আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ৰেখা গুপ্তাই...

আজি শপতগ্ৰহণ কৰিব দিল্লীৰ নৱ নিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে। সদ্য সমাপ্ত দিল্লী বিধানসভা নিৰ্বাচনত ২৬ বছৰৰ মূৰত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ৰেখা গুপ্তাই...

ডিজিটে ডেস্কঃআজি শপতগ্ৰহণ কৰিব দিল্লীৰ নৱ নিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে। সদ্য সমাপ্ত দিল্লী বিধানসভা নিৰ্বাচনত ২৬ বছৰৰ মূৰত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। যোৱা ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছত দলটোৱে ১৯ ফেব্ৰুৱাৰীত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে ৰেখা গুপ্তাক। তাৰোপৰি পৰবেছ ভাৰ্মাক দিয়া হৈছে উপ-মুখ্যমন্ত্ৰীৰ পদ।

আজি ৰাজধানী দিল্লীৰ ৰামলীলা ময়দানত দিল্লীৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি আন কেইবাজনো মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব। ইয়াৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিৰ শাসনত থকা ৰাজ্যসমূহৰ ভিতৰত একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হব ৰেখা গুপ্তা। তেওঁ সদ্য সমাপ্ত নিৰ্বাচনত শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা দিল্লীৰ নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে পৰবেছ ভাৰ্মাই নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি অভিলেখ গঢ়িছিল।

উল্লেখ্য যে, গেৰুৱা দলটোৱে ৭০ জনীয়া দিল্লী বিধানসভাত ৪৮খন আসন লাভ কৰি আম আদমিক ক্ষমতাৰ পৰা আঁতৰাইছিল। এটা দশকৰো অধিক কাল দিল্লী বিধানসভা দখল কৰি থকা আপে এইবাৰ নিৰ্বাচনত মাত্ৰ ২২খন আসনহে লাভ কৰে।

দিল্লীত বিজেপিৰ এনে শক্তিশালী প্ৰত্যাৱৰ্তনৰ পাছত আজি অনুষ্ঠিত হবলগীয়া শপতগ্ৰহণ অনুষ্ঠানো চকুত লগা হব। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ উপৰিও সকলো কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। তাৰোপৰি বলিউডকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো চেলিব্ৰেটি, কেইবাজনো দেশৰ শীৰ্ষ উদ্যোগপতিয়ে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ইতিমধ্যে ৰামলীলা ময়দানত আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। পুৱা ১০ বজাত অনুষ্ঠিত হবলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে দিল্লীক একত্ৰিত হৈছে বিজেপি শীৰ্ষ নেতৃত্ব।

দিল্লী বিজেপি