মুকলি আকাশৰ তললৈ আহিল প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন...

ধন আত্মসাতৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা জৈনক আদালতে আৰোপ কৰিলে কেইবাটাও নিষেধাজ্ঞা...

author-image
Asomiya Pratidin
New Update
মুকলি আকাশৰ তললৈ আহিল প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন...

ডিজিটেল ডেস্কঃ বৃহৎ সকাহ পালে আম আদমী পাৰ্টীয়ে। শুকুৰবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক ধন আত্মসাতৰ গোচৰত জামিন প্ৰদান কৰে। আদালতে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰি জামিন প্ৰদান কৰে আম আদমী পাৰ্টীৰ নেতাগৰাকীক।

Advertisment

উল্লেখ্য যে সত্যেন্দ্ৰ জৈনক ই ডিয়ে ২০২২ চনৰ ৩০মে'ত তেওঁৰ সৈতে সম্পৰ্কিত ৪টা কোম্পানীৰ জৰিয়তে ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ২০২৩ চনৰ ২৬ মে’ত চিকিৎসাজনিত কাৰণত সত্যেন্দ্ৰ জৈনক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে।

কিন্তু ২০২৪ চনৰ ১৮ মাৰ্চত উচ্চতম ন্যায়ালয়ে জৈনৰ জামিন আবেদন নাকচ কৰিছিল। তাৰ পাছতে পুনৰ তিহাৰ জেললৈ যাবলগীয়া হৈছিল জৈন। উল্লেখ কৰা প্ৰয়োজন, ৫০,০০০ টকাৰ জামিন বণ্ড আৰু দুই জামিনদাৰৰ ওপৰত তেওঁক জামিন প্ৰদান কৰে ন্যায়াধীশে।

Also Read: চাইবাৰ জালিয়াতিৰ পৰা সুৰক্ষিত থাকিবলৈ ভাৰত চৰকাৰৰ সৈতে মেটাৰ অভিযান...

aap satyendra jain