কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? সাজু কেজৰিৱাল, বিজেপিৰ কেইবাজনো দাবীদাৰ...

আজি ঘোষণা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। শাসকীয় আম আদমি পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ আশাত বন্দী হোৱাৰ বিপৰীতে বিজেপিয়েও দিল্লীৰ ক্ষমতা দখলৰ সপোন দেখিছে।

author-image
Asomiya Pratidin
New Update
কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? সাজু কেজৰিৱাল, বিজেপিৰ কেইবাজনো দাবীদাৰ...

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। শাসকীয় আম আদমি পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ আশাত বন্দী হোৱাৰ বিপৰীতে বিজেপিয়েও দিল্লীৰ ক্ষমতা দখলৰ সপোন দেখিছে। এক্সিত পোলেও দিল্লীত এইবাৰ গেৰুৱা দলৰে চৰকাৰ হোৱাৰ ইংগিত দিছে।

Advertisment

উল্লেখ্য যে, যোৱা ৫ ফেব্ৰুৱাৰীত দিল্লীৰ ৭০ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ইয়াৰ পিছতে আম আদমি পাৰ্টিয়ে দিল্লীত পুনৰ এবাৰ চৰকাৰ গঢ়াৰ দাবী কৰিছে।

সমান্তৰালকৈ এক্সিত পোলৰ ফলাফলে গেৰুলা দলকো চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত মানসিকভাৱে সাজু কৰি তুলিছে। অৰবিন্দ কেজৰিৱালে ৰাজহুৱাকৈ অভিযোগ কৰিছে বিজেপিয়ে আপৰ বিধায়ক ক্ৰয় কৰাৰ চেষ্টত লিপ্ত হৈছে। অপাৰেচন লটাছক লৈ চিন্তিত হৈ পৰিছে দলটো।

ইয়াৰ বিপৰীতে কংগ্ৰেছ শিবিৰৰ মাজত দেখিবলৈ পোৱা নাই কোনো উৎসুকতা। ডেৰ দশক ধৰি দিল্লী নিজৰ দখলত ৰখা কংগ্ৰেছ দিল্লীত শূন্য হৈ আছে। অৱশ্যে এইবাৰ কংগ্ৰেছে দিল্লীত তেওঁলোকৰ শূন্যতাক দূৰ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে এক্সিট পোলে। 

ইফালে দিল্লীত বিজেপিয় চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈয়ো চৰ্চা আৰম্ভ হৈছে। চৰ্চা অনুসৰি বিজেপি ক্ষমতালৈ আহিল দিল্লীত বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আছে প্ৰৱেশ শৰ্মা, কপিল মিশ্ৰ, ৰবিন্দ্ৰ সিঙ নেগী, সতীশ উপ্যাধায়, আৰু ৰমেশ বিদূৰী।  

ইয়াৰ ভিতৰত চৰ্চাৰ শীৰ্ষত আছে প্ৰৱেশ শৰ্মা। নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিপক্ষে নিৰ্বাচনত অৱতীৰ্ণ হৈছে প্ৰৱেশ শৰ্মা। একেটা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী সন্দীপ দীক্ষিতেও প্ৰাৰ্থিত্ব আগবঢ়াইছে।

সেইদৰে মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ কপিল মিশ্ৰ এগৰাকী কট্টৰ হিন্দুত্ববাদী নেতা। ২০১৯ চনত বিজেপিত যোগদানৰ পূৰ্বে তেওঁ আছিল আম আদমি পাৰ্টিৰ বিধায়ক।

মুখ্যমন্ত্ৰীত্বৰ চৰ্চাত থকা ৰবীন্দ্ৰ সিং নেগীও এগৰাকী শক্তিশালী বিজেপি নেতা। ৰবীন্দ্ৰ নেগী ২০২০ চনত মনীষ ছিছ’দিয়াৰ হাতত পৰাস্ত হৈছিল। অৱশ্যে এইবাৰ তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ ৰূপত দেখিবলৈ পোৱা গৈছে।

আন এগৰাকী চৰ্চিত প্ৰাৰ্থী সতীশ উপ্যাধায় দীৰ্ঘদিনৰে পৰা আৰ এছ এছ  আৰু অখিল ভাৰতীয় বিদ্যা পৰিষদৰ লগত জড়িত। সেইদৰে ৰমেশ বিদূৰীও আছে চৰ্চাত।

বিজেপিৰ এনে চৰ্চাৰ বিপৰীতে আপৰ ক্ষেত্ৰত আকৌ দলটো পুনৰ ক্ষমতালৈ আহিলে অৰবিন্দ কেজৰিৱালেই মুখ্যমন্ত্ৰী হোৱাতো নিশ্চিত। বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী আৰু পূৰ্বৰ উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়া দুয়োগৰাকী উপ-মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ বাবে তেওঁলোক নিৰ্বাচনত জয়ী হ’ব লাগিব। 

দিল্লী বিধানসভা নিৰ্বাচন