Advertisment

দিল্লীত সত্য হ'ব EXIT POLL: বিজেপিৰ বৃহৎ অগ্ৰগতি...

সত্য হ'ব নেকি এক্সিট পোল? দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা ইতিমধ্যে আৰম্ভ হৈছে। ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে দেখা গৈছে বহু কেইখন আসনত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি।

author-image
Asomiya Pratidin
New Update
দিল্লীত সত্য হ'ব EXIT POLL: বিজেপিৰ বৃহৎ অগ্ৰগতি...

ডিজিটেল ডেস্কঃ সত্য হ'ব নেকি এক্সিট পোল? দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা ইতিমধ্যে আৰম্ভ হৈছে। ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে দেখা গৈছে বহু কেইখন আসনত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি। প্ৰথম অৱস্থাত বিজেপিতকৈ শাসকীয় আপ বহু পিছ পৰি আছিল যদিও সময় বাগৰাৰ লগে লগে আপেও বিজেপিৰ প্ৰায় সমানে সমানে আগবাঢ়িবলৈ সক্ষম হৈছে। 

Advertisment

কিন্তু তাৰ মাজতে লক্ষ্যণীয় বিষয়টো হ'ল আপৰ তিনি মহাৰথী ক্ৰমে অৰবিন্দ কেজৰিৱাল, মনিষ চিছোদিয়া আৰু মুখ্যমন্ত্ৰী আতিশী নিজ নিজ সমষ্টিত পাছ পৰি আছে। অতি শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে মুঠ ৪৫ খন আসনত আগবাঢ়িবলৈ সক্ষম হৈছে। 

ইয়াৰ বিপৰীতে আপে ২৩ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে মাত্ৰ ২ খন আসনত লাভ কৰিছে অগ্ৰগতি।  উল্লেখ্য যে, ৭০ খন আসনৰ দিল্লী বিধানসভাত ক্ষমতা দখলৰ বাবে প্ৰয়োজন ৩৬ খন আসন। 

এক্সিট পোলৰ সমীক্ষা অনুসৰি দিল্লীত ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমতা দখল কৰিব। পিপুলছ পালছ এণ্ড প’ডেমৰ সমীক্ষা অনুসৰি এইবাৰ নিৰ্বাচনত দিল্লীত বিজেপিয়ে লাভ কৰিব ৫১ ৰ পৰা ৬০খন আসন। তাৰ বিপৰীতে আপে লাভ কৰিব ১০ৰ পৰা ১৯ খন আসন।

একেদৰে আন এটি সংস্থা মেট্ৰিজৰ মতে বিজেপিয়ে লাভ কৰিব ৩৫ৰ পৰা ৪০খন আসন। আপৰো জয়ৰ সম্ভাৱনা দেখা মেট্ৰিজৰ সমীক্ষা অনুসৰি দলটোৱে লাভ কৰিব ৩২ৰ পৰা ৩৭খন আসন।

একেদৰে পি মাৰ্কৰ সমীক্ষা মতে আপে লাভ কৰিব মাত্ৰ ১০ ৰ পৰা ১৯খন আসন। বিজেপিয়ে লাভ কৰিব ৫১ ৰ পৰা ৬০খন আসন। তাৰোপৰি জে ভি চিৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি আপে লাভ কৰিব ২২ ৰ পৰা ৩১খন আসন। বিজেপিয়ে লাভ কৰিব ৩৯ ৰ পৰা ৪৫খন আসন। আৰু কংগ্ৰেছে লাভ কৰিব ০-২খন আসন।

পিপল ইনচাইতৰ সমীক্ষা অনুসৰি আপে লাভ কৰিব পাৰে ২৫ ৰ পৰা ২৯খন আসন। বিজেপিয়ে পাব পাৰে ৪০ৰ পৰা ৪৪খন আসন। একেদৰে কংগ্ৰেছে লাভ কৰিব ০-২খন আসন। পিপল প্লাছেও কৰিছে সমীক্ষা। সংস্থাটোৰ মতে বিজেপিয়ে পাব ৫১-৬০খন আসন। আপে পাব ১০-১৯খন আসন।

চানক্য ষ্ট্ৰেটেজিছৰ সমীক্ষা অনুসৰি বিজেপিয়ে লাভ কৰিব ৩৯ ৰ পৰা ৪৪খন আসন। আৰু আপে লাভ কৰিব ২৫ ৰ পৰা ২৮খন আসন। 

 

দিল্লী দিল্লী বিধানসভা