰ, শ্বাহদাৰা, ছিলমপুৰ, ঘণ্ডা, মোষ্টাফাবাদ আৰু কাৰাৱাল নগৰত বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে।

সেইদৰে আন ১৩ টা সমষ্টিত আগবাঢ়ি আছে আপৰ প্ৰাৰ্থী।  অৱশ্যে কেইবাটাও সমষ্টিত শীঘ্ৰেই পট পৰিবৰ্তন হোৱাৰ সম্ভাৱনা অধিক। বহু কেইটাত সমষ্টিত বিজেপি আৰু আপৰ প্ৰাৰ্থীৰ মাজৰ অগ্ৰগতিৰ ব্যৱধান বহু কম।   

দিল্লী বিধানসভা নিৰ্বাচন