দিল্লীত বিপৰ্যয়ৰ সন্মুখীন আপঃ কংগ্ৰেছে হাৰিয়ানাৰ প্ৰতিশোধ ল'লে দিল্লীত !

দিল্লী দখলৰ দিশে আগবাঢ়িছে বিজেপি। অৱশ্যে এতিয়াও স্পষ্টকৈ এই কথা ক’ব নোৱাৰি যদিও পুৱাৰে পৰা ভোটগণনাৰ ট্ৰেণ্ডে তেনে এক ইংগিতেই দিছে। তাৰ মাজতো আকৌ আপেও তীব্ৰ প্ৰতিদ্বন্দিতা কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
দিল্লীত বিপৰ্যয়ৰ সন্মুখীন আপঃ কংগ্ৰেছে হাৰিয়ানাৰ প্ৰতিশোধ ল'লে দিল্লীত !

ডিজিটেল ডেস্কঃ দিল্লী দখলৰ দিশে আগবাঢ়িছে বিজেপি। অৱশ্যে এতিয়াও স্পষ্টকৈ এই কথা ক’ব নোৱাৰি যদিও পুৱাৰে পৰা ভোটগণনাৰ ট্ৰেণ্ডে তেনে এক ইংগিতেই দিছে। তাৰ মাজতো আকৌ আপেও তীব্ৰ প্ৰতিদ্বন্দিতা কৰিছে। শেষ মুহূৰ্তত দৰাচলতে কোনে দিল্লী দখল কৰিব সেয়া এতিয়াও স্পষ্ট নহয়। কিয়নো বহু কেইটা সমষ্টিত ভোটৰ ব্যৱধান যথেষ্ট কম।

Advertisment

তথাপিও প্ৰাথমিক ট্ৰেণ্ড অনুসৰি বিজেপি দিল্লীত যিদৰে আগবাঢ়ি আছে, ২০২০ ৰ ফলাফলৰ তুলনাত আপে এইবাৰ যি বিপৰ্যয়ৰ সন্মুখীন হৈছে সেই বিপৰ্যয়ক লৈ চৰ্চা আৰম্ভ হৈছে। দিল্লীত আপৰ এই বিপৰ্যয়ৰ কাৰণ কি সেয়াও ব্যাখ্যা আৰম্ভ হৈছে।

বহুতৰ মতেই দিল্লীত আপৰ এই বিপৰ্যয়ৰ কাৰণ কংগ্ৰেছ। মন কৰিবলগীয়া যে, হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ স্থিতি ভাল আছিল যদিও আপে প্ৰাৰ্থী নিক্ষেপ কৰাৰ বাবেই কংগ্ৰেছ পৰাস্ত হৈছিল। সেই একেই গতি এইবাৰ দিল্লীত হৈছে আপৰ লগত।

দিল্লীত কংগ্ৰেছে সকলো সমষ্টিতে প্ৰাৰ্থী দিয়াত আপৰ বিজয়ৰ ৰথ থমকি ৰোৱাৰ সম্ভাৱনাই দেখা দিছে। যদিও এই পৰ্যন্ত কংগ্ৰেছে এখনো আসনত অগ্ৰগতি লাভ কৰিব পৰা নাই তথাপিও কংগ্ৰেছেই দিল্লীত নিৰ্বাচনী ফলাফলৰ প্ৰতিচ্ছবিখন সলনি কৰি তুলিছে।

হাৰিয়ানাত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্ৰচাৰ চলোৱা ১১ টাকৈ সমষ্টিতে আপ পিছ পৰি আছিল। কিন্তু ভোটো লাভ কৰিছে যথেষ্ট। নিৰ্বাচনী ফলাফলত দেখা গৈছিল বিজেপিয়ে ৪৮ খন আৰু কংগ্ৰেছে ৩৭ খন আসন লাভ কৰে। কংগ্ৰেছৰ এনে পৰাজয়ৰ মূলতে আছিল আপৰ প্ৰতিদ্বন্দিতা।

হাৰিয়ানাৰ দৰেই এতিয়া দিল্লীত একেই অৱস্থা দেখিবলৈ পোৱা গৈছে। কেৱল সলনি হৈছে দল দুটাৰ স্থিতি। মন কৰিবলগীয়া যে, দিল্লীৰ মুছলমান অধ্যুষিত চান্দনী চক সমষ্টিত মূল প্ৰতিদ্বন্দিতা হৈছে আপৰ বিধায়ক ইমৰান হুছেইন আৰু বিজেপিৰ কমল বাগৰীৰ মাজত।

কিন্তু দীৰ্ঘদিন ধৰি বিধায়ক হৈ থকা কংগ্ৰেছৰ হাৰুণ ইউছুফে এই সমষ্টিৰ আপৰ অংকত লগালে খেলিমেলি। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ’ব নোৱাৰাটো নিশ্চিত। কিন্তু তেওঁৰ প্ৰতিদ্বন্দিতাৰ বাবেই আপৰ প্ৰাৰ্থীগৰাকীও এতিয়া পিছ পৰি আছে। আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী। একেদৰে এ আই এম আই এমেও কিছু সমষ্টিত আপৰ ভোট বিভাজন কৰিছে।

নিৰ্বাচনৰ পূৰ্বে আশা কৰা হৈছিল দিল্লীত কংগ্ৰেছ আৰু আপৰ মাজত মিত্ৰতা হ’ব। কিন্তু সেই মিত্ৰতা নহ’ল। আপে অকলেই প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লয়। কেজৰিৱালৰ এই সিদ্ধান্তই এতিয়া দলটোলৈ বিপদ মাতি আনিছে।

বিজেপিয়ে অগ্ৰগতি লাভ কৰা ৪২ টা সমষ্টিৰ প্ৰায়বোৰ সমষ্টিতে তৃতীয় স্থানত আছে কংগ্ৰেছৰ প্ৰাৰ্থী। আপ আৰু বিজেপি প্ৰাৰ্থীৰ মাজৰ ভোট ব্যৱধানলৈ মন কৰিলে স্পষ্ট হয় কংগ্ৰেছৰ এই প্ৰাৰ্থীসকলে লভা কৰা ভোটৰ বাবেই পিছ পৰি আছে আপ। 

কংগ্ৰেছ দিল্লী অৰবিন্দ কেজৰিৱাল আপ