![শালীনতাৰ সীমা চেৰালে বিজেপি নেতা ৰমেশ বিধুৰীয়েঃ এইবাৰ লক্ষ্য হ'ল আতিশী](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/06/hgHiIR3pxPNBfWb6f3z0.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অতিশীৰ চকুত চকুপানী। সততে সংবাদ মেল সম্বোধন কৰিবলৈ আহি প্ৰতিপক্ষক যুক্তি আৰু বলিষ্ঠ ভাষাৰে প্ৰত্যুত্তৰ দিয়া আতিশীয়ে আজি সংবাদ মেল সম্বোধন কৰিবলৈ আহি আৱেগিক হৈ পৰে।
সংবাদ মেলতে উচুপি উঠা আতিশীৰ এই চকু পানীয়েই আগন্তুক নিৰ্বাচনত বিজেপিৰ বাবে বিপদ কঢ়িয়াই আনিব বুলি দাবী কৰিছে আপৰ নেতৃত্বই। দৰাচলতে দিল্লীৰ কালকাজি বিধানসভাৰ আসনৰ বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ ৰমেশ বিধুৰীৰ এটা মন্তব্য।
অভিযোগ অনুসৰি বিধুৰীয়ে আতিশীৰ বৃদ্ধ পিতৃ-মাতৃক অপমান কৰি তেওঁলোকৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিছে। বিতৰ্কিত বিজেপি নেতা বিধুৰীৰ বিৰুদ্ধে পুনৰ এনে অভিযোগ উত্থাপনৰ পাছতে দেশজুৰি বিতৰ্কৰ সূচনা হৈছে।
আজি সংবাদ মেল সম্বোধন কৰিবলৈ আহি আতিশীয়ে কয়, ''আমাৰ ৰাজনীতি ইমান তললৈ নামি গ’ল নে? ৰমেশ বিধুৰী দহ বছৰ সাংসদ হৈ থকাৰ সময়ত কালকাজিৰ বাবে কি কাম কৰিছিল সেয়াহে কোৱা উচিত। কামৰ ভিত্তিত ভোট বিচৰা উচিত। মোৰ দেউতাক গালি পৰা উচিত নহয়।''
ইফালে আপৰ অন্যান্য শীৰ্ষ নেতাসকলে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ''দিল্লীৰ মহিলা মুখ্যমন্ত্ৰী আতিশীৰ অশ্ৰু বিজেপিৰ বাবে কাল হৈ উঠিব। ৰমেশ বিধুৰীয়ে দিল্লীৰ মানুহক অপমান কৰিছে। তেওঁ আতিশী আৰু তেওঁৰ বৃদ্ধ দেউতাকক গালি দি ভোট বিচাৰিছে। তেওঁৰ এই কাৰ্যই বিজেপিৰ মানসিকতাকে প্ৰকাশ কৰিছে।''
ৰমেশ বিধুৰীয়ে কৰা মন্তব্যক লৈ বিজেপিৰ শীৰ্ষ মহলো যথেষ্ট চাপত পৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীক লৈয়ো বিতৰ্কিত মন্তব্য কৰিছে বিধুৰীয়ে।
এক জনসভাত বিধুৰীয়ে কৈছিল, ''আতিশী পূৰ্বে মাৰ্লেনা আছিল, এতিয়া সিং হৈ গৈছে। নিজেই দেউতাকক সলনি কৰি পেলাইছে, এয়াই তেওঁৰ চৰিত্ৰ। উল্লেখ্য যে, আতিশীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ সময়ত মাৰ্লেনা উপাধি ত্যাগ কৰিছিল।''
আনহাতে বিতৰ্কতি ৰমেশ বিধুৰীয়ে ইয়াৰ পূৰ্বে প্ৰিয়ংকা গান্ধীক লৈয়ো বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ কৈছিল, ''লালু যাদৱে কৈছিল বিহাৰৰ পথসমূহ হেমা মালিনীৰ গালৰ দৰে মসৃণ কৰিব। কিন্তু তেনেকুৱা কৰিব নোৱাৰিলে। আমি প্ৰতিশ্ৰুতি দিছো ওখলা আৰু সঙ্গন বিহাৰত পথ নিৰ্মাণ কৰাৰ দৰে মই প্ৰিয়ংকা গান্ধীৰ গালৰ দৰে কালকাজীৰ পথবোৰ মসৃণ কৰিম।''
মন কৰিবলগীয়া যে, এইগৰাকী ৰমেশ বিধুৰীয়ে সংসদৰ ভিতৰতো অশালীন মন্তব্য কৰি বিতৰ্কৰ সূচনা কৰিছিল। এক বিতৰ্কত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ সমাজবাদী পাৰ্টীৰ সাংসদ দানিশ আলীক উদ্দেশ্যি 'ঐ মোল্লা সন্ত্ৰাসবাদী’, 'ঐ ভড়ৱা’, 'ঐ সন্ত্ৰাসবাদী’ আদি অসংসদীয় শব্দ প্ৰয়োগ কৰি চিঞঁৰ-বাখৰ কৰিছিল।
ইফালে আজিৰ সংবাদ মেলত আতিশীয়ে নতুন দিল্লীৰ নিৰ্বাচনী এলেকাত ভোটাৰ তালিকাৰ খেলিমেলিৰো অভিযোগ কৰে। তেওঁ দাবী কৰিছে, ''যোৱা কিছু দিনত এই অঞ্চলত ১০ শতাংশ নতুন ভোটাৰৰ নাম যোগ কৰা হৈছে আৰু ৫.৫ শতাংশ পুৰণি ভোটাৰৰ নাম বাদ দিয়া হৈছে।''
আতিশীয়ে আৰু কয়, ''নিৰ্বাচন আয়োগে এই বিষয়ে কোনো তদন্ত কৰা নাই। যিয়ে আয়োগৰ ভূমিকাক সন্দেহজনক কৰি তুলিছে। আমি নিৰ্বাচন আয়োগৰ মুৰব্বীলৈ এখন পত্ৰ প্ৰেৰণ কৰি আমাৰ উদ্বেগৰ কথা জনাইছো। এই বিষয়টো সমাধানৰো দাবী উত্থাপন কৰিছো।''
नई दिल्ली विधानसभा में बड़े पैमाने पर वोटों का घोटाला हो रहा है। यहाँ हजारों वोटों को काटने और जोड़ने की साजिश हो रही है।
— Atishi (@AtishiAAP) January 6, 2025
नई दिल्ली विधानसभा, जहां लगभग 1 लाख मतदाता हैं, में वोटर लिस्ट की समरी रिवीजन प्रक्रिया के बाद 15 दिसंबर से 2 जनवरी के बीच 10,500 नए वोट जोड़ने और 6,167 वोट… https://t.co/UHpxMSr6HO