/asomiyapratidin/media/media_files/2025/02/08/PjJ6KHFjuukyVEzqmaEK.jpg)
ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। শাসকীয় আম আদমি পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ আশাত বন্দী হোৱাৰ বিপৰীতে বিজেপিয়েও দিল্লীৰ ক্ষমতা দখলৰ সপোন দেখিছে। এক্সিত পোলেও দিল্লীত এইবাৰ গেৰুৱা দলৰে চৰকাৰ হোৱাৰ ইংগিত দিছে।
৭০ খন আসনৰ দিল্লী বিধানসভা নিৰ্বাচনত এইবাৰ মুঠ ৬৯৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। এই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় কৰিলে ১.৫০কোটি ভোটাৰে।
দিল্লী নিৰ্বাচনত এইবাৰ মুঠ ৫টা দলে প্ৰাৰ্থী থিয় কৰাইছে। আম আদমী পাৰ্টি আৰু কংগ্ৰেছে ৭০টা সমষ্টিতে প্ৰাৰ্থিত্ব দিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ৬৮টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিয়ে বাকী দুটা সমষ্টি এৰি দিছে সহযোগী দল জে ডি ইউ আৰু এল জে পি আৰক।
ইফালে মহাৰাষ্ট্ৰত বিজেপিৰ সৈতে চৰকাৰ গঠন কৰা ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি তথা এন চি পিয়ে দিল্লীৰ ৩০টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে গোটে সকলো সমষ্টিতে বিজেপিক সমৰ্থন কৰিছে।
উল্লেখ্য যে দিল্লীত ক্ষমতা দখলৰ বাবে প্ৰয়োজন মেজিক নম্বৰ ৩৬। যিটো দলেই অতি কমেও ৩৬ খন আসন লাভ কৰিব বা তাতকৈ অধিক আসন লাভ কৰিব সেই দলেই চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিব।
-
Feb 08, 2025 19:44 IST
উত্তম নগৰ,বিকাশপুৰী,বিশ্ব নগৰত বিজেপিৰ বৃহৎ জয়...
দিল্লীত অপ্ৰতিৰুদ্ধ ভাৰতীয় জনতা পাৰ্টী। উত্তম নগৰত আপৰ পোছ বাল্যানৰ বিৰুদ্ধে ২৯,৭৪০ ভোটত বিজেপিৰ পৱন শৰ্মাৰ জয় লাভ। বিকাশপুৰীত আপৰ মহিন্দৰ যাদৱৰ বিৰুদ্ধে বিজেপিৰ পংকজ কুমাৰ সিঙে ১২,৮৭৬টা ভোটত জয়লাভ কৰে। সমান্তৰালকৈ বিশ্ব নগৰ আৰু ৱাজিৰপুৰ সমষ্টিতো ওম প্ৰকাশ শৰ্মাই আপৰ দীপক সিংঘালক ২৫,০৪২ ভোটত পৰাস্ত কৰা লগতে বিজেপিৰ পুনম শৰ্মাই ৰাজেশ গুপ্তাক ১১,৪২৫টা ভোটত পৰাস্ত কৰে।
-
Feb 08, 2025 15:43 IST
দিল্লীত পুনৰ ক্ষমতালৈ উভতিবলৈ সাজু বিজেপি...
২৭ বছৰৰ পিছত দিল্লীত পুনৰ ক্ষমতালৈ উভতিবলৈ সাজু হৈছে বিজেপিয়ে। ৭০খন আসনৰ ভিতৰত ৪৮ খন আসনতেই আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টী। ইয়াৰ বিপৰীতে মাত্ৰ ২২খন আসনেৰে পৰাজয়ৰ পথত আম আদমী পাৰ্টী।
-
Feb 08, 2025 11:49 IST
দিল্লীত বিজেপি কৰ্মীয়ে পালন কৰিলে আৱতৰীয়া দেৱালী
দিল্লী বিধানসভা দখলৰ দিশে বিজেপি। ৭০ খন আসনৰ ভিতৰত ৪৫ খন আসনতেই বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। ফলত দিল্লীত আৱতৰীয়া দিপাৱলী পালন কৰিছে বিজেপি কৰ্মীয়ে।
#WATCH | BJP workers celebrate with firecrackers as the party takes the lead on 45 seats in Delhi assembly elections pic.twitter.com/OmHaikge6b
— ANI (@ANI) February 8, 2025 -
Feb 08, 2025 10:35 IST
দিল্লীত বিজেপিয়ে অতিক্ৰম কৰিলে সংখ্যাগৰিষ্ঠতা...
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ১০ বজালৈকে বিজেপিয়ে দিল্লীত ৪১ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে আপে ২৮ খন আসনত অগ্ৰগতি লাভ কৰিছে।
মন কৰিবলগীয়া যে, ৭০ খন আসনৰ দিল্লী বিধানসভাত ক্ষমতা দখলৰ বাবে প্ৰয়োজন ৩৬ খন আসনৰ। অৱশ্যে বিজেপিয়ে ৪১ খন আসনত অগ্ৰগতি লাভ কৰিলেও সময়ে সময়ে সলনি হৈছে নিৰ্বাচনী দৃশ্যপট।
তৃতীয় ৰাউণ্ডৰ অন্তত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। কিছু সময়ৰ আগলৈকে আপৰ তিনি মহাৰথী অৰবিন্দ কেজৰিৱাল, মনিষ চিছোদিয়া আৰু আতিশী পিছ পৰি আছিল। সময় বাগৰাৰ লগে লগে তিনিওগৰাকী আগবাঢ়িবলৈ সক্ষম হৈছে।
আপৰ যি ২৮ গৰাকী প্ৰাৰ্থী আগবাঢ়িছে তেওঁলোকৰ ভিতৰত চাৰি গৰাকী প্ৰাৰ্থীৰ ব্যৱধান ৪০০ ত কৈ কম। মাদিপুৰ সমষ্টিত ৰাখি বিৰলাই মাত্ৰ ৪২ টা ভোটতহে আগবাঢ়ি আছে।
সেইদৰে বিজেপিৰে যি ৪১ গৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে দিল্লী কাণ্ট সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূৱন টানৱাৰ মাত্ৰ ৩০৩ টা ভোটত আগবাঢ়িছে। প্ৰায় ১০০০ ভোটত আগবাঢ়ি থকা বিজেপি প্ৰাৰ্থীৰ সংখ্যা প্ৰায় ৫ জন।
-
Feb 08, 2025 10:18 IST
কোনো মতে আগবাঢ়িল অৰবিন্দ কেজৰিৱাল...
অৱশেষত আগবাঢ়িল অৰবিন্দ কেজৰিৱাল। নতুন দিল্লী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি অৰবিন্দ কেজৰিৱাল ভোট গণনাৰ আৰম্ভণিৰে পৰা পিছ পৰি আছিল যদিও অৱশেষত তেওঁ কিছু অগ্ৰগতি ল’বলৈ সক্ষম হৈছে।
৯-৫০ বজাৰ নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি কেজৰিৱালে মুঠ ৪৬৭৯ টা ভোট লাভ কৰিছে। তেওঁ নিকটতম প্ৰতিদ্বন্দি বিজেপিৰ প্ৰাৰ্থী প্ৰৱেশ ছাহিব সিঙতকৈ ২৫৪ টা ভোট অধিক লাভ কৰিছে। তাৰোপৰি সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দিক্ষীতে লাভ কৰিছে ৭৪২ টা ভোট।
উল্লেখ্য যে, এই সমষ্টিটোত মুঠ ২৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰ ভিতৰত তিনিজন প্ৰাৰ্থীয়ে এই পৰ্যন্ত এটাও ভোট লাভ কৰা নাই। দুজন প্ৰাৰ্থীয়ে লাভ কৰিছে ১ টাকৈ ভোট। চাৰিজন প্ৰাৰ্থীয়ে লাভ কৰিছে ২ টাকৈ ভোট। ৩ টাকৈ ভোট লাভ কৰিছে আন ৩ জন প্ৰাৰ্থীয়ে।
দ্বিতীয় ৰাউণ্ডৰ অন্তত সমষ্টিটোত মুঠ ১৮ গৰাকী প্ৰাৰ্থীয়ে দহকৰ ঘৰত ভোট লাভ কৰা নাই। ইয়াৰ বিপৰীতে নোটাত পৰিছে ৫৯ টা ভোট।
-
Feb 08, 2025 09:27 IST
নিৰ্বাচন আয়োগৰ তথ্যত বিজেপিৰ ১৯ খন আসনত অগ্ৰগতি
৮ বজাৰ পৰা আৰম্ভ হোৱা দিল্লী নিৰ্বাচনৰ ভোটগণনা অনুসৰি প্ৰথম প্ৰায় ডেৰ ঘণ্টাত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি। দিল্লীৰ মুঠ ৭০ খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে ১৯ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে ৫ খন আসনত আগবাঢ়ি আছে আম আদমি পাৰ্টি।
অগ্ৰগতি লাভ কৰা বিজেপিৰ প্ৰাৰ্থীসকল অগ্ৰগতি লাভ কৰা আপৰ প্ৰাৰ্থীসকল -
Feb 08, 2025 09:16 IST
পুৱা ৯ বজালৈকে দিল্লী নিৰ্বাচনৰ দৃশ্যপট
পুৱা ৯ বজালৈকে দিল্লীৰ নিৰ্বাচনৰ ভোটগণনা অনুসৰি বিজেপিৰ অগ্ৰগতি ৪২ খন আসনত। আপৰ অগ্ৰগতি ২৮ খন আসনত। কংগ্ৰেছ আগবাঢ়িছে এখনত।
ইয়াৰ বিপৰীতে নিৰ্বাচন আয়োগৰ মতে বিজেপি ৬ খনত আপৰ ২ খনত অগ্ৰগতি।
-
Feb 08, 2025 08:39 IST
পাছ পৰি আছে আপৰ তিনি মহাৰথী
পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাত আৰম্ভণিতে বিজেপি শিবিৰলৈ আশাৰ খবৰ কঢ়িয়াই আনিছে। দলটোৱে ১৮ খনকৈ আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে শাসকীয় আপ আগবাঢ়ি আছে ৮ খন আসনত।
আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, মুখ্যমন্ত্ৰী আতিশী আৰু মনিষ চিছোদিয়া পাছ পৰি আছে। আপৰ এই তিনিও মহাৰথী পাছ পৰি থকা বিষয়টোৱে নিৰ্বাচনৰ ফলাফলৰ গতিক লৈ নতুন চিন্তাৰ বাট মুকলি কৰিছে।
-
Feb 08, 2025 08:19 IST
আৰম্ভ হ'ল ভোট গণনা: আৰম্ভণিতেই আগবাঢ়িল বিজেপি
নিৰ্ধাৰিত সময় অনুসৰিয়েই আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাত আৰম্ভ হোৱা ভোটগণনাত প্ৰথমে পোষ্টেল বেলটৰ ভোট গণনা কৰা হৈছে। ইয়াৰ পাছতহে ইভিএমৰ ভোট গণনা কৰা হ'ব।
পোষ্টেল বেলটৰ গণনা অনুসৰি বিজেপিয়ে ১০ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে শাসকীয় আপে ৪ খন আসনত অগ্ৰগতি লাভ কৰিছে।
-
Feb 08, 2025 08:11 IST
এক্সিট পোলে দিলে বিজেপিক ভাল খবৰ
এগজিত প’লৰ সমীক্ষা অনুসৰি দিল্লীত ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমতা দখল কৰিব। পিপুলছ পালছ এণ্ড প’ডেমৰ সমীক্ষা অনুসৰি এইবাৰ নিৰ্বাচনত দিল্লীত বিজেপিয়ে লাভ কৰিব ৫১ ৰ পৰা ৬০খন আসন। তাৰ বিপৰীতে আপে লাভ কৰিব ১০ৰ পৰা ১৯ খন আসন।
একেদৰে আন এটি সংস্থা মেট্ৰিজৰ মতে বিজেপিয়ে লাভ কৰিব ৩৫ৰ পৰা ৪০খন আসন। আপৰো জয়ৰ সম্ভাৱনা দেখা মেট্ৰিজৰ সমীক্ষা অনুসৰি দলটোৱে লাভ কৰিব ৩২ৰ পৰা ৩৭খন আসন।
একেদৰে পি মাৰ্কৰ সমীক্ষা মতে আপে লাভ কৰিব মাত্ৰ ১০ ৰ পৰা ১৯খন আসন। বিজেপিয়ে লাভ কৰিব ৫১ ৰ পৰা ৬০খন আসন। তাৰোপৰি জে ভি চিৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি আপে লাভ কৰিব ২২ ৰ পৰা ৩১খন আসন। বিজেপিয়ে লাভ কৰিব ৩৯ ৰ পৰা ৪৫খন আসন। আৰু কংগ্ৰেছে লাভ কৰিব ০-২খন আসন।
পিপল ইনচাইতৰ সমীক্ষা অনুসৰি আপে লাভ কৰিব পাৰে ২৫ ৰ পৰা ২৯খন আসন। বিজেপিয়ে পাব পাৰে ৪০ৰ পৰা ৪৪খন আসন। একেদৰে কংগ্ৰেছে লাভ কৰিব ০-২খন আসন। পিপল প্লাছেও কৰিছে সমীক্ষা। সংস্থাটোৰ মতে বিজেপিয়ে পাব ৫১-৬০খন আসন। আপে পাব ১০-১৯খন আসন।
চানক্য ষ্ট্ৰেটেজিছৰ সমীক্ষা অনুসৰি বিজেপিয়ে লাভ কৰিব ৩৯ ৰ পৰা ৪৪খন আসন। আৰু আপে লাভ কৰিব ২৫ ৰ পৰা ২৮খন আসন।