তিহাৰ কাৰাগাৰত অসুস্থ কেজৰিৱালঃ হ্ৰাস পালে চাৰি কেজিৰো অধিক ওজন...

কাৰাগাৰ কৰ্তৃপক্ষই ক'লে ঠিকেই আছে তেওঁ

author-image
Asomiya Pratidin
New Update
তিহাৰ কাৰাগাৰত অসুস্থ কেজৰিৱালঃ হ্ৰাস পালে চাৰি কেজিৰো অধিক ওজন...

তিহাৰ কাৰাগাৰত অসুস্থ কেজৰিৱালঃ হ্ৰাস পালে চাৰি কেজিৰো অধিক ওজন...

ডিজিটেল ডেস্কঃ সুৰা কেলেংকাৰী গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। কাৰাগাৰত থকা কেজৰিৱালৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে বুলি দাবী কৰিছে আম আদমি পাৰ্টিয়ে। দলটোৱে প্ৰকাশ কৰা মতে কেজৰিৱালে এই কেইটান দিনতে ৪ কেজি ওজন হ্ৰাস পাইছে।

Advertisment

উল্লেখ্য যে, ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। তাৰ পাছৰ পৰাই তেওঁৰ শাৰীৰক অৱস্থা দুৰ্বল হৈ পৰিছে। এই কেইটা দিনতে তেওঁৰ শৰীৰ চাৰি কেজিতকৈ অধিক ওজন হ্ৰাস পালে।

অৱশ্যে তিহাৰ জে'ল কৰ্তৃপক্ষই দাবী কৰিছে সুস্থ হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। কাৰাগাৰৰ চিকিৎসকেও কেজৰিৱালৰ স্বাস্থ্যক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি দাবী কৰিছে।

আপৰ দাবী কেজৰিৱালৰ তেজৰ শৰ্কৰাৰ মাত্ৰা উঠা, নমা কৰিছে। ইয়োৰোপৰি তেওঁৰ আছে ডায়বেটিকৰ অসুবিধা। জানিব পৰা মতে কেজৰিৱালে কাৰাগাৰৰ পৰিৱৰ্তে ঘৰৰ পৰা পঠিওৱা খাদ্যহে গ্ৰহণ কৰিছে। তেওঁৰ শৰীৰ অৱস্থা পৰ্যবেক্ষণত আছে চিকিৎসকৰ।

তিহাৰ কাৰাগাৰৰ ২ নম্বৰ চেলত ৰখা হৈছে তেওঁক। এই চেলৰ কাষতে আছে কুইক ৰেচপন্স টিম। যিকোনো পৰিস্থিতিত এই দলে তাৎক্ষণিকভাৱে তেওঁ চিকিৎসা প্ৰদান কৰিব পাৰিব।

উল্লেখ্য যে, ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱা কেজৰিৱাল দেওবাৰ পৰ্যন্ত আছিল ইডিৰ জিম্মাত। ইয়াৰ পিছত সোমবাৰে তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। কাৰাগাৰৰ চেলত কেজৰিৱালৰ বাবে এটা টিভিৰ লগতে অধ্যয়নৰ বাবে এটা লাইব্ৰেৰীৰো ব্যৱস্থা কৰা হৈছে।

Also Read: APSC কেলেংকাৰীঃ ৰাজপত্ৰিত বিষয়া মৃদুল হাজৰিকা হাজিৰ CID ৰ কাৰ্যালয়ত...

অৰবিন্দ কেজৰিৱাল তিহাৰ কাৰাগাৰ